‘’ৰাজ্যখনত বিভিন্ন নৈ-উপনৈসমূহে শেহতীয়াকৈ বানৰ তাণ্ডৱ সৃষ্টি কৰিছে যদিও বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে।’’ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই সোমবাৰে নলবাৰী জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বান আৰু গড়াখহনীয়া অৱস্থাৰ বুজ লোৱাৰ সময়ত এই মন্তব্য কৰে।
মন্ত্ৰী মহন্তই নলবাৰী জিলাত মৰাপাগলাদিয়া ,পাগলাদিয়া, বুঢ়াদিয়া আৰু বৰলীয়া নৈয়ে ঠায়ে ঠায়ে বান আৰু খহনীয়াৰ সৃষ্টি কৰাৰ কথা উল্লেখ কৰি ইয়াৰ স্থায়ী সমাধানৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰো আশ্বাস দিয়ে।
আনহাতে, মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হোৱা বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অতিৰিক্ত মথাউৰি নিৰ্মাণৰ বাবে চৰকাৰে আঁচনি গ্ৰহণ কৰিছে। কিন্তু নৈৰ কাষতে গাঁও সংলগ্ন হৈ থকাত মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত কিছু স্তবিৰতা আহি পৰিছে।
মথাউৰি নিৰ্মাণ আৰু খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয় বিষয়াসকলক প্ৰাককলন প্ৰস্তুত কৰিবলৈ দিয়া হৈছে আৰু ইয়াৰ পাছতে ৰাজ্যখনৰ বান, খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে লগতে জানিবলৈ দিয়ে।
মন্ত্ৰীগৰাকীয়ে সোমবাৰে মৰা পাগলাদিয়াৰ বানৰ কবলত পৰা বৰমা আৰু টিহুৰ ওচৰৰ গোবৰাদল, সাঠিকুছি অঞ্চল পৰিদৰ্শন কৰে। তদুপৰি, ধৰ্মপুৰ সমষ্টিৰ পুন্নী, বৰপিঠ অঞ্চলত বুঢ়াদিয়া নৈৰ বান, খহনীয়া আৰু ধমধমাৰ জাৰতালুক, চটাইবাৰী আৰু বৰক্ষেত্ৰী অঞ্চলৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহো ভ্ৰমণ কৰি অৱস্থাৰ বুজ লয়।
মন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শন কালত তেওঁৰ সৈতে জিলা উপাযুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, জলসম্পদ বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা ৰঞ্জীৱ ৰায় বৰুৱা, অধীক্ষক অভিযন্তা মুকুট ডেকাৰ লগতে জিলাখনৰ বিভাগীয় বিষয়াসকলো উপস্থিতি থাকে।