ভাৰতৰ মৌলিক ধাৰণাৰ বিৰোধী; বিজেপিৰ মিত্ৰদলৰেই ইউনিফৰ্ম চিভিল কোডৰ বিৰোধিতা

আগন্তুক সংসদৰ বৰ্ষাকালীন অধিবেশনত কেন্দ্ৰই ইউনিফৰ্ম চিভিল কোড বিধেয়ক উত্থাপন কৰিবলৈ লৰালৰি কৰাৰ সময়তে বিজেপিৰ ভিতৰতে এই বিতৰ্কিত প্ৰস্তাৱৰ বিৰোধিতা বৃদ্ধি পাইছে। এইবাৰ বিজেপিৰ মিত্ৰ এনপিপিয়ে কৈছে যে ইউনিফৰ্ম চিভিল কোড ভাৰতৰ মৌলিক ধাৰণাৰ বিৰোধী।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই স্পষ্ট ইংগিত দিছে যে যদিহে কেন্দ্ৰই ইউনিফৰ্ম চিভিল কোড জাপি দিবলৈ জোৰ দিয়ে তেন্তে তেওঁৰ দলে ইয়াৰ বিৰোধিতা কৰিব।

চাংমাই কৈছে, “বৈচিত্ৰৰ মাজত ঐক্যতাই আমাৰ পৰিচয়। সেইটোৱেই আমাৰ শক্তি। এন পি পিয়ে অনুভৱ কৰে যে ভাৰতৰ দৰে বহুত্ববাদী দেশত এক আইন ৰূপায়ণ কৰাটো আমাৰ মূল ধাৰণাটোৰ বিৰোধী।‘’

লগতে পঢ়ক: অবিশ্বাস্য গুৰপ্ৰীত! পেনাল্টিত লেবাননক পৰাস্ত কৰি ছাফ চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰত

কনৰাডে স্পষ্ট কৰি কয় যে উত্তৰ-পূব ভাৰতৰ নিজস্ব সংস্কৃতি আছে। আৰু আমি তেনেকৈয়ে থাকিব বিচাৰো। তেওঁৰ মতে মেঘালয়ত বহু সম্প্ৰদায়ে বাস কৰে। তেওঁলোকৰ সংস্কৃতি বেলেগ, ইয়াক সলনি কৰাটো সম্ভৱ নহয়।

বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰৰ এনে বিৰোধিতাৰ বিপৰীতে মুছলমান পক্ষই সদ্যহতে ইউনিফৰ্ম চিভিল কোডৰ ওপৰত মৌনতা অৱলম্বন কৰাৰ কৌশল গ্রহণ কৰিছে৷ দিল্লীৰ জামা মছজিদৰ শ্বাহী ইমাম চৈয়দ আহমেদ বুখাৰীয়ে ইউনিফৰ্ম চিভিল কোডৰ বিতৰ্কক লৈ মৌনতা অৱলম্বন কৰিবলৈ দেশৰ মুছলমান সম্প্ৰদায়ক ‘ফতোৱা’ জাৰি কৰিছে।

বুখাৰীয়ে  বহিঃৰাজ্যৰ পৰা অহা মুছলমান সম্প্ৰদায়ৰ বিভিন্ন সংগঠনক এই বিষয়ে মুখ মেলিব নালাগে বুলি পৰামৰ্শ দিয়ে। অৱশ্যে আইনগতভাৱে বিৰোধিতা কৰা হ’ব বুলি স্পষ্ট ইংগিত দিছে মুছলিম পাৰ্চনেল ল ব’ৰ্ডে।

লগতে পঢ়ক: ১২৫ বছৰ গৰকিলে চকচকা চৰকাৰী মজলীয়া বিদ্যালয়ে

অৱশ্যে সকলো বিৰোধিতা সত্তেও ইউনিফৰ্ম চিভিল কোড বিধেয়ক যে অনা হ’ব  সেইটোও একপ্ৰাকৰ নিশ্চিত। বিজেপিৰ মতে ইউনিফৰ্ম চিভিল কোড বলবৎ হ’লে সামাজিক সম্প্ৰীতি অটুট থাকিব। লিংগ বৈষম্য নাইকিয়া হ’ব। নাৰী শক্তিশালী হ’ব। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল ই ভাৰতৰ সংবিধানৰ ভাৱধাৰা ৰক্ষা কৰিব৷