বঙাইগাঁৱৰ গীতাল নাট্যশালাৰ উদ্যোগত বীৰঝৰা পাব্লিক লাইব্ৰেৰীত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মুকাভিনয় শিল্পী মইনুল হকে মুকাভিনয় প্ৰদৰ্শন কৰে ৷ উল্লেখ্য যে গীতাল নাট্যশালাৰ উদ্যোগত আৰম্ভ হৈছে তিনিমহীয়া অভিনয় প্ৰশিক্ষণৰ ৷
এই প্ৰশিক্ষণ শিবিৰৰ শুকুৰবাৰে শুভাৰম্ভ কৰা হয় ৷ এই প্ৰশিক্ষণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি সন্ধিয়া প্ৰদৰ্শিত হৈছিল এই মুকাভিনয় অনুষ্ঠানৰ ৷ এই মুকাভিনয় প্ৰদৰ্শন অনুষ্ঠানত সংগীত নাটক একাডেমী বঁটা প্ৰাপক মুকাভিনয় শিল্পী মইনুল হকৰ লগতে আন এগৰাকী মুকাভিনয় শিল্পী বিজিত কুমাৰ দাসেও মুকাভিনয় প্ৰদৰ্শন কৰে ৷
সেইদৰে মুকাভিনয় প্ৰদৰ্শনৰ সময়ত ব্যৱহৃত বিভিন্ন শব্দ তথা সংগীত সংযোজনৰ দায়িত্বত আছিল সুদীৰ্ঘ বিশ বছৰ ধৰি একেলগে কাম কৰি থকা ৰতন দাস ৷
অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক দ্বীজেন দাস , গীতাল নাট্যশালাৰ পৰিচালক যোগীৰাজ চক্ৰবৰ্ত্তী তথা এই গোষ্ঠীটোৰ অন্যতম কৰ্মকৰ্তা তথা সাংবাদিক সীমান্ত চৌধুৰীসহ আৰু কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
বিশিষ্ট সাংস্কৃতিক কৰ্মী পংকজ শৰ্মাই আঁত ধৰা অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে কৌতুক অভিনেতা টিৰাপ ৰায় চৌধুৰীয়ে ৷ অনুষ্ঠানত উপস্থিত থকা দৰ্শকসকলে মুকাভিনয় শিল্পীগৰাকীৰ মুকাভিনয় উপভোগ কৰি সকলোৱে আপ্লুত হৈ পৰে ৷