ডিব্ৰুগড় নগৰত বৃহস্পতিবাৰে ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখন মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে নগৰখনৰ চৌকিডিঙিৰ পৰা পতাকা জোকাৰি উক্ত মিনি মাৰাথনৰ শুভাৰম্ভণি কৰে।
শুভাৰম্ভণি অনুষ্ঠানত লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, জিলা উন্নয়ন আয়ুক্ত সঞ্জয় দত্ত আৰু জিলা ক্ৰীড়া বিষয়া ধ্ৰুবজ্যোতি ডেকা উপস্থিত থাকে।
১২ কিঃমিঃ দৈৰ্ঘ্যৰ উক্ত মাৰাথন দৌৰ চৌকিডিঙিৰ পৰা আৰম্ভ হৈ থানা চাৰিআলি, খলিহামাৰি, নালিয়াপুল, গ্ৰাহাম বজাৰৰ মাজেৰে ফুলবাগানলৈকে গৈ পুনৰ চৌকিডিঙিত আহি সামৰণি পৰে।
১৭ বছৰ অনূৰ্ধ্ব কিশোৰ-কিশোৰীৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনত প্ৰায় ১০০ গৰাকীয়ে অংশগ্ৰহণকাৰীয়ে ভাগ লয়।
পিছত সামৰণি অনুষ্ঠানত অতিথিসকলৰ উপস্থিতিত ল’ৰা, ছোৱালী উভয় শাখাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়।





