• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2025 9:10 am
178
VIEWS
Share on FacebookShare on Twitter

ৰাজা আৰু সোণম ৰঘুবংশীয়ে হানিমুনত মেঘালয়ত অহাৰ সময়ত সোণৰ গা-গহনা বেগত ভৰাই আনিছিল। কিন্তু মেঘালয়ৰ চেৰাপুঞ্জীৰ সমীপৰ চোহৰা অঞ্চলত ৰাজাৰ মৃতদেহ উদ্ধাৰ হ’লেও তেওঁ কঢ়িয়াই অনা গহনা আৰু মানিবেগ সন্ধানহীন হৈ আছিল। ৰাজাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ প্ৰায় এমাহৰ পাছত মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ হৈছে গহনাখিনি। আৰক্ষীৰ সূত্ৰ অনুসৰি মধ্যপ্ৰদেশৰ ৰাটলাম অঞ্চলত উদ্ধাৰ হৈছে এই গহনা।

জুনৰ ২ তাৰিখে মধ্য প্ৰদেশৰ ইন্দোৰ নিবাসী ৰাজাৰ মৃতদেহ উদ্ধাৰ হয়। প্ৰায় এসপ্তাহৰ পিছত গাজীপুৰৰ পৰা তেওঁৰ পত্নী সোণমক গ্ৰেপ্তাৰ কৰা হয়। প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে পৰিকল্পনা কৰাৰ পিছত ভাড়াতীয়া হত্যাকাৰীক নিযুক্তি দি স্বামীক হত্যা কৰি পুনৰ মধ্যপ্ৰদেশলৈ উভতি আহে সোণম।

সোণমক গ্ৰেপ্তাৰ কৰাৰ পিছত ৰাজাৰ পৰিয়ালে দাবী কৰে যে সোণমে হানিমুনলৈ যোৱাৰ আগতে সোণমে ৰাজাক সোণৰ গহনাখিনি লৈ যাবলৈ বাধ্য কৰাইছিল। অৱশ্যে ৰাজাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতো গহনাখিনি বিচাৰি পোৱা হোৱা নাছিল।

আনহাতে, মেঘালয় আৰক্ষীয়ে হত্যাকাণ্ডৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। মেঘালয় আৰক্ষীৰ সূত্ৰ অনুসৰি তদন্তকাৰী দলে ইন্দোৰৰ প্ৰপাৰ্টি ডিলাৰ ছিলম জেমছৰ শহুৰেকৰ ঘৰৰ পৰা সোণমৰ লেপটপ আৰু পেন ড্ৰাইভৰ লগতে গহনা আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে।

অভিযোগ অনুসৰি জেমছে ইন্দোৰত বিশাল সিং চৌহানক এটা ফ্লেট ভাড়াত দিছিল। সোণমক স্বামীক হত্যা কৰাত সহায় কৰা তিনিজন ব্যক্তিৰ ভিতৰত বিশাল অন্যতম। ৰাজা ৰঘুবংশীক হত্যা কৰি মেঘালয়ৰ পৰা উভতি আহি বিশাল চৌহানে এই ফ্লেটটোত থাকিবলৈ লৈছিল।

ইয়াৰ পূৰ্বে জেমছক হত্যাৰ প্ৰমাণ ধ্বংস কৰা আৰু ঘটনাৰ সৈতে জড়িত অপৰাধমূলক উপাদান লুকুৱাবলৈ চেষ্টা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। একে অভিযোগতে ফ্লেটটোৰ মালিক আৰু নিৰাপত্তাৰক্ষীকো গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীয়ে জনোৱা মতে, জেমছে তদন্তকাৰী বিষয়াৰ আগত স্বীকাৰ কৰে যে তেওঁ ৰাটলামৰ এজন আত্মীয়ৰ ঘৰত গহনা আৰু নগদ ধন লুকুৱাই ৰাখিছিল, য’ৰ পৰা গহনাখিনি উদ্ধাৰ কৰা হৈছে।

Recent News

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd