Meghalaya Crime & Politics: মেঘালয়ৰ প্ৰভাৱশালী বিজেপি নেতাৰ বিৰুদ্ধে ঘৰতে পতিতালয় চলোৱাৰ অভিযোগ

বার্নার্ড মাৰাক।

BJP vice president’s farmhouse used as brothel মেঘালয় বিজেপিৰ উপ-সভাপতিৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ। আৰক্ষীয়ে দাবী কৰা মতে ৰাজ্যিক বিজেপিৰ উপ-সভাপতি বাৰ্ণাৰ্ড মাৰাকৰ ফাৰ্ম হাউচটো পতিতালয় হিচাপে ব্যৱহাৰ কৰা হৈছিল।

শেহতীয়াকৈ আৰক্ষীয়ে গাৰো পাহাৰৰ ঘৰটোত তালাচী চলাই ২৪ গৰাকী নাবালিকাকে ধৰি ৬৮ জন লোকক জিম্মাত লৈছে। বৃহৎ সংখ্যক গৰ্ভনিৰোধক দৰৱো উদ্ধাৰ কৰা হৈছে। ঘৰৰ বিভিন্ন কোঠাত বন্দী হৈ থকা কেইবাটাও শিশুকো উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

এতিয়ালৈকে এই ঘটনা সন্দৰ্ভত গেৰুৱা দলটোৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

লগতে পঢ়ক: Monkeypox: বৃদ্ধি পাইছে মাঙ্কিপক্সৰ সংক্ৰমণ; স্বাস্থ্য জৰুৰী অৱস্থা ঘোষণা WHOৰ

আৰক্ষী সূত্ৰই জনোৱা মতে যোৱা  ২৮ ফেব্ৰুৱাৰীত এটা অভিযোগ দাখিল কৰা হৈছিল। এজন লোকে জনাইছিল যে তেওঁৰ নাবালিকা ছোৱালীজনী এসপ্তাহধৰি সন্ধানহীন হৈ আছে। অলপতে এজন আত্মীয়ই নাবালিকাগৰাকীক এজন সন্দেহজনক ব্যক্তিৰ সৈতে দেখা পায়। তাৰপিছতে সেই সন্দেহজনক ব্যক্তিক আটক কৰি আৰক্ষীক গতাই দিয়া হয়।

আৰক্ষীয়ে নাবালিকাগৰাকীৰ ভাষ্য লিপিবদ্ধ কৰে। নাবালিকাগৰৰাকীয়ে কয় যে তাই এজন বন্ধুৰ সৈতে ৰিম্পু বাগানৰ এখন ফাৰ্ম হাউচলৈ গৈছিল। তাত এটা কোঠা ভাড়া লৈছিল। তাইক তাত কেইবাবাৰো যৌন নিৰ্যাতন কৰা হৈছিল।

লগতে পঢ়ক: Russia-Ukraine War: ৰাছিয়াৰ হাতত হেৰুওৱা ভূমি পুনৰুদ্ধাৰৰ পূৰ্বে নহয় কোনো যুদ্ধবিৰতি: ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি

ইপিনে, তদন্ত চলোৱা আৰক্ষীয়ে শুকুৰবাৰে নিশা ৰাজ্যিক বিজেপিৰ উপ-সভাপতি বাৰ্ণাৰ্ড মাৰাকৰ ফাৰ্ম হাউচত তালাচী চলায়। তেতিয়াই সেই ঘৰটোত বহু অপৰাধমূলক কাৰ্যকলাপ চলি থকাৰ কথা পোহৰলৈ আহে। যাৰ ভিতৰত অন্যতম  হৈছে যৌনতাৰ বেহা।

আৰক্ষীয়ে ফাৰ্ম হাউচটোৰ পৰা ৫০০ পেকেট গৰ্ভনিৰোধক ঔষধ জব্দ কৰিছে। আনহাতে, আৰক্ষীয়ে জানিবলৈ দিয়া মতে পাঁচটি শিশুক এটা পৰিত্যক্ত লেতেৰা ঘৰৰ পৰা উদ্ধাৰ কৰা হয়। ইয়াৰে চাৰিজন ল’ৰা আৰু এজনী ছোৱালী।

মেঘালয়ৰ বৰ্তমানৰ বিজেপি উপ সভাপতিগৰাকী এসময়ত এটা নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ অধ্যক্ষ আছিল। তেওঁৰ বিৰুদ্ধে ২৫ টা অপৰাধমূলক গোচৰ আছে।

লগতে পঢ়ক: kangaroo courts এইবাৰ সংবাদমাধ্যম আৰু ছ’চিয়েল মিডিয়াক এজাউৰি দিলে মুখ্য ন্যায়াধীশ ৰামানাই

এই ঘটনাৰ পিছতে বিজেপিয়ে ৰাজ্যখনৰ ৰাজনীতিত এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ অনুমান কৰা হৈছে।