• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন দুটা ৰাজনৈতিক দলে একেলগ হৈ নিৰ্বাচন নেখেলিলে ২-৩ হাজাৰতকৈ অধিক ভোট নাপায় : হিমন্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 19, 2020 8:51 pm
28f82cdd-2e07-4735-a1bb-4dc0f98642ce
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে হোটেল ৰেডিশ্যন ব্লুত সম্বোধন কৰা এক সংবাদমেলত নৱগঠিত আঞ্চলিক শক্তি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক একেলগে নিৰ্বাচন খেলিবলৈ পুনৰবাৰ আহ্বান জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সংবাদমেলত মন্ত্ৰীগৰাকীৰ দাবী ‘মোৰ অনুৰোধ প্ৰথম পৰ্য্যায়ত দুয়োটা আঞ্চলিক ৰাজনৈতিক দলে একত্ৰিত হোৱাৰ সিদ্ধান্ত লোৱাত মই নথৈ আনন্দিত হৈছো।‘

Apply Now

‘পৃথকে পৃথকে নিৰ্বাচন খেলিলে দল দুটাৰ প্ৰাৰ্থীয়ে ২,৩ হাজাৰতকৈ অধিক ভোট নাপায়। গতিকে একেলগে হৈ নিৰ্বাচন খেলিব লাগে।‘ এইদৰে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

ইপিনে, দুলীয়াজানত চলি থকা আছুৰ অধিৱেশনকো কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে।

তেওঁ তাচ্ছিল্য কৰি কয়, ‘আছুৰ অধিৱেশনত যাতে ২১ নৱেম্বৰৰ দিনটোত কাজিয়া নোহোৱাকৈ ভালদৰে পাৰ হয় তাৰে কামনা কৰিছো। ছাত্ৰ সকলে পঢ়া শুনা কৰি লওক। তাৰ পিছত ৰাজনীতি কৰিব। তেওঁলোকৰ কোৰ্চেই শেষ হোৱা নাই। কোৰ্চ শেষ কৰি অলপ প্ৰশিক্ষণ লৈ ৰাজনীতিলৈ আহিব লাগে।‘

লুৰিণজ্যোতি গগৈক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘লুৰিণজ্যোতি গগৈকো তেখেতৰ মাক -দেউতাকে বহু কষ্ট কৰি পঢ়াইছে। গতিকে যদি এতিয়া পঢ়া কমপ্লিট হোৱা নাই, মই ৰাজনীতিলৈ নহাটোৱেই কামনা কৰিম।‘

আনহাতে, একেখন সংবাদমেলতে কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মিত্ৰতাকো সমালোচনা কৰে হিমন্তই।
তেওঁ কয়, ‘বদৰুদ্দিন আজমল আৰু কংগ্ৰেছ পাৰ্টী তেওঁলোকৰ যিবোৰ বক্তব্য যেনে বিজেপি ক্ষমতাত আহিলে মুছলমান হিন্দু হ’ব লাগিব। এইবোৰে প্ৰমাণ কৰিছে যে অসমত তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি চলাব বিচাৰিছে।‘

‘কংগ্ৰেছে জুইৰ লগত খেলা কৰিছে উত্তৰ পূৰ্বাঞ্চল আৰু কাশ্মীৰত। সামাজিক সদভাৱনা আৰু বান্ধোনৰ প্ৰতি কংগ্ৰেছৰ ৰাজনীতি এক প্ৰত্যাহ্বান স্বৰূপে থিয় দিছে। মিঞা স্কুল, মিউজিয়াম বিচৰা এই গোটেইবোৰক ৰাইজে উচিত প্ৰত্যুত্তৰ দিব।‘ হিমন্তই সংবাদমেলত কয়।

আনহাতে, বিজেপি আৰু বিপিএফৰ মিত্ৰতা শেষ হোৱাৰ পথত বুলি এক ইংগিত দি মন্ত্ৰীগৰাকীয়ে কয়, ‘এটা ৰাজনৈতিক দলৰ ৫ বছৰ থাকে মিত্ৰতা। ৫ বছৰ পাৰ হৈ গ’লে এই মিত্ৰতা ৰিনিউ নহয়। ২০২১ চনত বিটিচিত ভাৰতীয় জনতা পাৰ্টীয়ে নিজে প্ৰতিদ্বন্দিতা কৰিব।‘

‘বিটিচিত বিজেপিৰ চৰকাৰ হ’ব। য়ুপিপিএলক ৰাজনৈতিক দল হিচাপে এতিয়া বিটিচিত লোৱা নাই। আমাৰ প্ৰতিটো সমষ্টিতে প্ৰত্যক্ষ প্ৰতিদ্বন্দিতা বিপিএফৰ লগত হ’ব।‘ তেওঁ এইদৰে কয়।

ইফালে বিটিচি নিৰ্বাচনত কৰ’নাৰ প্ৰট’কল চূড়ান্তভাৱে উলংঘা হোৱাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘মোৰ কাম দেখি সৰ্বদলীয় সভাই নিৰ্বাচন বিচাৰিলে। সেয়ে হৈছে। গতিকে সভা সমিতিত মানুহ আহিবই। কৰ’নাৰ প্ৰকোপ কি পৰিস্থিতিত আছে সেয়া সকলোৱে জানে। মই বিটিচি নিৰ্বাচন নালাগে বুলিয়েই কৈছিলো।নিৰ্বাচনত ক’ৰবাত সামাজিক দুৰত্ব মানিব পাৰি নেকি? এইখন আমেৰিকা নহয় ঘৰত বহি ভিডিঅ’ কৰি প্ৰচাৰ চলাব।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd