উত্তৰ প্ৰদেশৰ কাণপুৰত অসমৰ যুৱক কমৰ উজ জামান ওৰফে কমৰউদ্দিনৰ গ্ৰেপ্তাৰৰ লগে লগে সংগঠনটোৰ সৈতে বিভিন্ন প্ৰকাৰে জড়িত হৈ পৰা আন কেইবাজনো সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইৰ উদালীৰ ফুলতলীতো প্ৰতিবাদ সাব্যস্ত হোৱা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে কমৰউদ্দিনৰ গ্ৰেপ্তাৰৰ পাছতে আৰক্ষীয়ে হোজাইত অভিযান চলাই কমৰউদ্দিনৰে সু-সৰ্ম্পক আৰু জেহাদী সংগঠনটোৰ অসমত শ্লিপাৰ চেল হিচাপে কাম কৰি থকা ছাইদুল আলম নামৰ এজন যুৱকক লংকাৰ ৮ নং উদালীৰ ফুলতলী গাঁৱৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে তেওঁৰ পৰা দুটা মোবাইল ফোন আৰু নগদ ১ লাখ ১৪ হাজাৰ টকাও জব্দ কৰিছিল।
কমৰউদ্দিন, ছাইদুল আলমৰ লগতে আন কেইবাজনো যুৱকৰ গ্ৰেপ্তাৰৰ পিছত এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই উগ্ৰপন্থী সদস্য সমূহৰ শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত হৈ আছে। ইয়াৰ উপৰি ছাইদুল আলমৰ গাঁৱতো সন্ত্ৰাসবাদ বিৰোধী শ্লোগানেৰে গাঁওবাসীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে।
জেহাদীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি শতাধিক শিক্ষাৰ্থী-স্থানীয় ৰাইজে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে ‘আমাক শান্তি লাগে’, ‘সন্ত্ৰাসবাদীক ফাঁচি দিয়ক’, ‘ইচলামত সন্ত্ৰাসবাদীৰ স্থান নাই’ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
‘উদালীত ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িত থকা সন্ত্ৰাসবাদীৰ কোনো স্থান নাই, ছাইদুল আলমে লজ্জিত কৰিলে উদালীবাসীক’। স্থানীয় ৰাইজে এই মন্তব্য কৰি ছাইদুল আলমক সমাজৰ পৰা এঘৰীয়া ঘোষণা কৰে।
উল্লেখযোগ্য যে দীৰ্ঘদিনৰে পৰা ৰাজ্যত উগ্ৰপন্থী সংগঠনটোৱে খোপনি পোতাৰ প্ৰচেষ্টা সম্পৰ্কে আৰক্ষী অৱগত হোৱাৰ পিছত শেহতীয়াকৈ ইয়াৰ বিৰুদ্ধে আৰক্ষীয়ে অবিযান তীব্ৰতৰ কৰি তুলিছে।