• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অহা ২ নৱেম্বৰৰ পৰা খুলিব বিদ্যালয়-মহাবিদ্যালয়; কেবল তিনিটা শ্ৰেণীৰহে অনুষ্ঠিত হ’ব পৰীক্ষা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2020 2:28 pm
94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২ নৱেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয়,মহাবিদ্যালয়ৰ পাঠদান আৰম্ভ হ’ব। আনহাতে, কেবল তিনিটা শ্ৰেণীৰহে চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব। শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে এক সংবাদমেলত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

মন্ত্ৰী শৰ্মাই ঘোষণা কৰা অনুসৰি, এটা শ্ৰেণীত মাত্ৰ ২০ৰ পৰা ২৫ গৰাকী শিক্ষাৰ্থীহে উপস্থিত থাকিব পাৰিব। অৱশ্যে ডাঙৰ হলত ক্লাছ কৰিলে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব পাৰিব।

Apply Now

ইপিনে, এইবাৰ বিদ্যালয়ৰ পাঠ্যক্ৰমো হ্ৰাস কৰা হ’ব।

কেৱল অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবেহে এইবাৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব। ইয়াৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে বোৰ্ডে পৰীক্ষা পাতিব আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষা বিদ্যালয়ে অনুষ্ঠিত কৰিব।

সেইদৰে, বাকী শ্ৰেণীৰ শিক্ষাৰ্থীসকলক পৰীক্ষা অবিহনে উত্তীৰ্ণ কৰাই দিয়া হ’ব।

সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয় খোলাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে কোনো সিদ্ধান্ত নলয় বুলি সদৰী কৰে।

তেওঁ জানিবলৈ দিয়ে যে পলিটেকনিক আৰু অভিযান্ত্ৰিক শিক্ষানুষ্ঠানসমূহো অহা ২ নবেম্বৰৰ পৰা খোলা হ’ব। অৱশ্যে হোষ্টেলসমূহ প্ৰথম এমাহ বন্ধ থাকিব আৰু প্ৰয়োজনত ডিচেম্বৰত ছাত্ৰাবাস খোলাৰ বিষয়ে সিদ্ধান্ত লোৱা হ’ব।

অভিযান্ত্ৰিক-পলিটেকনিকৰ অনলাইন ক্লাছসমূহ চলি থাকিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

শ্ৰেণীসমূহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জানিব দি মন্ত্ৰীগৰাকীয়ে কয় যে আণ্ডাৰ গ্ৰেজুৱেটৰ প্রথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সোমবাৰ আৰু বৃহস্পতিবাৰে শ্ৰেণী অনুষ্ঠিত হ’ব।

তৃতীয় ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে মঙলবাৰ, বুধবাৰ আৰু শুকুৰবাৰে ক্লাছ কৰিব লাগিব। সেইদৰে, পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মঙলবাৰ, বুধবাৰ, শুকুৰবাৰ আৰু শনিবাৰে ক্লাছ হ’ব।

শিক্ষা মন্ত্ৰীয়ে বিদ্যালয়সমূহৰ খোলাৰ সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দি কয় যে পঞ্চম শ্ৰেণীলৈকে বন্ধ থাকিব পাঠদান আৰু ষষ্ঠ শ্ৰেণীৰ পৰা ক্লাছসমূহ আৰম্ভ হ’ব।

সেইদৰে, বিদ্যালয়ৰ পাঠদান দুটা ভাগত ভগোৱা হ’ব। পুৱা ৮.৩০ বজাৰ পৰা খোলা হ’ব বিদ্যালয়সমূহ।

প্ৰথম ভাগত ৮.৩০ বজাৰ পৰা ১২.৩০ বজালৈ  আৰু দ্বিতীয় ভাগত ১.৩০ৰ পৰা ৪.৩০ বজালৈ ক্লাছ হ’ব।

প্ৰতিদিনে ৫০ শতাংশক পুৱাৰ ভাগত আৰু আন ৫০ শতাংশক বিয়লি ভাগত ক্লাছ কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

September 14, 2026 7:54 pm
‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

September 14, 2026 7:54 pm
‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd