NORTHEAST NOW (Assamese)

কলকতাত ভয়ংকৰ অগ্নিকাণ্ড : ইটোৰ পিছত সিটো চিলিণ্ডাৰ বিস্ফোৰণ; স্তব্ধ উত্তৰ কলকতাৰ যাতায়াত

January 14, 2021 8:32 am · এন ই নাও নিউজ

ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে পশ্চিমবংগৰ ৰাজধানী চহৰৰ কলকলতাত।

বুধবাৰে দুপৰীয়া কলকতাৰ মাণিকতলাৰ এক বেটাৰীৰ কাৰখানাত সংঘটিত অগ্নিকাণ্ডটো সন্ধিয়ালৈ সমীপৰ বস্তি অঞ্চললৈ বিয়পি পৰাৰ পিছতে নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰে।

অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে যদিও ইটোৰ পিছত সিটোকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ বাবে জুই নিয়ন্ত্ৰণত সমস্যাৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে।

প্ৰথমাৱস্থাত অগ্নিনিৰ্বাপক বাহিনীৰ পাঁচখন বাহনে জুই নিৰ্বাপনৰ বাবে চেষ্টা কৰিছিল যদিও পিছলৈ ২৫ খনকৈ বাহন নিয়োজিত কৰা হৈছে আৰু বৰ্তমানেও জুই নিৰ্বাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে অগ্নিনিৰ্বাপক বাহিনীয়ে।

অত্যন্ত ঘন জনবসতিপূৰ্ণ বাঘবজাৰ বস্তি অঞ্চলটো প্লাষ্টিক, কাঠ আদি দাহ্য পদাৰ্থত থকাৰ ফলত দ্ৰুত গতিৰে জুই প্ৰসাৰিত হোৱাৰ পৰিলক্ষিত হৈছে।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি গোটেই নিশাই অঞ্চলটোৰ অগ্নিকাণ্ডৰ জুইৰ পোহৰ দেখা পোৱা গৈছিল।

ইফালে অগ্নিকাণ্ডৰ ফলত সমগ্ৰ উত্তৰ কলকতাত যান বাহন চলাচল ব্যাহত হৈছে। গিৰিশ পাৰ্কৰ পৰা ছেন্ট্ৰেল এভিনিউ পযৰ্ন্ত যান-বাহন চলাচল সম্পূৰ্ণ বন্ধ কৰি দিয়া হৈছে।

অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ এই মুহূৰ্তলৈকে পোৱা নাই। অগ্নিকাণ্ডটো কেনেকৈ সূত্ৰপাত ঘটিল তাৰ কাৰণো জানিব পৰা হোৱা নাই।

Related News