• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘আমি দাগী-অপৰাধীকো টিকট দিছো’ বিজেপিয়ে কৰিলে স্বীকাৰ

ধোঁৱাচাঙত সৰ্বানন্দৰ অপৰাধমুক্ত-দুৰ্নীতিমুক্ত অসমৰ শ্ল’গান! বিভিন্ন অপৰাধত অভিযুক্তই হ’ল বিধায়ক প্ৰাৰ্থী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 9, 2021 6:09 pm
BJP r 8 Aparadhi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসাৰ প্ৰতিপন্ন হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অপৰাধমুক্ত তথা দুৰ্নীতিমুক্ত অসমৰ শ্লোগান। কিয়নো বিজেপিয়ে নিজে নিৰ্বাচনত থিয় কৰাইছে দাগী-অপৰাধী প্ৰাৰ্থীৰ তালিকা।

দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ৰাজ্যিক বিজেপিয়ে তেওঁলোকৰ বিভিন্ন অপৰাধত অভিযুক্ত প্ৰাৰ্থীৰ তালিকা ছ’চিয়েল মিডিয়াত ৰাজহুৱা কৰিলে তথা তেওঁলোকে স্বীকাৰ কৰিলে যে তেওঁলোকে দাগী-অপৰাধীকো টিকট প্ৰদান কৰিলে ।

Apply Now

ৰাজ্যিক বিজেপিয়ে মুঠ ৮ গৰাকী প্ৰাৰ্থীৰ অপৰাধৰ গোচৰৰ তালিকা সবিস্তাৰে প্ৰকাশ কৰে।

তেওঁলোকে প্ৰকাশ কৰা তালিকাত উল্লেখ কৰা অনুসৰি সেইকেইগৰাকী ক্ৰমে বঢ়মপুৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা জিতু গোস্বামী, শিলচৰৰ প্ৰতিদ্বন্দ্বিতা কৰা দ্বীপায়ন চক্ৰৱৰ্তী, থাওৰা সমষ্টিৰ কুশল দুৱৰী, মৰিগাওঁৰ ৰমাকান্ত দেউৰী, মাজবাটৰ প্ৰাৰ্থী জিতু কিষাণ, কমলপুৰৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতা, কলাইগাওঁৰ মাধৱ ডেকা আৰু লখিমপুৰৰ বিজেপি প্ৰাৰ্থী মানৱ ডেকাৰ বিৰুদ্ধে আছে কেইবাটাও গোচৰ।

বঢ়মপুৰৰ বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰ বিৰুদ্ধে আছে, দুৰ্নীতি-জালিয়াতিৰ তিনিটাকৈ গোচৰ। জানিব পৰা মতে গোস্বামীৰ বিৰুদ্ধে অসম, পশ্চিমবংগ আৰু চিবিআই আদালত, গুৱাহাটীত এই গোচৰ চলি আছে। জিতু গোস্বামীৰ বিৰুদ্ধে অসমত বিশেষ ন্যায়াধীশৰ আদালত, কলকাতাৰ চি বি আই আদালত আৰু গুৱাহাটীৰ চি বি আইৰ আদালতত গোচৰ ৰুজু হৈ আছে।  গোচৰ নম্বৰ ক্ৰমে- Spl Court case (PMLA)9/18, RC BSK/2012/E/002 আৰু BSK/2012/E/006।

অবৈধ সুৰা বটলিং প্লান্ট চলাই থকাৰ গুৰুতৰ অভিযোগ আছে এইজন বিজেপি নেতা জিতু গোস্বামীৰ বিৰুদ্ধে।

২০১৯চনৰ ছেপ্টেম্বৰ মাহত আবকাৰী বিভাগে অসম-মেঘালয় সীমান্তত এটা অবৈধ সুৰা বটলিং প্লাণ্ট উচ্ছেদ কৰিছিল। এই প্লান্টটো অসম বিজেপিৰ দুজন শীৰ্ষ নেতাই চলাই থকাৰ তথ্য পোহৰলৈ আহিছিল। দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ শ্ল’গান দিয়া বিজেপিক লজ্জানত কৰা এই নেতা দুজনৰ এজন আছিল জিতু গোস্বামী।

২০১৯ চনৰ ১২ ছেপ্টেম্বৰত আবকাৰী বিভাগে অসম-মেঘালয় সীমান্তৰ বাৰ মাইলত এই অবৈধ সুৰা বটলিং প্লাণ্টটো উচ্ছেদ কৰিছিল। এই উচ্ছেদ অভিযানত বহু পৰিমাণৰ সুৰা, সুৰাৰ বহুতো খালী বটল আৰু বটলত লগোৱা ব্ৰেণ্ড লেবেল, বটল ৱাশ্বিং মেচিন আদি সামগ্ৰী বৃহৎ পৰিমাণত জব্দ হৈছিল।

