DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুধনৈত কোভিড বিধি উলংঘন; খৰ্গহস্ত অভিভাৱক মন্ত্ৰীৰ কঠোৰ ব্যবস্থা গ্ৰহণৰ নিৰ্দেশ জিলা প্ৰশাসনক

নীলমনি শর্মা by নীলমনি শর্মা
July 10, 2021 8:39 am
Bimal bora in dudhnoi

ফটো: নৰ্থইষ্ট নাও।

236
VIEWS
Share on FacebookShare on Twitter

অসম চৰকাৰৰ শক্তি মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই গোৱালপাৰালৈ আহি শুকুৰবাৰে দুধনৈৰ ৰাজপথত চাডেন ভিজিট দিয়ে৷

কোভিড ১৯ ৰ দ্ৰুত সংক্ৰমণ ৰোধৰ বাবে গোৱালপাৰা জিলাক দ্বিতীয়বাৰ সম্পূৰ্ণ কন্টেইনমেন্ট জিলা হিচাবে ঘোষণা কৰাৰ পিছত শুকুৰবাৰে দুধনৈত উপস্থিত হৈ হতভম্ব হৈ পৰে মন্ত্ৰী গৰাকী ৷

ৰাজ্যৰ সাতখন জিলাৰ লগতে গোৱালপাৰা জিলাক দ্বিতীয় বাৰৰ বাবে সম্পূৰ্ণ কন্টেইন্টমেন জিলা হিচাপে ঘোষণা কৰাৰ পিছতো জিলা প্ৰশাসন তথা স্থানীয় প্ৰশাসনৰ শিথিলতাৰ সুযোগ গ্ৰহণ কৰি কোভিড প্ৰটকল ভংগ কৰি ৰাজপথত শ শ বাহন চলাচল কৰাক লৈ খৰ্গহস্ত হৈ পৰে মন্ত্ৰীগৰাকী ৷

দুধনৈৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিজৰ চৰকাৰী বাহনৰ পৰা নামি বিনা অনুমতিত চলাচল কৰা লোকৰ বাহন ৰখাই সোধপোচ কৰি পৰিস্থিতি তদাৰক কৰে৷

উল্লেখ্য যে, মন্ত্ৰী গৰাকীয়ে কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে দুধনৈৰ লগতে ৰংজুলিত উপস্থিত হয় ৷

তাৰ মাজতে ৰংজুলিৰ পৰা পুনৰ গোৱালপাৰালৈ ওভতাৰ পথত ৰাষ্ট্ৰীয় ঘাইপথত ৰংজুলি আৰু দুধনৈৰ মাজত শ শ বাহন চলাচল কৰি থকা দেখি ৰাজপথত নামি পৰে মন্ত্ৰীগৰাকী ৷

মন্ত্ৰী গৰাকীয়ে নিজে বাহন সমুহৰ চালকক সোধপোছ কৰাৰ লগতে প্ৰশাসনৰ সহযোগত কিছু বাহন ওভতাই পথোৱাৰ উপৰি কিছু বাহন দুধনৈ থানালৈ ওভতাই পঠাই জৰিমনা বিহিবলৈ নিৰ্দেশ দিয়ে৷

ইয়াৰ পিছত পৰৱৰ্তী পৰ্যায়ত দুধনৈ থানাৰ সন্মুখতো মন্ত্ৰী গৰাকীয়ে উপস্থিত হৈ পৰিস্থিতি তদাৰক কৰা দেখা যায় ৷

কভিড’ৰ সংক্ৰমণ জিলাখনত বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য কৰি গোৱালপাৰাক সম্পূৰ্ণ কন্টেইন্টমেন জিলা হিচাপে ঘোষণা কৰাৰ পিছতো এনেদৰে যানবাহন চলাচল কৰাক লৈ মন্ত্ৰী গৰাকীয়ে কিয় এনে পৰস্থিতিৰ সৃষ্টি হল বুলি প্ৰশ্ন কৰে ৷

ইয়াৰ উপৰিও কোভিড প্ৰটকল ভংগ কৰা সকলৰ বিৰুদ্ধে অতি শীঘ্ৰে জিলা তথা স্থানীয় প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে৷

ইপিনে মন্ত্ৰী গৰাকীয়ে কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দ্যেশ্যে ৰংজুলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ চিকিসালয় খনৰ চিকিৎসক, তথা স্বাস্থ্যকৰ্মী সকলৰ লগত মত বিনিময় কৰে৷

মন্ত্ৰী গৰাকীয়ে কোভিড সংক্ৰমণ ৰোধৰ বাবে ৰাইজৰ লগতে সকলোকে কোভিড নীতি মানি চলিবলৈ পৰামৰ্শ দিয়ে ৰাইজক৷ অসম চৰকাৰে কোভিড নিৰ্মূলৰ বাবে ঘোষণা কৰা এছ অ’ পিৰ সকলো নীতি-নিয়ম পালন কৰি চৰকাৰৰ লগত সহযোগিতা কৰিবলৈও আহ্বান জনায়৷

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd