মণিপুৰৰ বিজেপি বিধায়ক ভুংজাগিন ভল্টেৰ মৃত্যু ঘটিছে। দুবছৰ পূৰ্বে মণিপুৰত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ সময়ত তেওঁ আহত হৈছিল। তেতিয়াৰ পৰাই মণিপুৰৰ এইগৰাকী বিজেপি বিধায়ক চিকিৎসাধীন হৈ আছিল।
তেওঁক চিকিৎসাৰ বাবে হাৰিয়ানাৰ গুৰুগ্ৰামৰ এখন চিকিৎসালয়লৈ অনা হয়। শুকুৰবাৰে চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়।
২০২৩ চনৰ মে’ মাহত মণিপুৰত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। সেই সময়ত তেওঁ ইম্ফলত আক্ৰান্ত হৈছিল।
চুৰাচান্দপুৰ জিলাৰ থানলন সমষ্টিৰ পৰা তিনিবাৰৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ভুংজাগিন ভল্টে (৬১)। তেওঁ ৰাজ্যখনৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। হিংসাৰ দ্বিতীয় দিনা মণিপুৰৰ তদানীন্তন মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সৈতে হোৱা বৈঠকৰ পৰা উভতি অহাৰ পথত ইম্ফলত তেওঁক আক্ৰমণ কৰা হয়।
তেওঁক মেইটেই সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰাৰ অভিযোগ উঠে। ইয়াৰ পিছত প্ৰায় দুবছৰ ধৰি দিল্লীত চিকিৎসাধীন হৈ আছিল জোমি জনগোষ্ঠীৰ এইজন বিজেপি বিধায়ক।
যোৱা বছৰৰ এপ্ৰিল মাহত তেওঁ নিজৰ গৃহ ৰাজ্যলৈ উভতি আহিছিল। অৱশ্যে আক্ৰমণৰ পিছত তেওঁ সঠিকভাৱে কথা ক’ব পৰা নাছিল। তেওঁ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁ হুইল চেয়াৰ ব্যৱহাৰ কৰিবলগীয়া হৈছিল।
জানিব পৰা মতে ভুংজাগিন ভল্টে শেহতীয়াকৈ পুনৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। বিশেষ বিমানেৰে তেওঁক দিল্লীলৈ অনা হৈছিল।
তেওঁৰ মৃত্যুৰ খবৰ প্ৰকাশ পোৱাৰ লগে লগে মণিপুৰত শোকৰ ছাঁ পৰে। মণিপুৰৰ বিজেপিৰ বিধায়ক ৰাজকুমাৰ ইমো সিং, মণিপুৰৰ কংগ্ৰেছ নেতা কে মেঘচন্দ্ৰ সিঙকে ধৰি অন্যান্য নেতাই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।





