উত্তপ্ত মণিপুৰ! হিংসাত জড়িতৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ দাবীত গুৱাহাটীতো মণিপুৰী ৰাইজৰ প্ৰতিবাদ

মণিপুৰৰ হিংসাৰ বিৰুদ্ধে গুৱাহাটীত মণিপুৰী ৰাইজৰ প্ৰতিবাদ।

অসমত বাস কৰা ছাত্ৰ-ছাত্ৰীকে ধৰি মণিপুৰী ৰাইজে শুকুৰবাৰে গুৱাহাটীত এক বিক্ষোভ প্ৰদৰ্শন কৰি নিজৰ ৰাজ্যত হিংসাত্মক ঘটনাত জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। গুৱাহাটীৰ মণিপুৰী বস্তি অঞ্চলত প্ৰধানকৈ মেইটেই সম্প্ৰদায়ৰ শতাধিক লোকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

মণিপুৰ সমন্বয় সমিতি, গুৱাহাটীৰ বেনাৰত প্ৰতিবাদকাৰীসকলে ‘মণিপুৰত শান্তি আমাৰ অস্তিত্বৰ বিনিময়ত হ’ব নালাগে’, ‘ন’ এছ টি ন’ ৰেষ্ট’, ‘নো কম্প্ৰমাইজ অন এছ টি ষ্টেটাছ ফৰ মেইটিছ, এয়া আমাৰ অস্তিত্বৰ বাবে’ আদি বাৰ্তা থকা প্লেকাৰ্ড প্ৰদৰ্শন কৰে।

লগতে পঢ়ক: মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্ত আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে নাবালিকা কন্যাক ‘নিৰ্যাতনৰ’ অভিযোগ

তেওঁলোকে ‘শৰণাৰ্থী, উভতি যাওক’ শ্লোগান উত্থাপন কৰি মণিপুৰৰ সংঘৰ্ষৰ আঁৰৰ দোষীক চিনাক্ত কৰি তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়।

এক বিবৃতিত মণিপুৰৰ কেইবাটাও নাগৰিক সমাজৰ সন্মিলিত সংগঠনৰ সমন্বয় সমিতিখনে চুবুৰীয়া ৰাজ্যখনত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনায়।

তেওঁলোকে বুধবাৰৰ পৰা মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাত ১০০০ৰো অধিক ঘৰ জ্বলি যোৱাৰ লগতে বহু লোকৰ মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰে।

লগতে পঢ়ক: অগ্নিগৰ্ভ দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ; হঠাতে কিয় জ্বলি উঠিল শান্ত হৈ থকা ৰাজ্যখন?

সমিতিয়ে “জাতিগত সংহাৰৰ বৰ্বৰ কাণ্ড” আৰু সাম্প্ৰদায়িক সংঘৰ্ষক গৰিহণা দিয়ে। মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেইসকলৰ বেছিভাগেই ইম্ফল উপত্যকাত বাস কৰে, আনহাতে নগা আৰু কুকিকে ধৰি জনজাতীয় লোকসকল ৪০ শতাংশ আৰু বেছিভাগেই পাহাৰীয়া জিলাত বাস কৰে।

স্বাধীনতাৰ পিছৰে পৰা দশক দশক ধৰি পাহাৰৰ বাসিন্দাসকলে উপভোগ কৰি অহা অনুসূচিত জনজাতি (এছ টি) মৰ্যাদা মেইটেইক প্ৰদানৰ বিৰুদ্ধে জনজাতীয় সংগঠনে কৰা বিক্ষোভৰ পিছতে এই সংঘৰ্ষৰ সৃষ্টি হয়।

মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ টৰবুং অঞ্চলত বুধবাৰে সদৌ জনজাতি ছাত্ৰ সন্থা মণিপুৰৰ উদ্যোগত আয়োজিত ‘জনজাতি সংহতি সমদল’ৰ সময়তে মেইটেইসকলে এছ টি মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক: চাণক্য নীতি: যি গুণৰ বাবে পুৰুষৰ প্ৰেমত পৰে মহিলা

আৰক্ষীয়ে জনোৱা মতে, টৰবুঙত শোভাযাত্ৰাৰ সময়ত মেইটেই সম্প্ৰদায়ৰ লোকসকলক আক্ৰমণ কৰাৰ পিছতে উপত্যকাৰ জিলাসমূহত প্ৰতিশোধমূলক প্ৰতিক্ৰিয়াৰ অভিযোগ উত্থাপন হৈছে।

মণিপুৰৰ ইম্ফল উপত্যকা শান্তিপূৰ্ণ আছিল যদিও শুকুৰবাৰে উত্তেজনাপূৰ্ণ হৈ পৰে।