ভাৰত হিন্দু ৰাষ্ট্ৰ হোৱা উচিত আছিল বুলি উল্লেখ কৰা ৰায় নাকচ
দেশবিভাজনৰ পিছত “ভাৰতকো হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা উচিত আছিল” বুলি উল্লেখেৰে মেঘালয় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এচ আৰ সেনে (বৰ্তমান অৱসৰপ্ৰাপ্ত) প্ৰদান কৰা বাসস্থানৰ প্ৰমাণপত্ৰ সম্পৰ্কীয় এক গোচৰৰ ৰায় একে আদালতৰ এক খণ্ড বিচাৰপীঠে নাকচ কৰিছে।
বিতৰ্কিত ৰায়টোক “আইনীভাৱে ত্ৰুটিপূৰ্ণ আৰু সাংবিধানিক নীতিৰ সৈতে অসংগতিপূৰ্ণ” বুলি শুকুৰবাৰে উচ্চ ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশ মহম্মদ য়াকুব মিৰ আৰু ন্যায়াধীশ এইচ এচ থাংকিউৰ দুজনীয়া বিচাৰপীঠে অভিহিত কৰে।
“…১০.১২.২০১৮ তাৰিখৰ ৰায়টো বিধিগতভাৱে ত্ৰুটিপূৰ্ণ আৰু সাংবিধানিক নীতিসমূহৰ সৈতে অসংগতিপূৰ্ণ, তাত কৰা পৰ্য্যৱেক্ষণসমূহ আৰু দিয়া নিৰ্দেশসমূহ সম্পূৰ্ণ অনাৱশ্যক (superfluous), সেয়ে, তাক সম্পূৰ্ণৰূপত নাকচ কৰা হৈছে…”
ন্যায়াধীশ সেনে আমন ৰানা বনাম মেঘালয় ৰাজ্য আৰু অন্যান্য (WP(C). No. 448 of 2018)] গোচৰৰ ৰায়টোত কৰা পৰ্য্যৱেক্ষণ আৰু দেখুওৱা পথনিৰ্দেশনা কিছুমানকো দুজনীয়া বিচাৰপীঠখনে সমালোচনা কৰিছে।
“এইবোৰ কোনো বিষয় নহয় আৰু (ইবোৰৰ) দেশৰ ধৰ্মনিৰপেক্ষ বৰণ আৰু ভাৰতৰ সংবিধানৰ ব্যৱস্থাসমূহক আঘাত কৰিব পৰা এক বৰণ আছে,” বিচাৰপীঠখনৰ উদ্ধৃতি লাইভ ল-ৰ।
ন্যায়াধীশ সেনৰ ৰায়ৰ বিপৰীতে মেঘালয় চৰকাৰে দাখিল কৰা আবেদনৰ শুনানিত দুজনীয়া বিচাৰপীঠখনে এই সিদ্ধান্তটো প্ৰদান কৰে।
“ধৰ্মৰ ভিত্তিত” দেশবিভাজন, হিন্দু ৰাষ্ট্ৰ, চুবুৰীয়া দেশৰ সংখ্যালঘু শৰণাৰ্থীক গ্ৰহণৰ বাবে আইন প্ৰণয়ন আদি বিভিন্ন বিষয়ত ন্যায়াধীশ সেনে মন্তব্য আগবঢ়াইছিল।
ভাৰতক ইছলামী দেশ হোৱাৰ পৰা বচাবলৈ আহ্বান জনাই তেওঁ কৈছিল, “মোৰ বিশ্বাস আছে যে শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেৱল এই চৰকাৰেহে পৰিস্থিতিৰ গুৰুত্ব বুজিব, আৰু ওপৰত কৰা অনুৰোধ অনুযায়ী প্ৰয়োজনীয় ব্যৱস্থা ল’ব….।”
বিতৰ্ক সৃষ্টি কৰা ৰায়টোৰ চাৰিদিন পিছত এই সন্দৰ্ভত এক স্পষ্টীকৰণত ন্যায়াধীশ সেনে কৈছিল যে তেওঁ একো সংবিধানৰ ক্ষতিকাৰক বা ৰাজনৈতিক উদ্দেশ্যপূৰ্ণ ৰায় দিয়া নাই।
ন্যায়াধীশ এচ আৰ সেনৰ সম্পূৰ্ণ ৰায়টো পঢ়িবলৈ ইয়াত ক্লিক কৰক
ৰায়টোৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল এক আবেদনৰ শুনানি লৈ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন এক দুজনীয়া বিচাৰপীঠে যোৱা ফেব্ৰুৱাৰিত এই সন্দৰ্ভত মেঘালয় উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কলৈ এক জাননী প্ৰেৰণ কৰিছিল।
মেঘালয়ৰ নিষিদ্ধ বিদ্ৰোহী সংগঠন এইচ এন এল চিৰ পৰা আৰম্ভ কৰি বিভিন্ন দল-সংগঠনে ৰায়টোৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছিল।