গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু অসম এথেলেটিকছ এছ’চিয়েচনৰ তত্ত্বাৱধানত ৪২সংখ্যক সদৌ অসম আন্তঃজিলা ছিনিয়ৰ আৰু জুনিয়ৰ (অনুৰ্ধ্ব ২০) এথলেটিকছ প্ৰতিযোগিতাত মাৰ্ঘেৰিটাৰ এথলেটিকছ দলটোৱে এটি সোণৰ, তিনিটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভেৰে মাৰ্ঘেৰিটালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷
৩০ জুনৰ পৰা ২ জুলাইলৈ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এথলেটিকছ প্ৰতিযোগিতা খনত মাৰ্ঘেৰিটা দলৰ হৈ ২০ বছৰ অনুৰ্ধৰ মহিলা শাখাৰ ৩০০০ মিটাৰ দৌৰত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে চীমা জাতবধৰা আৰু আৰতি মাঝিয়ে।
আনহাতে, ২০ বছৰ উৰ্ধৰ হাইজাম্পত দ্বিতীয় স্থান লাভ কৰে পুষ্পা অৰেয়া আৰু ২০ বছৰ উৰ্ধৰ পুৰুষ শাখাৰ ৫০০০ মিটাৰত দ্বিতীয় স্থান আৰু ১০,০০০ মিটাৰত প্ৰথম স্থান লাভ কৰে সঞ্জয় ভূমিজে।
মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাই প্ৰেৰণ কৰা ১০ জনীয় খেলুৱৈ দলটোৰ সৈতে পৰিচালক তথা প্ৰশিক্ষক হিচপে জামচেৰ খান আৰু কাৰিকৰী বিষয়া হিচাপে ইন্দুৰঞ্জন বৰুৱা উপস্থিত আছিল ৷
প্ৰতিযোগিতাখনত মাৰ্ঘেৰিটা দলটোৰ এই সফলতাত অসম এথলেটিকছ সন্থাৰ সভাপতি তথা ছাত্ৰ ক্ৰীড়া কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব লক্ষ্য কোঁৱৰ, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কাৰ শৰ্মা, মাৰ্ঘেৰিটা সাংবাদিক সন্থা, মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থা, মাৰ্ঘেৰিটা ক্ৰীড়া আৰু জগিং কেন্দ্ৰ, মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ এথলেটিকছৰ সহকাৰী সম্পাদক মানস প্ৰতিম গগৈ সহ কেইবাটাও দল সংগঠনে শুভেচ্ছা জনায় ৷