NORTHEAST NOW (Assamese)

মহাকুম্ভত পত্নী অংকিতাৰ সৈতে মিলিন্দৰ পৱিত্ৰ স্নান; পদপিষ্টৰ ঘটনাক লৈ কি ক’লে অভিনেতাজনে?

January 30, 2025 12:38 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ। বুধবাৰে অমাৱস্যাৰ দিনা তাত কোটি কোটি লোকে অমৃত স্নান কৰে। তালিকাত বাদ পৰা নাই চেলিব্ৰিটিসকলো। অভিনেতা মিলিন্দ সুমনে পত্নী অংকিতা কোঁৱৰৰ সৈতে ত্ৰিবেনী সংগমত পবিত্ৰ স্নান কৰে। মহাকুম্ভত উপস্থিত থাকিবলৈ পাই অভিনেতাজনে নিজকে ধন্য বুলি অনুভৱ কৰিছে। অৱশ্যে পদপিষ্টৰ ঘটনাক লৈ বিচলিত হৈ পৰিছে মিলিন্দ।

পিন্ধনত হালধীয়া ধূতি। ডিঙিত ৰুদ্ৰাক্ষৰ মালা। হাতত ফুল লৈ ডুব দি তেওঁক সূৰ্য প্ৰণাম কৰা দেখা যায়। কাষতে থিয় হৈ আছিল তেওঁৰ ২৬ বছৰ সৰু পত্নী অংকিতা। কোনো নিৰাপত্তাৰক্ষী নোহোৱাকৈ সাধাৰণ মানুহৰ ভিৰৰ মাজেৰে খোজ কাঢ়ি যোৱা দেখা গৈছিল দুয়োকে।

মিলিন্দে মহাকুম্ভত ডুব যোৱাৰ কেইবাখনো ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। কেপচনত তেওঁ লিখিছে, “মৌনি অমৱস্যাৰ দৰে বিশেষ দিনত অংকিতাৰ সৈতে মহাকুম্ভলৈ আহিবলৈ পাই মই নিজকে ধন্য অনুভৱ কৰিছো। এই আধ্যাত্মিক স্থানলৈ আহি মোৰ অস্তিত্ব অতি সৰু যেন লাগে। এই পৃথিৱীত আমি বাকী থকা সময়খিনি অতি মূল্যৱান। কিন্তু সন্তুষ্ট হ’লেও পদপিষ্টৰ ঘটনাত মই স্তম্ভিত হৈ পৰিছো। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। হৰ হৰ গংগা, মহাদেৱ সকলোতে বিৰাজমান।”

মিলিন্দ সুমনৰ পোষ্টত বহুতে লিখিছে, “আপুনি ভিভিআইপি স্থানত পবিত্ৰ স্নান কৰিলে নে সাধাৰণ মানুহৰ লগত?” কোনোবাই আকৌ সুধিছে, “পানীটো পৰিষ্কাৰ নে?”

উল্লেখ্য যে মঙলবাৰে মাজনিশা মহাকুম্ভৰ মৌনি আমাৱস্যাৰ স্নানৰ পূৰ্বে সংঘটিত হয় মহা বিপৰ্যয়। ভিৰত পদপিষ্ট হৈ মৃত্যু হয় ৪০ গৰাকী তীৰ্থযাত্ৰীৰ। সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা মতে, অত্যধিক জনসমাগমৰ বাবে তীৰ্থযাত্ৰীসকলৰ মাজত ঠেলাঠেলিৰ সৃষ্টি হয় আৰু তাতেই বহুত মানুহ পদপিষ্ট হয়।

Related News