• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইঞ্জিনিয়াৰিঙত নামভৰ্তিৰ বাবে উচ্চতৰ মাধ্যমিকত আৱশ্যক নহয় গণিত-ফিজিক্স: AICTE

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 13, 2021 9:40 am

2 min read

students

প্ৰতিনিধিত্বমূলক ফটো।

5k
VIEWS
Share on FacebookShare on Twitter

ইমানদিনে ইঞ্জিনিয়াৰিঙত নামভৰ্তিৰ ক্ষেত্ৰত উচ্চতৰ মাধ্যমিকত গণিত আৰু ফিজিক্স থকাটো বাধ্যতামূলক আছিল। এই নিয়ম শিথিল কৰিলে অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনে (AICTE)।

কাউন্সিলৰ নতুন গাইডলাইন অনুসৰি ২০২১-২২শিক্ষাবৰ্ষত BE আৰু BTech পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে উচ্চতৰ মাধ্যমিক (১০+২শ্ৰেণী) পৰ্যায়ত গণিত আৰু ফিজিক্স বিষয় দুটা ঐচ্ছিক বা অপশ্যনেল ৰখা হৈছে।

স্বাভাৱিকতেই AICTEৰ নতুন গাইডলাইনক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। ইয়াৰ ফলত অহা দিনবোৰত যিবোৰ ইঞ্জিনিয়াৰ সৃষ্টি হ’ব তেওঁলোকৰ মানদণ্ডক লৈ বিভিন্ন মহলত আশংকাই দেখা দিছে।

এতিয়ালৈকে দ্বাদশ শ্ৰেণীৰ পৰ্যায়ত শিক্ষাৰ্থীসকলৰ গণিত আৰু ফিজিক্স নাথাকিলে ইঞ্জিনিয়াৰিং তথা টেকন’লজিৰ ইউ জি প্ৰগ্ৰেমত নামভৰ্তিৰ সুযোগ পোৱা নগৈছিল।

কিন্তু ২০২১-২২শিক্ষাবৰ্ষত AICTEয়ে স্নাতক পৰ্যায়ত নামভৰ্তিৰ ক্ষেত্ৰত এনে চৰ্তৰ পৰিৱৰ্তন কৰিছে।

এতিয়াৰে পৰা এই বিষয়সমূহৰ ভিতৰত যিকোনো তিনিটা বিষয় লৈ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’লেই BE বা BTech পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব।

বিষয়সমূহ হৈছে:-   Physics / Mathematics / Chemistry / Computer Science / Electronics / Information Technology / Biology / Informatics Practices / Biotechnology / Technical Vocational Subject / Agriculture / Engineering Graphics / Business studies আৰু Entrepreneurship ।

আবেদনকাৰীসকলে তিনিটা বিষয় মিলি গড়ে ন্যুনতম ৪৫ শতাংশ (সংৰক্ষিত শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ৪০শতাংশ) নম্বৰ লাভ কৰিব লাগিব। এইক্ষেত্ৰত আন বেকগ্ৰাউণ্ডৰ পৰা আহি নামভৰ্তি কৰা শিক্ষাৰ্থীসকলে যাতে কোনো সমস্যাৰ সন্মুখীন হ’ব নালাগে তাৰ বাবে বিশ্ববিদ্যালয়সমূহে প্ৰয়োজন অনুসৰি ব্ৰীজ কোৰ্ছৰ ব্যৱস্থা কৰিব বুলিও AICTEৰ নতুন গাইডলাইনত কোৱা হৈছে।

কিন্তু শিক্ষাবিদসকলৰ একাংশ ধাৰণা যে ইঞ্জিনিয়াৰিঙৰ মূল ভিত্তি হৈছে গণিত। এনে এটা বিষয় বাদ দি ইঞ্জিনিয়াৰিঙৰ স্নাতক পৰ্যায়ত নামভৰ্তিৰ ক্ষেত্ৰত AICTEৰ নিৰ্দেশনা  শিক্ষাবিদসকলৰ সমালোচনাৰ সন্মুখীন হৈছে।

Recent News

Bhitali Das1

অৱশেষত কোভিডৰে হাৰ মানিলে কণ্ঠশিল্পী ভিতালী দাসে :সন্ধিয়া ৭.০৫ বজাত শেষ নিশ্বাস ত্যাগ

Himanta-Biswa-Sarma-2-750x375

নিৰ্বাচনৰ সময়ত কোভিড নাছিল! স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কিমান যুক্তিসংগত?

HBS press meet

স্থগিত হ’ব নেকি ৰাজ্যৰ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা! কি ক’লে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Sunidhi

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd