ঝাৰখণ্ডত পাঁচ সংগীসহ শীর্ষ মাওবাদী নেতাক গ্রেপ্তাৰ, বহু অস্ত্র উদ্ধাৰ

a kkkkk

মাওবাদীয়ে অশান্ত কৰি ৰখা ঝাৰখণ্ডত ৰাজ্য খনৰ আৰক্ষীয়ে অভিযান চলাই এজন শীৰ্ষ মাওবাদী নেতাৰ লগতে তেওঁৰ পাঁচজন সতীৰ্থক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ঝাৰখণ্ড আৰক্ষীৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা নিশা ৰাজ্য খনৰ ধানবাদ জিলাৰ খুখৰা অঞ্চলত অভিযান চলাই শীৰ্ষ মাওবাদী নেতা প্ৰশান্ত মাঝিৰ লগতে তেওঁৰ সহযোগী কেইজনক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীয়ে কিছুদিন পূৰ্বে মাওবাদী নেতা প্ৰশান্ত মাঝিৰ মূৰৰ মূল্য ১০ টকা ঘোষণা কৰিছিল। কিছুদিন পূৰ্বে ধানবাদ আৰু খুখৰাৰ সীমান্তত চিআৰপিএফৰ এটা নিৰীক্ষণ চকী স্থাপন কৰাৰ পিছতে মাওবাদীৰ উচটনিত একাংশ স্থানীয় ৰাইজে সেই চকীটো জ্বলাই দিছিল।

খুৰখৰাৰ লোকসকলক পুনৰ উত্তেজিত কৰাৰ বাবে প্ৰশান্ত মাঝিৰ নেতৃত্বত মাওবাদীৰ দলটোৱে গাঁও খনলৈ অহাৰ খবৰ পোৱাৰ পিছতে যোৱা নিশা আৰক্ষী আৰু চিআৰপিএফৰ এটা বৃহৎ দলে গাঁও খনত অভিযান চলায় আৰু এই অভিযানৰ সময়তে দুৰ্ধৰ্ষ মাওবাদী নেতাজন আৰক্ষীৰ জালত পৰে।

ঝাৰখণ্ড আৰক্ষীয়ে এই অভিযানত বৃহৎ সাফল্য লাভ কৰা বুলি দাবী কৰিছে। আৰক্ষীয়ে দৃত মাওবাদী নেতা জনৰ পৰা এটা একে-৪৭ ৰাইফলৰ লগতে হবহু পৰিমাণৰ গুলী-বাৰুদ জব্দ কৰিবলৈ সক্ষম হৈছে।

ধৃত মাওবাদী নেতা প্ৰশান্ত মাঝিয়ে ঝাৰখণ্ডত আৰক্ষী আৰু চিৰআৰপিএফৰ বিৰুদ্ধে কেইবাটাও ভয়াৱহ আক্ৰমণৰ ঘটনা সংঘটিত কৰাত নেতৃত্ব দিছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।