• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাৰ প্ৰথম স্থানত অসমৰ সীমান্তবৰ্তী চহৰ; গুৱাহাটীৰ স্থান কিমান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2025 10:04 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ প্ৰদূষণক লৈ আলোচনাৰ অভাৱ নাই। প্ৰদূষণ যে নিয়ন্ত্ৰণলৈ আহিছে এনে নহয়। কিন্তু যদি আপুনি দিল্লীক ভাৰতৰ আটাইতকৈ প্ৰদূষিত চহৰ বুলি ভাবে, তেন্তে আপুনি ভুল কৰিছে। অন্ততঃ চেণ্টাৰ ফৰ ৰিচাৰ্চ অন এনাৰ্জি এণ্ড ক্লিন এয়াৰ (CREA)ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে চলিত বৰ্ষৰ জানুৱাৰী মাহত ভাৰতৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত ৰাজধানীখন দ্বিতীয় স্থানত আছে। প্ৰতিবেদন অনুসৰি একেৰাহে চতুৰ্থ মাহৰ বাবে এই স্থানত আছে দিল্লী।

‘ক্ৰেয়া’ প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ জানুৱাৰী মাহত দিল্লীত পিএম ২.৫ৰ গড় ঘনত্ব আছিল ১৬৫ মাইক্ৰ’গ্ৰাম। ২৩ দিন ৰাজধানীৰ বায়ুৰ গুণাগুণ ‘অতি বেয়া’ স্তৰত আছিল। তিনিদিন ‘গুৰুতৰ’ আছিল, অৰ্থাৎ পিএম ২.৫ৰ ঘনত্ব প্ৰতি ঘনমিটাৰত ২৫০ মাইক্ৰ’গ্ৰামৰ ওপৰত আছিল। আৰু তিনিদিন ‘বেয়া’ স্তৰত আৰু দুদিন ‘মধ্যম’ স্তৰত আছিল। অৰ্থাৎ জানুৱাৰী মাহত এদিনো দিল্লীবাসীয়ে ‘ভাল’ মানৰ বায়ুত উশাহ ল’ব পৰা নাছিল।

Apply Now

এইটো দিল্লীৰ কথা। ৰাজধানী হিচাপে দিল্লীৰ প্ৰদূষণৰ বিষয়ে অহৰহ চৰ্চা চলি আছে। কিন্তু জানুৱাৰী মাহত যদি দিল্লী এই তালিকাত এক নম্বৰ নহয়, তেন্তে সেইখন কি চহৰ? চহৰখনৰ নাম হয়তো বহুতৰে অজ্ঞাত। অসমৰ সীমান্তৱৰ্তী মেঘালয়ৰ এখন ঔদ্যোগিক চহৰ বৰ্ণিহাট। যোৱা মাহত এই চহৰখন ভাৰতৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে নিৰ্বাচিত হৈছে। উত্তৰ-পূব ভাৰতৰ এই চহৰখনত জানুৱাৰী মাহত পিএম২.৫ৰ গড় ঘনত্ব ২১৪ মাইক্ৰ’গ্ৰাম প্ৰতি ঘনমিটাৰত ৰেকৰ্ড কৰা হৈছে।

যদিও এই চহৰৰ প্ৰদূষণ দিল্লীৰ দৰে চৰ্চিত নহয়, তথাপিও একেৰাহে দুবছৰ অৰ্থাৎ ২০২৩ আৰু ২০২৪ চনত ভাৰতৰ আটাইতকৈ প্ৰদূষিত চহৰ আছিল বৰ্ণিহাট। চহৰখনৰ বায়ুৰ গুণাগুণ সূচকাংক ধাৰাবাহিকভাৱে ‘অতি দুৰ্বল’ স্তৰত আছে। ইয়াৰ বাবে এই অঞ্চলৰ ৪১টা কাৰখানা মূলতঃ দায়ী। য’ত লোহা আৰু তীখাৰ কাৰখানা, ডিষ্টিলেৰী, চিমেণ্ট কাৰখানা, আৰু পানীয় উৎপাদন কাৰখানা আদি অন্তৰ্ভুক্ত। স্থানীয় ৰাইজে জনোৱা মতে, চহৰখনৰ এজোপা গছৰ পাতো সেউজীয়া হৈ থকা নাই, বাদামী হৈ পৰিছে। বহু লোকে শ্বাস-প্ৰশ্বাসজনিত সমস্যা, হৃদৰোগ, যক্ষ্মা আদি ৰোগত আক্ৰান্ত হৈ আছে।

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাৰ সপ্তম স্থান আছে গুৱাহাটী। শেহতীয়াকৈ গুৱাহাটীতো প্ৰদূষণৰ মাত্ৰা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। দেশৰ শীৰ্ষ প্ৰদূষিত দহখন চহৰ হৈছে- বৰ্ণিহাট (প্ৰথম), দিল্লী (দ্বিতীয়) হাজীপুৰ (তৃতীয়), টালচেৰ (চতুৰ্থ), পাটনা (পঞ্চম), চণ্ডীগড় (ষষ্ঠ), গুৱাহাটী (সপ্তম), বাৰাকপুৰ (অষ্টম),মুজাফ্ফৰপুৰ (নৱম) আৰু হাওড়া দশম। হাজীপুৰ, পাটনা আৰু মুজাফ্ফৰপুৰ এই তিনিখন চহৰ বিহাৰৰ। আচলতে এই ৰাজ্যখনক আটাইতকৈ বেছি প্ৰদূষিত চহৰৰ ঘাটি বুলি ক’ব পাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd