• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৩০-৯০ বছৰীয়া পুৰুষ-মহিলাই অংশ গ্ৰহণ কৰিলে ৮০০-১০০ মিটাৰ দৌৰত

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , December 27, 2018 7:17 pm

2 min read

৩০-৯০ বছৰীয়া পুৰুষ-মহিলাই অংশ গ্ৰহণ কৰিলে ৮০০-১০০ মিটাৰ দৌৰত
1.2k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ মাষ্টাৰ্ছ এথলেটিক সন্থাৰ উদ্যোগত তথা শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ ক্ৰীড়া সন্থাৰ সহযোগত আজিৰে পৰা নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত আৰম্ভ হয় ২৭ সংখ্যক সদৌ অসম মাষ্টাৰ্ছ এথলেটিকচ চেম্পিয়নশ্বিপ ২০১৮। প্ৰতিযোগিতাখন উদ্ধোধন কৰে শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ।

উদ্ধোধনী অনুষ্ঠানৰ আৰম্ভণিতে এথলেটিকচ ফাউণ্ডেচনৰ স্বীকৃতিপ্ৰাপ্ত ৩২ খন জিলা শাখাৰ অংশগ্ৰহণ কৰা প্ৰতিযোগী দলসমূহে জিলা উপায়ুক্ত গৰাকীক কুচ-কৱাজৰ দ্বাৰা অভিবাদন জনায়।

ৰাজ্যৰ প্ৰায় ১৮৫০ গৰাকী মহিলা-পুৰুষ  খেলুৱৈয়ে  অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাখন আজিৰ পৰা ৩০ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব।

পাঁচ কিলোমিটাৰ খোজকঢ়া, দৌৰ, লং জাম্প, হাই জাম্প, ত্ৰিপুল জাম্প, জেভলিন থ্ৰ, শ্বটপুট, হেমাৰ থ্ৰ, বাধা দৌৰ আদি  বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত ৩৫ বছৰৰ পৰা ৯৫ বছৰৰ বয়সৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিব পাৰিব।

আজি ৩৫, ৪০, ৪৫ আৰু ৫০ বছৰ ঊৰ্ধ্বৰ পুৰুষ-মহিলাৰ ৫ কিলোমিটাৰ খোজ কঢ়া, ৫০, ৫৫, ৬০ আৰু ৬৫ বছৰ ঊৰ্ধ্বৰ পুৰুষ-মহিলাৰ ৮০০ মিটাৰ দৌৰ, ৩৫, ৪০, ৪৫, ৫০ আৰু ৯০ বছৰ ঊৰ্ধ্বৰ পুৰুষ-মহিলাৰ ১০০ মিটাৰ দৌৰ, সকলো গ্ৰুপৰ শ্বটপুট আৰু লং জাম্পৰ লগতে ৭০ আৰু ৮০ বছৰ ঊৰ্ধ্বৰ পুৰুষ-মহিলাৰ ৮০ মিটাৰ বাধা দৌৰৰ প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ইফালে নাহৰকটীয়াৰ শান্তিপুৰ গাঁৱৰ বিজয় চাংমাই নামৰ ৮৮ বছৰীয়া দৌৰবিদ গৰাকীয়ে আজি ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশ লৈ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কয় যে জ্যেষ্ঠ খেলুৱৈ সকলে নৱপ্ৰজন্মক প্ৰেৰণা আৰু উৎসাহ দিব লাগে। এই বুঢ়া বয়সত প্ৰাইজৰ বাবে নহয় নিজৰ  স্বাস্থ্য ভালে ৰাখিবলৈ আৰু উঠি অহা নবপ্ৰজন্মক প্ৰেৰণা দিবৰ বাবে খেলিব লাগে বুলি।

আজিৰ অনুষ্ঠানত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল, অসম মাষ্টাৰ্ছ এথলেটিক এছ’চিয়েচনৰ সভাপতি ভোগেশ্বৰ বৰুৱাকে ধৰি বহুটো জ্যোষ্ঠ ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠকে ধৰি বহুটো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd