• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’লা পতাকা প্ৰদৰ্শনেৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নগাঁৱত উত্তাল প্ৰতিবাদ

মিণ্টু দাস by মিণ্টু দাস
January 8, 2019 7:28 am
07-01-19 Nagaon- AJYCP burning citizenship amendment (1)

নগাঁবত সোমবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাহ কৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোমবাৰে প্ৰতিবাদ মুখৰ হৈ পৰিল সমগ্ৰ নগাঁও জিলা। আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তিকে ধৰি ৭০ টা সংগঠনে পালন কৰা ক’লা দিৱসত জিলাখনৰ বিভিন্ন প্ৰান্তত উৰিল ক’লা পতাকা, জ্বলিল নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি, অনুষ্ঠিত হ’ল প্ৰতিবাদী সভা, পথ অৱৰোধ আদিৰে মুখৰিত হ’ল বিজেপি বিৰোধী ধ্বনিৰে চৌদিশ।

নৰেন্দ্ৰ মোদী হায় হায়, সৰ্বানন্দ সোনোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপি, আৰ এছ এছ মুৰ্দাবাদ আদি শ্লোগানৰে নগাঁও জিলাত বিজেপি চৰকাৰৰ বিৰুদ্ধে এক প্ৰকাৰে প্ৰত্যাহ্বান সৃষ্টি কৰি নগঞা ৰাইজে অসম আন্দোলনৰ সদৃশ এক পৰিৱেশৰ সৃষ্টি কৰে।

Apply Now

সোমবাৰে পুৱাৰে পৰা নগাঁও চহৰৰ লগতে পুৰণিগুদাম, ৰহা, কামপুৰ, কঠিয়াতলী,  কৃষ্ণাইখাট, পাঠৰী, জাজৰি, ধিং, কলিয়াবৰ, চামগুৰি, দক্ষিণপাট, জুৰীয়া, ৰূপহী, বটদ্ৰৱা, বঢ়মপুৰ আদিত বিধেয়কখনৰ বিৰোধিতাৰে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পুৰণিগুদামত আছুৱে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

আনহাতে, নগাঁও চহৰৰ শ্বহীদ ভৱন প্ৰেক্ষাগৃহত লেখক শিল্পী সমাজ, অসমৰ উদ্যোগত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়। এই প্ৰতিবাদী সভাখনত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, চি পি আই, লেখিকা সংস্থা, অগপ, আলোচনা পন্থী আলফাকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, বিশিষ্ট ব্যক্তি আদিয়ে অংশ গ্ৰহণ কৰে।

বিশিষ্ট চলচিত্ৰ পৰিচালক-নিৰ্মাতা অৰূপ মান্নাই সভাত ভাষণ প্ৰদান কৰি কয় যে বিদেশীক বৰপীৰা পাৰি দি স্বজাতিক ধংস কৰা বিল আমাক নালাগে। সংগ্ৰাম, আন্দোলন কৰি হ’লেও আমি অসমীয়া জাতিৰ স্বাৰ্থত একত্ৰিত হৈ থাকিব লাগিব।

একেদৰে বিশিষ্ট নিবন্ধকাৰ সমালোচক অৰিন্দম বৰকটকীয়ে ভাষণ প্ৰসংগত কয় যে আমি সকলো দল সংগঠন এক হৈ আগবাঢ়িব লাগিব। নিজৰ নিজৰ পৰিচয় আৰু আইৰ মুখৰ ভাষাৰ অস্তিত্ব আমি জীয়াই ৰাখিবলৈ একত্ৰিত হোৱাটো এই মুহূৰ্তত অতিকৈ দৰকাৰ।

ইপিনে, বিশিষ্ট কবি জীৱন নৰহে ভাষণ প্ৰসংগত কয় যে এই আন্দোলন বাস্তৱায়িত কৰাত সফল কৰিবলৈ হ’লে আন্দোলনটোক ঐক্যবদ্ধভাৱে চহৰৰ পৰা গাঁৱৰ মজিয়ালৈ নিব লাগিব। অস্তিত্ব ৰক্ষাৰ আন্দোলন কৰা সোণোৱালে অসমীয়াৰ অস্তিত্ব বিপন্নহে কৰিছে বুলি তেওঁ মন্তব্য কৰে।

বিশিষ্ট নিবন্ধকাৰ অৰিন্দম বৰকটকীয়ে আঁত ধৰা প্ৰতিবাদী সভাখনত শিশু সাহিত্যিক বীণা শৰ্মা, অগপ নেত্ৰী মামনি বৰা আদিৰ লগতে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, মানৱ অধিকাৰ সংগ্ৰাম সমিতি আদি বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰি ভাষণত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে।

লক্ষণীয় ভাৱে এই সভাখনত কলেজ শিক্ষক, বেংক বিষয়া, লেখক-সাংবাদিক, অভিযন্তা, সমাজকৰ্মী আদিয়ে অংশ লয়। সভাখনত বিশিষ্ট ক্ৰীড়া সংগঠক সহজানন্দ ওজা, শংকৰী সাহিত্যৰ গৱেষক ডঃ নৰেন কলিতা, বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকী, নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকাকে ধৰি নগাঁৱৰ সকলো শ্ৰেণী নাগৰিক উপস্থিত থাকে।

সভাখনতে অসমীয়া জাতীয় জীৱন লগত ৰজিতা খোৱাকৈ অসমৰ  মহান ব্যক্তি সকলৰ উক্তি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকে ধৰি মহান ব্যক্তি সকলৰ আলোকচিত্ৰ, চিত্ৰ শিল্পী সুজিত দাস আৰু নিতুপৰ্ণ ৰাজবংশীৰ ৰাজনৈতিক কাৰ্টুন আদিৰ প্ৰদৰ্শন কৰা হয়। সভাখনত বিশিষ্ট সংগীত শিল্পী ৰঞ্জন বেজবৰুৱা, নয়নজ্যোতি শইকীয়া, ত্ৰিদিপ বৰা, অংকুৰিমা দাস আদিয়ে বহু কেইটা স্বজাতিক উজ্জীৱিত কৰা গীত পৰিবেশন কৰে।

সভাৰ অন্তত ক’লা পতাকা উত্তোলন কৰাৰ লগতে বিলখন দাহ কৰা হয়। উল্লেখ্য যে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আৰু নগাঁও জিলা ছাত্ৰ সন্থাই এই সভাৰ অন্তত ক’লা পতাকা প্ৰদৰ্শন কৰি বিধেয়কৰ প্ৰতিলিপি দাহ কৰাৰ সময়ত অসমীয়া জাতিৰ সন্মুখত দেখা দিয়া সংকটৰ কথা উল্লেখ কৰি যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই কান্দোনত ভাগি পৰে। বনিয়াই কান্দি কান্দিয়েই বিধায়কখনৰ বিৰুদ্ধে ৰাইজক ঐক্যবদ্ধ ভাৱে যুঁজ দিবলৈ আহ্বান জনায়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd