NORTHEAST NOW (Assamese)

কেজৰিৱালৰ জীৱনলৈ সংশয়! আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কেজৰিৱালক হত্যাৰ ভাবুকি

January 31, 2023 3:43 pm · এন ই নাও নিউজ, গুৱাহাটী

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমীৰ পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাললৈ আহিছে মৃত্যুৰ ভাবুকি। দিল্লী আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কেজৰিৱালক হত্যাৰ ভাবুকি দিছে এগৰাকী ব্যক্তিয়ে। অৱশ্যে ভাবুকি দিয়া ব্যক্তিগৰাকী মানসিকভাৱে অসুস্থ বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

আৰক্ষীৰ তথ্য অনুসৰি সোমবাৰে মাজনিশা ব্যক্তিগৰাকীয়ে আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি মুখ্যমন্ত্ৰী কেজৰিৱালক ফোনযোগে হত্যাৰ ভাবুকি দিয়ে। আৰক্ষীয়ে লগে লগে তদন্ত চলাই ব্যক্তিগৰাকীৰ সন্ধান লাভ কৰে যদিও এইপৰ্যন্ত তেওঁক গ্ৰেপ্তাৰ কৰা নাই।

এই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, “মাজনিশা প্ৰায় ১২.০৫ বজাত এই ভাবুকিৰে আমালৈ এটা পিচিআৰ ফোন আহিছিল। অতি সোনকালেই ফোন কৰা ব্যক্তিগৰাকীক চিনাক্ত কৰা হয়। মানসিকভাৱে অসুস্থ হোৱাৰ বাবে আমি তেওঁক গ্ৰেপ্তাৰ কৰা নাই। বিষয়টোৰ তদন্ত চলি আছে।”

জানিব পৰা মতে, অভিযুক্ত ব্যক্তিগৰাকীয়ে দিল্লী গেটৰ এটা চকু পৰীক্ষা কেন্দ্ৰত নাৰ্চিং অৰ্ডাৰলি হিচাপে কাম কৰে। বৰ্তমান তেওঁ আন এখন ক্লিনিকত চিকিৎসাধীন হৈ আছে।

তেওঁ এইদৰে কিয় কেজৰিৱালক মৃত্যুৰ ভাবুকি দিছিল বা তেওঁক কোনোবাই ইয়াৰ বাবে জোৰ দিছিল নেকি, সেই তথ্য উদ্ধাৰৰ বাবে আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে।

Related News