কিন্তু বিজেপিয়ে গোস্বামীৰ হৈ স্পষ্টীকৰণ দিছে এইদৰে গোস্বামী নগাওঁ জিলাৰ জনসাধাৰণৰ মাজত বহুদিন ধৰি সমাজসেৱা কৰি আহিছে আৰু সমষ্টিটোৰ জনসাধাৰণৰ মাজত তেওঁৰ এক বুজা-পৰা আছে।

আনহাতে, শিলচৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লগা দ্বীপায়ন চক্ৰৱৰ্তীৰ বিৰুদ্ধেও আছে গোচৰ। তেওঁৰ বিৰুদ্ধে অসম বাণিজ্য নিবন্ধৰ (লাইসেন্সিঙ আৰু নিয়ন্ত্ৰণ) সম্পৰ্কীয় গোচৰ বৰ্তমানো আদালতত আছে।

কিন্তু বিজেপিয়ে তেওঁৰ হৈ স্পষ্টীকৰণ দি লিখিছে এইদৰে ‘তেওঁ কেইবাবছৰো ধৰি সমষ্টিটোত জনকল্যাণমূলক কাম কৰি আহিছে। সমষ্টিটোৰ ভোটাৰসকলৰ সৈতেও তেওঁৰ সু-সম্পৰ্ক আছে।‘

ইয়াৰোপৰি থাওৰা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীৰ বিৰুদ্ধে দুটাকৈ গোচৰ চলি আছে। তেওঁৰ বিৰুদ্ধে শাৰীৰিক প্ৰহাৰ সম্পৰ্কীয় গোচৰ বৰ্তমানো চলি আছে।

তথাপি বিজেপিৰ তেওঁক লৈ স্পষ্টীকৰণ ‘দুবাৰকৈ থাওৰা সমষ্টিৰ পৰা তেওঁ জনসাধাৰণৰ পৰা বিপুল সঁহাৰি লাভ কৰি দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। তেওঁ বহুবছৰ সমাজসেৱামূলক কাম কৰি আহিছে।‘

ইপিনে, মৰিগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে তিনিটাকৈ গোচৰ আছে।  IPC 34/147/148/325/435/447/506 ৰ অধীনত গোচৰ চলি আছে। বিজেপিয়ে দেউৰীকো সমাজসেৱা মূলক কাম কাজত জৰিত থকা বুলি স্পষ্টীকৰণ দিছে।

ইয়াৰোপৰি, মাজবাটৰ বিজেপি প্ৰাৰ্থী জিতু কৃষাণৰ বিৰুদ্ধে আছে দুটাকৈ গোচৰ। আনহাতে, কমলপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ বিৰুদ্ধে ভঙাগড় থানাত ভাৰতীয় দণ্ড বিধিৰ ৩০৭, ৩২৬, ১৪৭ আৰু ৩৫৩ নম্বৰত এক গোচৰ ৰুজু হৈ আছে। গোচৰটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে যদিও তেওঁ বৰ্তমানলৈকে দোষমুক্ত হোৱা নাই।

তদুপৰি, বিজেপিৰ কলাইগাওঁ সমষ্টিৰ প্ৰাৰ্থী মধুৰাম ডেকাৰ বিৰুদ্ধে হাজো থানা আৰু গুৱাহাটীৰ ভঙাগড় থানাত ভাৰতীয় দণ্ডবিধিৰ 302, 326, 447, 385, 392 আৰু 341 দুটাকৈ গোচৰ ৰুজু হৈ আছে। আনহাতে, লখিমপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী মানৱ ডেকাৰ বিৰুদ্ধে অস্ত্ৰ আইনৰ লগতে ভাৰতীয় দণ্ডবিধিৰ 341, 498A, 307 নম্বৰত এক গোচৰ ৰুজু হৈছিল।

অৱশ্যে, ২০১৭ চনত ইয়াৰ এটা গোচৰত কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে নিস্পত্তি কৰে।  কিন্তু সমাজ সেৱাৰ লগত ওতঃপ্ৰোতঃভাৱে জৰিত থকাৰ বাবে ৰাজ্যিক বিজেপিয়ে সৰ্ব দোষ-অপৰাধ মৰিষণ কৰি তেওঁলোকক জন প্ৰতিনিধি হিচাপে প্ৰক্ষেপ কৰি ২১ ৰ বিধানসভা নিৰ্বাচনত ইতিমধ্যে ৰণডংকা বজোৱা আৰম্ভ কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd