• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

শ্বিলঙৰ হিংসাত্মক ৰেলীৰ গোচৰ : কেছ ডায়েৰী বিচাৰিলে মেঘালয় উচ্চ ন্যায়ালয়ে, ১ ছেপ্টেম্বৰত হ’ব পুনৰ শুনানি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2026 2:33 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বিলঙত ১৯ আগষ্টত খাছি ছাত্ৰ ইউনিয়নৰ বাইক ৰেলীক কেন্দ্ৰ কৰি সংঘটিত হিংসাত্মক ঘটনাক লৈ মেঘালয় উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে। সোমবাৰে স্বতঃস্ফূৰ্তভাৱে গ্ৰহণ কৰা এখন জনস্বাৰ্থমূলক আবেদনৰ শুনানিৰ সময়ত ন্যায়ালয়ে ৰাজ্য চৰকাৰক ঘটনাটোৰ ওপৰত বিশদ প্ৰতিবেদন আৰু কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

ন্যায়াধীশ ডব্লিউ ডিয়েনগডোহ আৰু এইচ এছ থাংখিউৰ দ্বৈত বিচাৰপীঠে শুনানিৰ সময়ত উল্লেখ কৰে যে হিংসাৰ সময়ত মেঘালয় উচ্চ ন্যায়ালয়ৰ দুখন বাহন আক্ৰমণৰ সন্মুখীন হৈছিল। সেই সময়ত বাহন দুয়খনত আদালতৰ বিষয়াই যাত্ৰা কৰি আছিল। ঘটনাটোত এজন ব্যক্তিগত নিৰাপত্তা বিষয়া আৰু এজন চালককো আক্ৰমণ কৰা হৈছিল বুলি আদালতক অৱগত কৰা হয়।

Apply Now

আদালতে এই ঘটনাৰ সৈতে জড়িত কেছ ডায়েৰী দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক স্পষ্ট নিৰ্দেশ দিয়ে। বিশেষকৈ আদালতৰ বাহন আৰু কৰ্মচাৰীৰ ওপৰত হোৱা আক্ৰমণৰ তদন্ত কিমান আগবাঢ়িছে, তাৰ তথ্য আদালতৰ সন্মুখত দাখিল কৰিবলৈ কোৱা হৈছে।

শুনানিৰ সময়ত ৰাজ্যৰ এডভোকেট জেনেৰেলে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে আদালতক অৱগত কৰে। তেওঁ জনায় যে ১৯ আগষ্টৰ হিংসাৰ আঁৰত থকা ঘটনা আৰু পৰিস্থিতিৰ দ্ৰুত তদন্তৰ বাবে এখন বিশেষ তদন্তকাৰী দল বা SIT গঠন কৰা হৈছে। একে সময়তে খাছি ছাত্ৰ ইউনিয়নৰ কেইবাজনো বিষয়ববীয়াক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও আদালতক জনোৱা হয়।

এতিয়ালৈকে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত খাছি ছাত্ৰ ইউনিয়নৰ চাৰিজন নেতাক গ্ৰেপ্তাৰ কৰা হৈছে।

অহা ১ ছেপ্টেম্বৰত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব। সেই দিনা ৰাজ্য চৰকাৰে নতুনকৈ স্থিতি প্ৰতিবেদন আৰু কেছ ডায়েৰী আদালতত দাখিল কৰিব লাগিব।

উল্লেখযোগ্য যে ১৯ আগষ্টত খাছি ছাত্ৰ ইউনিয়নৰ উদ্যোগত শ্বিলঙত এখন ক’লা পতাকাৰ বাইক ৰেলী উলিওৱাৰ সময়তে উত্তেজনাৰ সৃষ্টি হয়। ইয়াৰ পাছত বিভিন্ন ঠাইত আক্ৰমণৰ ঘটনা সংঘটিত হয়। অসমৰ পঞ্জীয়ন নম্বৰ থকা বাহনকো লক্ষ্য কৰি আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হয়। ইয়াৰ ফলত অসম আৰু মেঘালয়ৰ মাজতো নতুনকৈ উত্তেজনাৰ পৰিৱেশ সৃষ্টি হয়।

হিংসাত্মক ঘটনাৰ পাছত মেঘালয় চৰকাৰে সমগ্ৰ বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে। পৰৱৰ্তী সময়ত আইন-শৃংখলা নিয়ন্ত্ৰণত ৰাজ্যৰ আৰক্ষীক সহায় কৰিবলৈ কেন্দ্ৰই অতিৰিক্ত কেন্দ্ৰীয় বাহিনীও মেঘালয়লৈ প্ৰেৰণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

October 1, 2026 1:52 pm
উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

October 1, 2026 1:52 pm
উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd