একেৰাহে ছটা ছয় মাৰিব পৰাটো যে মুখৰ কথা নহয় সেইটো বুজাবলৈ কোনো বিশেষজ্ঞৰ প্ৰয়োজন নাই। কিন্তু কোনোবাই যদি একেৰাহে আঠটা ছয় মাৰে? অবিশ্বাস্য যেন লাগে নহয়নে? কিন্তু বাস্তৱতে বিশ্বাস কৰিব নোৱাৰা এই কাণ্ডটো কৰি দেখুৱালে মেঘালয়ৰ আকাশ কুমাৰ চৌধাৰীয়ে। ইতিহাসৰ সকলো অভিলেখ ভংগ কৰি দিলে।
ৰঞ্জি ট্ৰফীৰ চতুৰ্থ ৰাউণ্ডত প্লেট গ্ৰুপৰ মেচত মেঘালয়ৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশৰ মুখামুখি হয়। সেই মেচখনৰ দ্বিতীয় দিনা মেঘালয়ে ৫৭৬ ৰানত ৬টা উইকেট হেৰুৱাই বিশাল ৰানৰ দিশে অগ্ৰসৰ হৈছিল। কিন্তু ইয়াৰ পিছত যি ঘটিল সেয়া স্বাভাৱকিতে অবিশ্বাস্য আছিল।
আঠ নম্বৰত বেটিং কৰিবলৈ নামিছিল আকাশ কুমাৰ চৌধাৰী। ২৫ বছৰীয়া বেটছমেনগৰাকীয়ে ক্ৰীজলৈ আহি প্ৰথমটো বল ডট খায়। পৰৱৰ্তী দুটা বলৰ পৰা তেওঁ এক আৰু দুই ৰান লৈছিল। কিন্তু ইয়াৰ পিছত কি হ’ল! আকাশে অভাৱনীয়ভাৱে বেটেৰে ধুমুহাৰ সৃষ্টি কৰিলে। তেওঁ এটা অভাৰত ৬টা ছয়কে ধৰি একেৰাহে মুঠ ৮টা ছয় মাৰে। মাত্ৰ ১১টা বলতে তেওঁ অৰ্ধশতক অৰ্জন কৰে।
ইয়াৰ আগতে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত এটা অভাৰত মাত্ৰ ছাৰ গাৰ্ফিল্ড ছ’বাৰ্ছ আৰু ৰবি শাস্ত্ৰীয়েহে ছয়টা ছয় মাৰিছিল। আকাশৰ ইনিংছৰ মহত্ত্ব বুজাবলৈ যদি এয়াই যথেষ্ট নহয়, তেন্তে তেওঁৰ বিশ্ব অভিলেখ নিঃসন্দেহে যথেষ্ট হ’ব। ১১টা বলত আকাশৰ অৰ্ধশতকটো প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক দ্ৰুত ইনিংছ। তেওঁ ইংলেণ্ডৰ ৱেইন হোৱাইটৰ অভিলেখ ভংগ কৰে। এচেক্সৰ বিৰুদ্ধে লেষ্টাৰশ্বাৰৰ হৈ ৱেইনে ১২টা বলত ৫০ ৰানৰ সীমা অতিক্ৰম কৰিছিল, আকাশে এটা বল কম খেলি এই সীমা অতিক্ৰম কৰে।
আকাশৰ ইনিংছৰ বাবেই মেঘালয়ে ৬২৮ ৰানত ৬ টা উইকেট হেৰুৱাই নিজৰ ইনিংছ ঘোষণা কৰে। ১৪টা বলত ৫০ ৰান কৰি অপৰাজিত হৈ থাকে আকাশ। ২০১৯ চনত ঘৰুৱা ক্ৰিকেটত অভিষেক ঘটোৱা আকাশৰ কেৰিয়াৰত যথেষ্ট উত্থান-পতন দেখা গৈছে।
বিগত ১০ টা ইনিংছত তেওঁ মাত্ৰ দুবাৰহে ৫০ ৰানৰ সীমা অতিক্ৰম কৰিছিল। আনকি একেৰাহে ৫ টা ইনিংছত ২০ ৰান কৰিবলৈও সক্ষম হোৱা নাছিল। অৱশ্যে আগৰ মেচত বিহাৰৰ বিৰুদ্ধে তেওঁৰ অৰ্ধশতকটোৱে ফৰ্মলৈ ঘূৰি অহাৰ কথা আভাস দিছিল। তাৰ পিছৰ মেচখনতে তেওঁ বিধ্বংসী বেটিংৰ প্ৰদৰ্শনেৰে ইতিহাস ৰচনা কৰিলে।





