অসম বিধানসভাৰ প্ৰাককলন সমিতিৰ এটি দলে আজি বৰপেটা জিলা ভ্ৰমণ কৰি কেবাখনো চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন কৰাৰ লগতে বিভাগীয় বিষয়া সকলৰ সৈতে এক পৰ্যালোচনা বৈঠকতো মিলিত হয়।
প্ৰাককলন সমিতিৰ অধ্যক্ষ তথা বিধায়ক বৃন্দাবন গোস্বামীৰ নেতৃত্বত অহা দলটোত থকা সদস্য সকল হ’ল ক্রমে বিধায়ক আমিনুল ইছলাম, আবুল কালাম আজাদ, জাকিৰ হুছেইন শিকদাৰ আৰু গুণীন্দ্ৰ নাথ দাস।
বুধবাৰে সন্ধিয়াই নলবাৰীৰ পৰা আহি বৰপেটাত উপস্থিত হোৱা দলটোৱে আজি পুৱা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, লোক নিৰ্মাণ, জল সম্পদ, মীন আৰু সমাজ কল্যাণ বিভাগৰ জিলা তথা বিভাগীয় মুৰব্বী বিষয়া সকলৰ সৈতে বিভাগীয় কাম-কাজৰ পৰ্যালোচনা কৰে।
সভাত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাও উপস্থিত থাকে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, তাৰ পাছতে দঙৰকুছীত মীন বিভাগৰ আঁচনি এখন, দত্তকুছী আৰু পাঠশালাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনি, তাপাত গড়কাপ্তানী বিভাগৰ আৰু পাঠশালাত জল সম্পদ বিভাগৰ আঁচনিৰ কাম পৰিদৰ্শন কৰে।
এই আঁচনি সমূহৰ কামত দলটোৱে সন্তুষ্টি প্ৰকাশ কৰে বুলি শৰ্মাই জানিবলৈ দিয়ে।





