• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পোন্ধৰটা বছৰে হাগ্ৰামাই বিটিচিবাসীক প্ৰতাৰণা, শোষণ কৰি লুণ্ঠন চলালে: হিমন্ত বিশ্ব শৰ্মা

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
November 29, 2020 7:22 am
IMG_20201128_163215

ফটো: নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত পোন্ধৰ বছৰে হাগ্ৰামা মহিলাৰীয়ে বিটিচিবাসীক কেৱল প্ৰতাৰণা কৰিলে, শোষণ কৰিলে আৰু লুণ্ঠন চলালে। পোন্ধৰ বছৰে পিছুৱাই থোৱা হল বিটিচিবাসীক। এতিয়া আৰু নহব। হাগ্ৰামাৰ নাঙল এতিয়া মিউজিয়ামত থব লাগিব। এই ভাষ্য অসমৰ শিক্ষা, স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

শনিবাৰে আবেলি বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অধীনস্থ ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী ধৰ্মনাৰায়ন দাসৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি নেডাৰ আহ্বায়ক ডঃ শৰ্মাই এই মন্তব্য কৰে।

Apply Now

সমষ্টিটোৰ কাউলি হাইস্কুল খেল পথাৰ প্ৰাংগণত বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহালৰ পৌৰাহিত্যত অনুষ্ঠিত সভাত অংশ গ্রহণ কৰি ডঃ শৰ্মাই অধিক আক্ৰমণাত্মক হৈ হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

হাগ্ৰামা মহিলাৰীক তীব্ৰ ভাষাৰে  সমালোচনা কৰি ডঃ শৰ্মাই কয়- হিমন্ত বিশ্ব বিটিচিত আহিব নালাগে বুলি হাগ্ৰামাই কৈছে। এই খন আমাৰ বিটিচি, এইখন আমাৰ অসম, এইখন আমাৰ ভাৰত। ইয়াত কোনেও কাকো ভয় খুৱাব নোৱাৰে। গতিকে হাগ্ৰামা মহিলাৰীৰ ভয়-ভাবুকিত কোনেও শংকিত হোৱাৰ প্ৰয়োজন নাই। বিটিচিত হাগ্ৰামাই ৰাইজক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰি ৰাখিছে। বিটিচিত সকলো লোকে প্ৰথম শ্ৰেণীৰ নাগৰিক হৈ থাকিব লাগিব।

বিপিএফ দলক চন্দ্ৰৰ লগত তুলনা কৰি সভাত মন্ত্ৰী  ডঃ শৰ্মাই কয়, ‘’সূৰ্য্যৰ পোহৰ নাথাকিলে চন্দ্ৰই পোহৰ নাপায়। সূৰ্যই এইবাৰ সিদ্ধান্ত লৈছে যে চন্দ্ৰই আৰু পোহৰ নাপায়। সূৰ্যই এইবাৰ বিটিচিবাসীক নিজাকৈ পোহৰ বিলাব।‘’

বিটিচিত উদ্ভৱ হোৱা মাটি কিনা বেচাৰ অধিকাৰৰ প্ৰসংগত ডঃ শৰ্মাই কয় যে বিজেপি দলে বিটিচি চৰকাৰ গঠন কৰাৰ পোন্ধৰৰ পৰা ত্ৰিশ দিনৰ ভিতৰত বিটিচিবাসীয়ে মাটি কিনা বেচাৰ অনুমতি লাভ কৰিব। হাগ্ৰামাই অকলে ম্যাদী পট্টাৰ মাটিত থাকিলে নহব, আমিও ম্যাদী পট্টা পাব লাগিব। বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতেই সকলোৱে ম্যাদী পট্টা লাভ কৰিব।

হাগ্ৰামাৰ দিনত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ কথা উল্লেখ কৰি প্ৰধামমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ গৃহ নিৰ্মাণৰ নামত বিপিএফে টকা লোৱাৰ অধিকাৰ ক’ত পালে বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে বিধবা পেঞ্চন, বৃদ্ধ পেঞ্চনৰ নামতো হাগ্ৰামা মহিলাৰীৰ ভিচিডিচিৰ অধ্যক্ষ, সদস্য সকলে লুণ্ঠন চলাই আহিছে। সেয়েহে অহা পোন্ধৰ ডিচেম্বৰৰ পিছত ভিচিডিচি সমূহক ব্ৰহ্মপুত্ৰ নৈত পেলাই দিয়া হব। ইয়াৰ বিপৰীতে বিটিচি অঞ্চলত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰি সকলোকে ন্যায় প্ৰদান কৰা হব।

সভাত উপস্থিত হেজাৰ হেজাৰ জনতাক সম্বোধি ডঃ শৰ্মাই কয় যে বিগত ২০১৫ চনৰ নিৰ্বাচনত বিটিচিৰ চল্লিশটা সমষ্টিৰ ভিতৰত নাগ্ৰীজুলিৰ ৰাইজে ধৰ্মনাৰায়ন দাসক বিজেপিৰ পৰা এক মাত্ৰ এমচিএলএ হিচাপে নিৰ্বাচিত কৰি এডাল গছ পুলি  ৰোপণ কৰিছিল। এই গছ পুলিডাল এতিয়া লহপহকৈ বাঢ়ি এডাল বটবৃক্ষ হ’ল। এই বটবৃক্ষক এইবাৰ কোকৰাঝাৰত স্থাপন কৰা হব। এইবাৰ সমগ্ৰ বিটিচিবাসীক ছাঁ দিব।

