DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিপৰ্যয়! উদ্বোধনৰ পিছতে খহি পৰিল দলং; খাৱৈত সৰি পৰিল মেয়ৰসহ ২০ জন লোক (চাওক ভিডিঅ’)

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2022 1:18 pm
140
VIEWS
Share on FacebookShare on Twitter

দলং ভাগি পৰি দুৰ্ঘটনা সংঘটিত হোৱা খৱৰ কেবল অসম বা ভাৰততে সুলভ এনে নহয়, বিদেশতো এনে ঘটনা ঘটা দেখা যায়। বিদেশত নৱনিৰ্মিত দলং এখন খহি পৰাৰ এটা ভিডিঅ’ই শেহতীয়াকৈ সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰিছে।

মেক্সিকোত এখন চহৰত নতুনকৈ নিৰ্মিত দলং এখন উদ্বোধন কৰিবলৈ উপস্থিত হৈছিল চহৰখনৰ মেয়ৰ। মুকলি হোৱাৰ অলপ পিছতে দলংখন খহি পৰে।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি মতে দলংখনৰ তলৰ খাৱৈত ২০ জনৰো অধিক লোক সৰি পৰে। তেওঁলোকৰ আঠজন গুৰুতৰভাৱে আহত হয়। আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। হাস্পাতালৰ সূত্ৰ অনুসৰি আঠজনৰ ভৰিৰ হাড় ভাঙিছে। ঘটনাটোত কেইবাজনো সাংবাদিকো আহত হয়।

দলং ভাগি পৰা এই বিপৰ্যয়ৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু সকলোৱে ইয়াক দেখি হতবাক হৈ পৰে।

ভিডিঅ’টোত মেক্সিকোৰ মেয়ৰক দলংখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা দেখুওৱা হৈছে। তেওঁৰ পিছফালে বহুতো সাধাৰণ নাগৰিক উপস্থিত আছে। অলপ সময় খোজ কাঢ়ি যোৱাৰ পিছতে নতুনকৈ নিৰ্মাণ কৰা দলংখনৰ এটা অংশ খহি পৰে। দলংখনৰ তলৰ খাৱৈত কেইবাজনো লোক বাগৰি পৰে। তাত উপস্থিত থকা লোকসকল ঘটনাটোত আতংকিত হৈ পৰা দেখা যায়।

বাতৰি অনুসৰি কাঠৰ বোৰ্ড আৰু ধাতুৰ শিকলিৰে নিৰ্মিত দলংখন অলপতে পুনৰ নিৰ্মাণ কৰা হৈছিল।

স্বাভাৱিকতে এই ক্ষেত্ৰত দলংখনৰ নিৰ্মাণৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মেয়ৰ জছে লুইছ উৰিওষ্টাগুইয়ে কয়, “দলংখন কেইদিনমান পূৰ্বে পুনৰ নিৰ্মাণ কৰা হৈছিল। সম্ভৱতঃ বহু লোক দলঙত উঠাৰ বাবেই বিপৰ্যয় ঘটে।”

Footbridge collapse during reopening ceremony in Mexico pic.twitter.com/Kn4X554Ydk

— Adrian Slabbert (@adrian_slabbert) June 9, 2022

ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ভিডিঅ’টো ধুমুহাৰ দৰে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। দলংখন যিদৰে ভাঙিছে আৰু মানুহবোৰ খাৱৈত সৰি পৰিছে সেয়া দেখি নেটিজেনসকল হতবাক হৈ পৰে। এই ঘটনাত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে যদিও কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই। 

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd