• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোণোৱাল চৰকাৰ বিষাদৰ চৰকাৰ : ৰাজ্যজুৰি ৰন্ধন কৰ্মীৰ প্ৰতিবাদ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
January 4, 2019 8:35 pm
54a3f641-eb44-423f-a400-be7b3c53b4cb

শুকুৰবাৰে বৰপেটাত ৰন্ধন কৰ্মীৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ ২৮খন জিলাৰ প্ৰাথমিক বিদ্যালয়বোৰৰ মধ্যাহ্ন ভোজন বিতৰণৰ দায়িত্ব স্বেচ্ছাসেৱী সংস্থা‌ক দিব বিচৰা কাৰ্যৰ প্ৰতিবাদত আজি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

এই কাৰ্যসূচীৰ অংশ হিচাপে বৰপেটাতো “চিটু” ৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচীৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰন্ধন কৰ্মীসকলে ৷

Apply Now

আজি পুৱা ১০ বজাৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ পাঁচ শতাধিক ৰন্ধন কৰ্মীয়ে উপায়ুক্ত কাৰ্যালয়‌লৈ সমদল কৰি আগবাঢ়ি যাওঁতে আৰক্ষীয়ে উক্ত প্ৰতিবাদী ৰন্ধন কৰ্মী‌সকলক আটক কৰি মিলেনিয়াম পাৰ্কত আবদ্ধ কৰি ৰাখে।

বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা ৰন্ধন কৰ্মীসকলে যথেষ্ট ক্ষোভেৰে কয়, ৰাজ্যৰ বৰ্তমানৰ সোণোৱাল চৰকাৰখন বিষাদৰ চৰকাৰ ৷ এই চৰকাৰখনে সংস্থাপন সৃষ্টি কৰাৰ পৰিবৰ্তে ১০-১৫ বছৰ ধৰি কৰ্মৰত হৈ থকা ৰন্ধন কৰ্মীসকলক ষড়যন্ত্ৰমূলকভাবে কামৰ পৰা বিতাৰণ কৰিব বিচাৰিছে ৷

কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে চলাই থকা মধ্যাহ্ন ভোজন আঁচনিৰ সফল ৰূপায়ণত ৰন্ধন কৰ্মীসকলেও উল্লেখনীয় অৱদান আগবঢ়াই আছে যদিও এই কৰ্মীসকলক ৰাজ্য চৰকাৰে কামৰ পৰা বিতাৰণ কৰিব বিচৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয় বুলিও ৰন্ধন কৰ্মীসকলে স্পষ্ট কৰি দিয়ে ৷

ৰাজ্য চৰকাৰে এনে সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত ৰন্ধন কৰ্মীসকলে ধাৰাবাহিক আন্দোলন কাৰ্যসূচী চলাই যাব বুলিও চৰকাৰক সকীয়াই দিয়ে ৷

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিবৰ (Memo No SSA/MDM/EOI/centralised kitchan/26/2018/5294-k) পত্ৰ নিৰ্দেশনা মৰ্মে ৰাজ্যখনৰ ২৮খন জিলাৰ প্ৰাথমিক বিদ্যালয়বোৰৰ ১৫টা স্বেচ্ছাসেৱী সংস্থা‌ক মধ্যাহ্ন ভোজন বিতৰণৰ দায়িত্ব দিয়া হৈছে। এই নিৰ্দেশনাৰ পিছতেই আজি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ৰন্ধন কৰ্মীৰ স্বাৰ্থৰ পৰিপন্থী এই আঁচনিয়ে অসমৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত ১ লাখ ১৮ হাজাৰ ৰন্ধন কৰ্মীৰ মুখৰ ভাত কাঢ়ি নিব বুলি ভুক্তভোগী ৰন্ধন কৰ্মীয়ে ক্ষোভেৰে মন্তব্য কৰে ৷ দহমাহৰ বাবে মাত্ৰ ১০০০টকা মাহেকীয়া মাননিলৈ ৰন্ধন কৰ্মত জড়িত সকলৰ এনে প্ৰতিবাদক চৰকাৰে কিদৰে গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব৷

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd