• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2026 6:42 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ববিখ্যাত আত্মজীৱনীমূলক গ্ৰাফিক নভেল পাৰ্চিপলিচৰ স্ৰষ্টা, প্ৰখ্যাত ফৰাচী-ইৰাণী লেখিকা তথা চিত্ৰশিল্পী মাৰ্জান চাট্ৰাপীৰ দেহাৱসান ঘটিছে। ফ্ৰান্সৰ পেৰিচত ৫৬ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। চাট্ৰাপীৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুসকলে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে।

তেওঁৰ আত্মীয়সকলে জনোৱা মতে, প্ৰিয় স্বামী মেটিয়াচ ৰিপাৰ মৃত্যুৰ মাত্ৰ এবছৰৰ পাছতে সেই গভীৰ শোক সহ্য কৰিব নোৱাৰি মাৰ্জান চাট্ৰাপীয়ে ইহলীলা সম্বৰণ কৰিলে।

Apply Now

উল্লেখ্য যে প্ৰযোজক, অভিনেতা তথা চিত্ৰনাট্যকাৰ মেটিয়াচ ৰিপাৰ ২০২৫ চনৰ ৮ এপ্ৰিলত মৃত্যু হৈছিল।

তেওঁৰ কালজয়ী সৃষ্টি পাৰ্চিপলিচ পৰৱৰ্তী সময়ত এনিমেটেড চলচ্চিত্ৰ হিচাপেও সমগ্ৰ বিশ্বতে বহুলভাৱে সমাদৃত হয়। ২০০৭ চনত কান চলচ্চিত্ৰ উৎসৱত এই ছবিখনৰ প্ৰদৰ্শন হোৱাৰ উপৰি ই অস্কাৰৰ বাবেও মনোনীত হৈছিল। ১৯৬৯ চনৰ ২২ নৱেম্বৰত ইৰাণৰ ৰশদ চহৰত জন্মগ্ৰহণ কৰা চাট্ৰাপী আছিল নিজ দেশৰ ৰক্ষণশীল শাসন ব্যৱস্থাৰ এগৰাকী তীব্ৰ সমালোচক। পাৰ্চিপলিচ গ্ৰাফিক নভেলখনৰ জৰিয়তে তেওঁ বিশ্বজুৰি ব্যাপক খ্যাতি লাভ কৰিছিল। এই কিতাপখনত ১৯৭৯ চনৰ ইছলামী বিপ্লৱৰ পৰৱৰ্তী সময়ত তেহৰানত তেওঁৰ শৈশৱৰ সংগ্ৰাম আৰু তৎকালীন কঠোৰ বাধা-নিষেধৰ মাজত ডাঙৰ-দীঘল হোৱাৰ ছবিখন ফুটি উঠিছে। জীৱনৰ এটা সময়ত তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক নিৰ্বাসিত জীৱন যাপন কৰিবলৈ ইউৰোপলৈ পঠিয়াই দিছিল।

পৰৱৰ্তী সময়ত ভিনচেণ্ট পাৰোনদৰ সৈতে যুটীয়াভাৱে চাট্ৰাপীয়ে তেওঁৰ এই গ্ৰাফিক নভেলখনক এনিমেটেড চলচ্চিত্ৰৰ ৰূপ দিয়ে। ২০০৭ চনৰ কান চলচ্চিত্ৰ উৎসৱত চাইলেন্ট লাইট চিনেমাখনৰ সৈতে যুটীয়াভাৱে ই জুৰী বঁটা লাভ কৰে। ইয়াৰ পিছত ৮০ সংখ্যক একাডেমী এৱাৰ্ডছ চমুকৈ অস্কাৰত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় কাহিনীচিত্ৰ আৰু শ্ৰেষ্ঠ এনিমেটেড ফিচাৰ ফিল্ম শিতানত ছবিখনে মনোনয়ন লাভ কৰে। ইয়াৰ জৰিয়তে অস্কাৰৰ শ্ৰেষ্ঠ এনিমেটেড ফিচাৰ ফিল্ম শিতানত মনোনীত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে গৌৰৱ অৰ্জন কৰে মাৰ্জান চাট্ৰাপীয়ে।

চাট্ৰাপীৰ অন্যান্য উল্লেখযোগ্য কামৰ ভিতৰত আছে তেওঁৰ গ্ৰাফিক নভেল চিকেন উইথ প্লামচ, যাৰ চলচ্চিত্ৰ সংস্কৰণও তেওঁ পাৰোনদৰ সৈতে পৰিচালনা কৰিছিল। ইয়াৰ উপৰি ৰায়ান ৰেনল্ডচ অভিনীত কমেডী-হৰৰ ছবি দ্য ভয়েচেচ আৰু দুবাৰকৈ নোবেল বঁটা বিজয়ী মেৰী কুৰীৰ জীৱনৰ আধাৰত ২০১৯ চনত নিৰ্মিত বায়োপিক ৰেডিঅ’এক্টিভ তেওঁৰ সৃজনশীলতাৰ অন্যতম সুন্দৰ নিদৰ্শন আছিল।

২০২৪ চনত প্ৰকাশ পোৱা ওমেন, লাইফ, ফ্ৰীডম আছিল তেওঁৰ সৰ্বশেষ কাম। ইয়াৰ দুবছৰ পূৰ্বে ইৰাণৰ মাহচা আমিনীৰ মৃত্যুক কেন্দ্ৰ কৰি গঢ়ি cutoff উঠা প্ৰতিবাদৰ তেওঁ এগৰাকী ডাঙৰ সমৰ্থক আছিল। সেই সময়ত তেওঁ মন্তব্য কৰিছিল যে ওমেন, লাইফ, ফ্ৰীডম আন্দোলনটো আচলতে এটা সাংস্কৃতিক বিপ্লৱ আছিল। ১৯৯৪ চনত চাট্ৰাপী ফ্ৰান্সলৈ গুচি যায় আৰু ২০০৬ চনত দেশখনৰ নাগৰিকত্ব লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd