ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাৰ নিলম্বন সন্দৰ্ভত শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ,অসমে উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালকক সাক্ষাৎ কৰি আজি এক স্মাৰক পত্র প্ৰদান কৰে।
স্মাৰক পত্রখনত মঞ্চৰ নেতৃত্বই কয় যে, “যোৱা ১৩ জুলাই তাৰিখে সমষ্টি পুনৰনিৰ্ধাৰণ সন্দৰ্ভত বৰপেটা জিলাৰ ভৱানীপুৰৰ চ’ক বজাৰত হোৱা এক “নাগৰিক সভা”ত অংশ লোৱা বুলি অভিযোগ আনি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাক অসম চৰকাৰে নিলম্বন কৰে। আমি ” শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ”ই এই নিলম্বন কাৰ্য্যক অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দিছো। কিয়নো চৰকাৰী চাকৰিয়াল হোৱাৰ পিছতো নাগৰিক হিচাপে, ব্যক্তি হিচাপে সকলোৰে বাকস্বাধীনতাৰ অধিকাৰ থাকে। সংবিধানে এই অধিকাৰ ভাৰতবৰ্ষৰ নাগৰিকক দিছে। কিন্তু ড° মুকুন্দ শৰ্মাৰ ক্ষেত্রত এই অধিকাৰ সম্পূর্ণৰূপে ভংগ কৰা হ’ল। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ উন্নতিৰ হকে ড° শৰ্মাৰ অবদান অশেষ। কিন্তু সেই অবদানক অস্বীকাৰ কৰি, ছাত্র – ছাত্রী আৰু মহাবিদ্যালয়খনৰ কথা এবাৰো নাভাবি অধ্যক্ষজনক নিলম্বন কৰা কাৰ্য্য চূড়ান্ত অগণতান্ত্রিক আৰু স্বৈৰাচাৰীমূলক। আমি এই কাৰ্য্যক একেমুখে নিন্দা কৰিছো আৰু নাগৰিকৰ অধিকাৰৰ বিষয় হিচাপে ড° মুকুন্দ শৰ্মাৰ নিলম্বন শীঘ্রে উঠাই লবলৈ এই স্মাৰক পত্রৰ জৰিয়তে আহ্বান জনালো।”
আজি স্মাৰক পত্র প্ৰদান কাৰ্য্যসূচীত মঞ্চৰ হৈ সংগীতা দাস, দেবজিৎ ভৰালী আৰু সুব্রত তালুকদাৰ উপস্থিত আছিল।