ডি ভোটাৰৰ সমস্যাৰ কথা  উল্লেখ কৰি তেওঁ কয় যে ডি ভোটাৰৰ সমস্যাক লৈ কোনেও চিন্তা কৰিব নালাগে। আমি আপোনালোকৰ লগত আছোঁ। আজিৰ পৰা ডি ভোটাৰকলৈ কোনেও চিন্তা কৰাৰ প্ৰয়োজন নাই, এই সমস্যা আমি শেষ কৰিম।

বিজেপি দল নাগ্ৰীজুলিবাসীৰ লগতে সমগ্ৰ বিটিচিবাসীৰ লগত আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ২০২১ ৰ বিধানসভাৰ নির্বাচনতে বিটিচিৰ ১২ খন আসনত বিজেপি দলে  প্ৰাৰ্থীত্ব প্ৰদান কৰিব আৰু অকলেই প্ৰতিদ্বন্দ্বিতাত নামিব, কাৰণ ৰাইজ আমাৰ লগত আছে।

ভাষণ প্ৰসংগত তেওঁ লগতে কয় যে কিছুমানে  আমাক ট্ৰেক্টৰৰ লগত বুজাবুজি আছে বুলি কয়।  কিন্তু কোনো দল বা ট্ৰেক্টৰৰ লগত আমাৰ কোনো  মিত্ৰতা বা বুজাবুজি নাই।

ডঃ হিমন্ত বিশ্ব শৰ্মাই নাগ্ৰীজুলিত এখন স্নাতক মহাবিদ্যালয়, বাল্টি আৰু মটঙা নৈৰ ওপৰত দুখনকৈ  পকী দলং আৰু কাউলিত ত্ৰিশখন বিছনাযুক্ত এখন আদৰ্শ চিকিৎসালয় স্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

নাগ্ৰীজুলি মণ্ডল বিজেপিৰ সভাপতি ৰাম বাস্তলাই আঁত ধৰা সভাত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে হাগ্ৰামা মহিলাৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে অসম চৰকাৰৰ মন্ত্ৰী সভাত তিনিজনকৈ বিপিএফৰ বিধায়কক মন্ত্ৰিত্ব দিয়া হৈছে। বিটিচিৰ একমাত্ৰ  বিজেপিৰ এমচিএলএ ধৰ্মনাৰায়ন দাসক বিটিচিৰ ই এম দিব লাগে বুলি কোৱা হৈছিল যদিও হাগ্ৰামা মহিলাৰীয়ে ধৰ্মনাৰায়ন দাসক ই এম নিদিলে। এতিয়া হাগ্ৰামাই ধৰ্মনাৰায়ন দাসক ই এম দিব নালাগে, আমি ধৰ্মনাৰায়ন দাসক ই এম দিম।

সভাত অংশ গ্ৰহণ কৰি সদ্য বিপিএফৰল ত্যাগী নেতা তথা  ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিত দৈমাৰীয়ে কয় যে এইবাৰৰ নিৰ্বাচন কোনো নেতাৰ নিৰ্বাচন নহয়, কোনো ৰাজনৈতিক দলৰ নিৰ্বাচন নহয়। এইবাৰৰ নিৰ্বাচন ৰাইজৰ নিৰ্বাচন। বিটিচিৰ উন্নয়ন হব লাগিলে বিটিচিত এখন নতুন চৰকাৰৰ প্ৰয়োজন। নতুন চৰকাৰ হব লাগিলে বিজেপি দলৰ চৰকাৰ হব লাগিব।

বিপিএফ দলৰ বিৰুদ্ধে অধিক সৰৱ হৈ  দৈমাৰীয়ে লগতে কয় যে বিপিএফ দলৰ কোনো নীতি নিয়ম নাই, বিটিচিবাসী ৰাইজৰ আশা আকাংক্ষা পুৰণত চূড়ান্ত ভাবে ব্যৰ্থ হৈছে হাগ্ৰামা মহিলাৰী। সেয়ে এইবাৰ হাগ্ৰামাক উৎখাত কৰি বিজেপি দলক কোকৰাঝাৰত বহুৱাব লাগিব বুলি মন্তব্য কৰে।

সভাত উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টীৰ সম্পাদক ডাঃ ৰাজদ্বীপ ৰয়ে কয় যে  বিপিএফ দল সম্প্ৰতি ভ্ৰষ্টাচাৰত নিমজ্জিত হৈছে। সেয়ে বিজেপি দলে বিপিএফক  এৰি দিবলৈ বাধ্য হৈছে। আমাৰ কাষত নেতা আছে, নীতি আছে আৰু নিয়ম আছে। আৰু সেয়ে সৰ্বস্তৰৰ ৰাইজে বিজেপিক আঁকোৱালি লৈছে।

সভাত তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীয়েও ভাষণ ৰাখি এইবাৰ বিটিচিত বিজেপি দলে পৰিষদ গঠন কৰাটো নিশ্চিত বুলি মন্তব্য কৰে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm
৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd