হলিউডৰ ডলবি থিয়েটাৰত অনুষ্ঠিত ৯৮ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত এইবাৰ এক বিশেষ মুহূৰ্তৰ সাক্ষী হ’ল বিশ্ববাসী। চলিত বৰ্ষৰ অস্কাৰত শ্ৰেষ্ঠ অভিনেতাৰ সন্মানীয় বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছে জনপ্ৰিয় অভিনেতা মাইকেল বি জৰ্ডানে। তেওঁ এই বঁটা লাভ কৰিছে সমালোচকৰ দ্বাৰা প্ৰশংসিত ছবি ছিনাৰ্ছৰ বাবে। নিজৰ কেৰিয়াৰৰ প্ৰথমটো অস্কাৰ লাভ কৰি অভিনেতাগৰাকীয়ে অত্যন্ত আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। এই বঁটাৰ বাবে তেওঁৰ সৈতে চূড়ান্ত তালিকাত আছিল টিমোথি চালামেট, ইথান হক আৰু লিঅ’নাৰ্ডো ডিকেপ্ৰিঅ’ৰ দৰে শক্তিশালী অভিনেতা।
বঁটা গ্ৰহণ কৰি মঞ্চত থিয় হৈ জৰ্ডানে প্ৰথমে ভগৱানক ধন্যবাদ জনায়। ইয়াৰ পিছতে তেওঁ দৰ্শকৰ শাৰীত বহি থকা নিজৰ মাকক সম্বোধন কৰে আৰু পৰিয়ালৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁৰ এই সফল যাত্ৰাত পৰিচালক ৰিয়ান কুগলাৰৰ ভূমিকা অপৰিসীম বুলি উল্লেখ কৰি জৰ্ডানে কয় যে কুগলাৰৰ দৰে এজন বন্ধু আৰু সহযোগী পোৱাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা। ইয়াৰ লগতে তেওঁ নিজৰ কেৰিয়াৰৰ আৰম্ভণিৰ পৰা আজিৰ দিনটোলৈকে সমৰ্থন আগবঢ়োৱা সকলো শুভাকাংক্ষীক ধন্যবাদ জ্ঞাপন কৰে।
৩৯ বছৰীয়া মাইকেল বি জৰ্ডানে এই বঁটা লাভ কৰাৰ জৰিয়তে অস্কাৰৰ ইতিহাসত এক বিশেষ স্থান দখল কৰিছে। ছিনাৰ্ছ ছবিত তেওঁ এলিজা স্মোক আৰু ইলিয়াছ ষ্টেক নামৰ যমজ ভাতৃৰ চৰিত্ৰত যি অসাধাৰণ অভিনয় কৰিছে, তাৰ বাবে তেওঁক যমজ চৰিত্ৰত অভিনয় কৰি অস্কাৰ লাভ কৰা প্ৰথমজন অভিনেতা বুলি গণ্য কৰা হৈছে। এই বঁটাৰ পূৰ্বে তেওঁ বাফটা, গোল্ডেন গ্ল’বছৰ দৰে প্ৰতিষ্ঠিত বঁটাৰ বাবেও মনোনীত হৈছিল। ভৱিষ্যতে নিজৰ অভিনয়ৰ মান আৰু উন্নত কৰি নিজৰ শ্ৰেষ্ঠ সংস্কৰণটো দৰ্শকৰ আগত দাঙি ধৰিব বুলিও তেওঁ দৃঢ় প্ৰতিশ্ৰুতি দিয়ে।





