NORTHEAST NOW (Assamese)

অনন্ত আম্বানীয়ে বিয়াত ডেৰ কোটি টকাৰ ঘড়ী উপহাৰ নিদিয়াক লৈ অগ্নিশৰ্মা মিকা সিং

December 25, 2024 3:14 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেৰ ভগ্নী চেনেল লল্লানটপৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কণ্ঠশিল্পী মিকা সিঙে চলিত বৰ্ষৰ আৰম্ভণিতে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত কণ্ঠদান কৰা অভিজ্ঞতাৰ বিষয়ে মুকলিকৈ কয়।

মিকাই তেওঁৰ অনুষ্ঠানৰ বাবে লাভ কৰা পাৰিতোষিকৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিলেও তেওঁ নিৰ্বাচিত অতিথিসকলৰ ভিতৰত নথকাৰ বাবে হতাশা প্ৰকাশ কৰে যিসকলক প্ৰায় ১.৫ কোটি টকাকৈ মূল্যৰ বিলাসী ঘড়ী উপহাৰ দিয়া হৈছিল।

মিকাই হাস্যৰসেৰে তেওঁৰ হতাশাৰ কথা ব্যক্ত কৰি অনন্ত আম্বানীক “অনন্ত ভাই” বুলি সম্বোধন কৰি কয়, ‘মই অনন্ত আম্বানীৰ বিয়াত পৰিবেশন কৰিবলৈ গৈছিলো। তেওঁ সকলোকে বহুত টকা দিছিল, আনকি মোকো দিছিল। কিন্তু এটা কথাত মোৰ খং উঠিছে আন সকলো ঘনিষ্ঠ মানুহে পোৱা ঘড়ীটো মই নাপালো।’

Related News