• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ মূল অভিযোগটো হ’ল বছৰ বছৰ ধৰি ফ্ৰান্সৰ ৰাজহুৱা শিক্ষা খণ্ডলৈ আবণ্টন হ্ৰাস পোৱাৰ লগতে ইয়াক চূড়ান্তভাৱে অৱহেলা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2026 1:43 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউৰোপৰ অন্যতম আগশাৰীৰ দেশ ফ্ৰান্সত প্ৰতিবাদ নামিছে ছাত্ৰসমাজ । চৰকাৰী শিক্ষা ব্যৱস্থাৰ আমূল সংস্কাৰ আৰু ভগ্ন আন্তঃগাঁথনিৰ প্ৰতিবাদত দেশখনৰ হাজাৰ হাজাৰ স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰী ৰাজপথলৈ ওলাই আহিছে।

যোৱা কেইমাহমানৰ ভিতৰত এইটোৱেই ছাত্ৰসমাজৰ সৰ্ববৃহৎ প্ৰতিবাদ হিচাপে চিনাক্ত কৰা হৈছে। ইখনৰ পিছত সিখনকৈ বিদ্যালয় অৱৰোধ কৰি প্ৰতিবাদ, আৰক্ষীৰ সৈতে সংঘৰ্ষ, কন্দুৱা গেছ আৰু অগ্নিসংযোগে ফ্ৰান্সৰ ৰাজধানী পেৰিছকে ধৰি কেইবাখনো ডাঙৰ চহৰ ৰণক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিছে।

দেশখনৰ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। ইতিমধ্যে বহু প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক আটক কৰি ৰখা হৈছে। ফ্ৰান্সৰ শিক্ষা মন্ত্ৰালয়ে স্বীকাৰ কৰিছে যে প্ৰতিবাদকাৰীসকলে কেইবাটাও স্পৰ্শকাতৰ বিষয় উত্থাপন কৰিছে। অৱশ্যে আন্দোলনটোক কেন্দ্ৰ কৰি হিংসা আৰু চৰকাৰী সা-সম্পত্তি ধ্বংস কাৰ্যক তীব্ৰ গৰিহণা দিছে চৰকাৰে।

Apply Now

প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ মূল অভিযোগটো হ’ল বছৰ বছৰ ধৰি ফ্ৰান্সৰ ৰাজহুৱা শিক্ষা খণ্ডলৈ আবণ্টন হ্ৰাস পোৱাৰ লগতে ইয়াক চূড়ান্তভাৱে অৱহেলা কৰা হৈছে। ফলত দেশৰ অধিকাংশ বিদ্যালয়ৰ আন্তঃগাঁথনি ভাঙি যোৱাৰ উপক্ৰম হৈছে। শ্ৰেণীকোঠাবোৰত অতিমাত্ৰা ভিৰ, শিক্ষক আৰু অ-শিক্ষক কৰ্মচাৰীৰ তীব্ৰ নাটনি, আনকি বিদ্যালয়সমূহৰ ছাদত ফাট মেলিছে, পানী লিক হৈছে, বিপজ্জনক জৰাজীৰ্ণ অৱস্থাৰ মাজেৰেই শিক্ষাদান চলিছে।

ছাত্ৰ-ছাত্ৰীৰ ক্ষোভৰ এটা ডাঙৰ কাৰণ হৈছে শিক্ষকৰ মাজত দৰমহাৰ বৈষম্য। তেওঁলোকৰ দাবী, যোগ্য শিক্ষকসকলে পৰ্যাপ্ত দৰমহা নোপোৱাৰ বাবে চাকৰি এৰিছে, যাৰ ফলত শিক্ষাৰ ক্ষেত্ৰত মন্থৰতা আহি পৰিছে।

ইয়াৰ উপৰিও ফৰাচী শিক্ষা ব্যৱস্থাত সামাজিক বৈষম্য ইমানেই বেছি যে এজন ছাত্ৰৰ সামাজিক আৰু অৰ্থনৈতিক পটভূমিয়েই তেওঁৰ ভৱিষ্যতৰ সফলতা নিৰ্ধাৰণ কৰে। ইয়াৰ উপৰিও বিশ্ববিদ্যালয়সমূহৰ জটিল আৰু অস্বচ্ছ নামভৰ্তি প্ৰক্ৰিয়া আৰু প্ৰচণ্ড গৰমৰ দৰে প্ৰতিকূল বতৰত অধ্যয়নৰ বাবে অনুকূল পৰিৱেশৰ অভাৱত প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰিছে।

এই ছাত্ৰ আন্দোলন এতিয়া কেৱল এখন বা দুখন নিৰ্দিষ্ট বিদ্যালয়তে সীমাবদ্ধ হৈ থকা নাই, বৰঞ্চ সমগ্ৰ দেশতে ব্যাপক ৰূপ ধাৰণ কৰিছে। শুকুৰবাৰে সমগ্ৰ দেশৰ শ শ হাইস্কুল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। প্ৰতিবাদকাৰীয়ে বিদ্যালয়ৰ গেটত বেৰিকেড লগাই বা ডাষ্টবিনত জুই লগাই প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়ে।

ৰাজধানী পেৰিছৰ বিখ্যাত লাইচি ভল্টেয়াৰকে ধৰি কেইবাখনো প্ৰতিষ্ঠিত বিদ্যালয়ৰ সন্মুখত ছাত্ৰ-ছাত্ৰীসকলে বিশাল বেৰিকেড স্থাপন কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ তাত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰিবলগীয়া হৈছিল। পেৰিছৰ উপৰিও লিয়ন, ষ্ট্ৰাছবাৰ্গ আৰু মণ্টপেলিয়াৰৰ দৰে কেইবাখনো চহৰত একেলগে প্ৰতিবাদ আৰম্ভ হৈছে। কেইবাটাও স্থানত শান্তিপূৰ্ণ প্ৰতিবাদ চলি আছে, যদিও কেইবাটাও গুৰুত্বপূৰ্ণ স্থান চৰম সংঘৰ্ষলৈ ৰূপান্তৰিত হৈছে।

প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ লগে লগে ফ্ৰান্সত হিংসাত্মক ঘটনা বৃদ্ধি পাইছে। শুকুৰবাৰে উত্তেজিত ৰাইজে পেৰিছৰ দুখন বৃহৎ বিদ্যালয়ৰ মূল গেটত জুই লগাই দিয়ে। ছাত্ৰ-ছাত্ৰীসকলে প্লাষ্টিকৰ ডাষ্টবিন আৰু আতচবাজী ৰাজপথত দলিয়াই বিক্ষোভ প্ৰদৰ্শন কৰে। ৰাইজক ছত্ৰভংগ দিয়াৰ লগতে ৰাজপথ পৰিষ্কাৰ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছৰ প্ৰয়োগ কৰে।

ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সংগঠনসমূহে ফ্ৰান্সৰ আৰক্ষীক সাধাৰণ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে অত্যধিক বল প্ৰয়োগ আৰু নৃশংসতাৰ অভিযোগ উত্থাপন কৰিছে। চৰকাৰে দাবী কৰিছে যে তেওঁলোকে কোনো ছাত্ৰ আন্দোলনৰ বিৰোধিতা কৰা নাই, যদিও “নগৰীয়া হিংসা” সহ্য কৰা নহ’ব।

এই সংঘৰ্ষত বহু ছাত্ৰ-ছাত্ৰী আহত হয়। ফ্ৰান্সৰ শিক্ষা মন্ত্ৰালয়ে জনোৱা মতে, আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত আৰু প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰা ইটাৰ আঘাতত প্ৰায় ৬৫ ​​জন শিক্ষাকৰ্মী আহত হয়, ইয়াৰে কমেও ৪০ জন বিদ্যালয়ৰ অধ্যক্ষ!

ছাত্ৰ-ছাত্ৰীৰ দাবী কেৱল শ্ৰেণীকোঠা মেৰামতি বা নতুন অট্টালিকা নিৰ্মাণতে সীমাবদ্ধ নহয়। শিক্ষা খণ্ডৰ বাজেট বহুগুণ বৃদ্ধি কৰিবলৈ চৰকাৰক দাবী জনাইছে প্ৰতিবাদকাৰীসকলে। শিক্ষক নিযুক্তি, তেওঁলোকৰ বাবে উপযুক্ত কৰ্ম পৰিৱেশ সৃষ্টি, শিক্ষাৰ সামগ্ৰিক মান উন্নত কৰাৰ বাবেও স্পষ্ট ৰোডমেপ বিচাৰিছে। একে সময়তে তেওঁলোকে কম খৰচী গৃহ নিৰ্মাণৰ সুবিধা আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাজসাহায্যযুক্ত খাদ্যকে ধৰি সামাজিক সুৰক্ষাৰ দাবীও কৰিছে।

সামগ্ৰিকভাৱে ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদৰ এই আকস্মিক বিস্ফোৰণৰ ফলত ফ্ৰান্স চৰকাৰ এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

ফ্ৰান্সত শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ৰাজপথত ক্ষুব্ধ ছাত্ৰসমাজ; কঠোৰ হাতেৰে দমন আৰক্ষীৰ

October 3, 2026 1:43 pm
অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd