কেন্দ্ৰীয় চৰকাৰে সামাজিক মাধ্যমসমূহত শিশু নিৰ্যাতনৰ বিষয়বস্তু প্ৰচাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাছতে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে মেটাই। এতিয়াৰে পৰা মেটাৰ অধীনস্থ যিকোনো প্লেটফৰ্মত শিশুৰ ওপৰত যৌন নিৰ্যাতন বা তেওঁলোকৰ নিৰাপত্তাজনিত বিষয়বস্তু দৃষ্টিগোচৰ হ’লে তৎক্ষণাত আৰক্ষী বা সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰিবলৈ মেটা কৰ্তৃপক্ষ সন্মত হৈছে। কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, অনলাইন যোগে শিশুৰ নিৰাপত্তাৰ সৈতে কোনো ধৰণৰ আপোচ কৰা নহ’ব আৰু চৰকাৰৰ নিৰ্দেশৰ পাছতে মেটাই এই স্পৰ্শকাতৰ বিষয়ক লৈ আৰক্ষীক তথ্য প্ৰদান কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে।
বিগত কেইমাহমান পূৰ্বে বিবিচিৰ এক অনুসন্ধানমূলক প্ৰতিবেদনত মেটাৰ অধীনস্থ ইনষ্টাগ্ৰামত শিশুৰ যৌন নিৰ্যাতন সম্পৰ্কীয় বিজ্ঞাপন প্ৰচাৰ হোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছিল। প্ৰতিবেদনখনত দাবী কৰা হৈছিল যে ইনষ্টাগ্ৰামত ধনৰ বিনিময়ত প্ৰকাশিত বিজ্ঞাপনত ধৰ্ষণৰ ভিডিঅ’ আৰু শিশুৰ ভিডিঅ’ আদি শব্দ ব্যৱহাৰ কৰা হৈছিল। এই বিজ্ঞাপনসমূহত ক্লিক কৰিলে পোনে পোনে একাংশ টেলিগ্ৰাম চেনেল খোল খাইছিল, য’ত ৯৯ টকাৰ বিনিময়ত এনে বেআইনি সেৱা ক্ৰয় কৰিব পৰা গৈছিল। সাধাৰণতে নিয়ম অনুসৰি যথাযথ পৰীক্ষণ প্ৰক্ৰিয়াৰ মাজেৰেহে বিজ্ঞাপন প্ৰকাশ হোৱা উচিত যদিও এনে বিজ্ঞাপনসমূহ কেনেদৰে প্ৰচাৰ হ’বলৈ পালে, তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এই অভিযোগৰ পাছতে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে যোৱা জুলাই মাহত মেটালৈ এখন জাননী জাৰি কৰি বিজ্ঞাপনসমূহ ক্ষিপ্ৰতাৰে আঁতৰাবলৈ নিৰ্দেশ দিছিল।
ইয়াৰ পাছতো আগষ্ট মাহত এনেধৰণৰ আঢ়ৈশৰো অধিক বিজ্ঞাপন সামাজিক মাধ্যমটোত প্ৰচাৰিত হোৱা বুলি বিবিচিৰ এক শেহতীয়া প্ৰতিবেদনত দাবী কৰা হৈছে। এই বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰমাগত হেঁচাৰ ফলত অৱশেষত মেটাই শিশু নিৰ্যাতনৰ বিষয়বস্তুসমূহ আৰক্ষীক অৱগত কৰিবলৈ মান্তি হয়। তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সূত্ৰই স্পষ্ট কৰি দিছে যে যিবোৰ সামাজিক মাধ্যম প্লেটফৰ্মে শিশুৰ নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত সক্ৰিয় আৰু ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰে, সেইবোৰৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰে।
শেহতীয়া এই পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই মেটা কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে জানিবলৈ দিছে যে তেওঁলোকে এতিয়াৰে পৰা ‘ইণ্ডিয়ান চাইবাৰক্ৰাইম ক’অৰ্ডিনেশ্যন চেণ্টাৰ’ বা চমুকৈ ‘আইফ’ৰচি’ পৰিচালিত চাইবাৰ অপৰাধ সম্পৰ্কীয় চৰকাৰী পৰ্টেলত এনে অভিযোগসমূহ পঞ্জীয়ন কৰিব। কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন তদন্তকাৰী সংস্থা তথা আৰক্ষীয়ে এই পৰ্টেলটো ব্যৱহাৰ কৰে। মেটাৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে, তেওঁলোকৰ প্লেটফৰ্মত শিশুৰ নিৰাপত্তা নিশ্চিত কৰাটো কৰ্তৃপক্ষৰ বাবে সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয় আৰু এনে জঘন্য অপৰাধৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোক দায়বদ্ধ। মেটাৰ এই পদক্ষেপে ভৱিষ্যতে সামাজিক মাধ্যমত শিশুৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত কিদৰে প্ৰভাৱ পেলাব, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।





