• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইৰাণলৈ ট্ৰাম্পৰ ৰঙা চকু! চাবাহাৰ বন্দৰক লৈ চাপত আছে নেকি ভাৰত? কি ক’লে নতুন দিল্লীয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2026 10:32 am
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিন পূৰ্বে ইৰাণক কেন্দ্ৰ কৰি আমেৰিকাৰ পৰা কেইবাটাও ভাবুকি আহিছিল। আক্ৰমণত সৰৱ হৈ উঠিছে ট্ৰাম্প। ইফালে ট্ৰাম্পে ইৰাণৰ সৈতে ব্যৱসায় কৰা দেশসমূহৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্তও লৈছে।

আনহাতে, আমেৰিকাই ইৰাণৰ চাবাহাৰ বন্দৰত বাণিজ্য আৰু অন্যান্য কাৰ্যকলাপৰ ওপৰত নিষেধাজ্ঞাৰ পৰা ভাৰতক ৰেহাই দিছিল। কিন্তু সেই নিষেধাজ্ঞাৰ পৰা ভাৰতক আঁতৰাই ৰখাৰ সময়সীমা ২০২৬ চনৰ ২৬ এপ্ৰিলত শেষ হ’ব। ইৰাণ-আমেৰিকাৰ সম্পৰ্কৰ বৰ্তমানৰ পৰিস্থিতিত ইয়াক লৈ ভাৰতে চাপত পৰিবনে? স্পষ্ট কৰিছে নতুন দিল্লীয়ে।

Apply Now

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, ‘আপোনালোকে জানে যে ২০২৫ চনৰ ২৮ অক্টোবৰত আমেৰিকাৰ ট্ৰেজাৰি বিভাগে এখন পত্ৰ জাৰি কৰিছিল য’ত ২০২৬ চনৰ ২৬ এপ্ৰিললৈকে বৈধ চৰ্তসাপেক্ষ নিষেধাজ্ঞা ৰেহাইৰ নিৰ্দেশনাৰ কথা উল্লেখ কৰা হৈছিল।’ এই চাবাহাৰ সন্দৰ্ভত ইয়াৰ পিছত কি হ’ব?

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, ‘আমি এই বিষয়ত আমেৰিকাৰ পক্ষৰ সৈতে আলোচনা কৰি থকা হৈছে।’ ইয়াৰ পূর্বে এটা সংবাদ মাধ্যমৰ প্রতিবেদনে উদ্বেগ প্রকাশ কৰিছিল যে বর্তমান আমেৰিকা-ইৰাণৰ সম্পর্কৰ ফলত ভাৰতৰ চাবাহাৰ বিষয়টো ইৰাণত বিপৰ্যয়ৰ সন্মুখীন হ’ব পাৰে নেকি? সেই প্ৰেক্ষাপটতে শুকুৰবাৰে দিল্লীৰ স্থিতি প্ৰকাশ পাইছে।

উল্লেখ্য যে ১২ জানুৱাৰীত আমেৰিকাই ঘোষণা কৰিছিল যে ইৰাণৰ সৈতে ব্যৱসায় কৰা সকলো দেশৰ ওপৰত ট্ৰাম্প প্ৰশাসনে অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰিব। তেনে ক্ষেত্ৰত ভাৰতৰ অংকটো ৭৫ শতাংশ হ’ব পাৰে! এনে পৰিস্থিতিত চাবাহাৰক লৈ প্ৰশ্ন উত্থাপন হয়।

মন কৰিবলগীয়া যে পাকিস্তানক অতিক্ৰম কৰি আফগানিস্তান আৰু মধ্য এছিয়ালৈ যোৱাৰ ক্ষেত্ৰত ইৰাণৰ এই চাবাহাৰ বন্দৰৰ গুৰুত্ব ভাৰতৰ বাবে যথেষ্ট। ইৰাণৰ পৰা বিশেষ তেল আমদানি নকৰিলেও খামেনেইৰ নেতৃত্বৰ ইৰাণত এই চাবাহাৰ বন্দৰ ভাৰতৰ বাবে এক ডাঙৰ কাৰক। ইফালে খামেনেইৰ ওপৰত ক্ষুব্ধ ট্ৰাম্প।

উল্লেখ্য যে ২০২৫ চনৰ ২৯ ছেপ্টেম্বৰৰ পৰা আমেৰিকাই চাবাহাৰ বন্দৰত পুনৰ নিষেধাজ্ঞা আৰোপ কৰিছে। কিন্তু শ্বাহিদ বেহেষ্টী টাৰ্মিনেলকে ধৰি বন্দৰটো বন্ধ কৰাৰ পৰিকল্পনা সন্দৰ্ভত ভাৰতে দাখিল কৰা সবিশেষৰ ভিত্তিত আমেৰিকাৰ বিদেশী সম্পত্তি নিয়ন্ত্ৰণ কাৰ্যালয়ে ছমাহৰ বাবে ৰেহাই প্ৰদান কৰিছে।

২০২৫ চনৰ ২৯ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱা এই ৰেহাই চলিত বৰ্ষৰ ২৬ এপ্ৰিললৈকে বৈধ হৈ থাকিব। চাবাহাৰ সন্দৰ্ভত পৰৱৰ্তী সময়ত কি হ’ব সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লগতে কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ইৰাণৰ বিদেশ মন্ত্ৰীৰ সৈতে কথা পাতিছে, এই আলোচনাত ইৰাণৰ পক্ষই চাবাহাৰ বন্দৰৰ সৈতে জড়িত শেহতীয়া অতীতৰ পৰিঘটনাসমূহৰ ওপৰত আলোকপাত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd