DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মন্থৰ গতিত নিৰ্মাণ হৈ আছে কাজিৰঙাক সুৰক্ষা দিব পৰা মথাউৰি, বুজ ল’লে জল সম্পদ মন্ত্ৰীয়ে

উত্তম শইকীয়া by উত্তম শইকীয়া
May 26, 2021 7:24 pm
Cyclone Yaas likely to hit Assam, Meghalaya
271
VIEWS
Share on FacebookShare on Twitter

বোকাখাত মহকুমাৰ বংকোৱালৰ পৰা মৰিয়াহোলা হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় জাপৰিপথাৰ লৈকে প্ৰসাৰিত মথাউৰিটোৰ নিৰ্মাণ কাৰ্য আজি পৰিদৰ্শন কৰে জল সম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

এচিয়ান ডেভিলপমেন্ট বেংকৰ অৰ্থ সাহায্যৰে নিৰ্মাণ কৰি থকা মথাউৰিটোৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই আগন্তুক বানপানীৰ সময়ত হ’ব পৰা সমস্যাৰ বিষয়ে স্থানীয় বিষয়া আৰু ঠিকাদাৰৰ সৈতে নিৰ্মাণস্থলীতে মত বিনিময় কৰে ৷

প্ৰায় ৩০০ কোটিটকীয়া এই বিলাসী প্ৰকল্পটোৰ কাম ২০১৯ চনৰে পৰাই চলি আছে ৷
মথাউৰিৰ বাবে মাটি অধিগ্ৰহণ প্ৰক্ৰিয়া, ক্ষতিপূৰণ প্ৰদানত হোৱা সমস্যা, ক্ষতিপুৰণ সন্দৰ্ভত স্থানীয় সংগঠনৰ প্ৰতিবাদ আদিৰ লগতে মথাউৰি নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা মাটিৰ বাবেও মথাউৰি নিৰ্মাণ কাৰ্যত অহা স্থবিৰতাৰ বুজ লয় মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

প্ৰকল্পটোৰ বাবে বন বিভাগ আৰু বিভিন্ন বিভাগৰ সৈতে হোৱা আলোচনাত মথাউৰি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটি সমীপৰ কাৰ্বি পাহাৰৰ পৰা অনা অনুমতি দিয়া হৈছিল যদিও সম্প্ৰতি কাৰ্বি আংলং জিলাত হোৱা বন ধ্বংস আৰু পাহাৰ কটা সম্পৰ্কত আৰোপিত নিষেধাজ্ঞাৰ পিচত মাটিৰ নাটনিৰ বাবেও স্থবিৰ হয় এই মথাউৰিৰ নিৰ্মাণ কাৰ্য ৷

আজি নিৰ্মাণস্থলীত হোৱা আলোচনাত জল সম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই অচিৰেই কাৰ্বি আংলং জিলাৰ বন বিভাগৰ সৈতে আলোচনা কৰিব বুলি মন্তব্য কৰে আৰু নিৰ্মাণ কাৰ্য ক্ষীপ্ৰ কৰিবৰ বাবে জল সম্পদ বিভাগ আৰু ঠিকাদাৰক নিৰ্দেশ দিয়ে ৷

মন কৰিব লগীয়া যে এচিয়ান ডেভিলপমেন্ট বেংকৰ অৰ্থ সাহায্যৰে নিৰ্মাণ কৰা এই মথাউৰিটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুৱ সীমা আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ তৃতীয় সংযোজনো স্পৰ্শ কৰিছে ৷
পুৰণি মথাউৰিক সম্প্ৰসাৰণ আৰু প্ৰসাৰিত কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জাপৰি পথাৰ আৰু ডিফলু পথাৰৰ কৃষিভূমিক বানৰ পৰা ৰক্ষা কৰাৰ বাবেই এই অভিলাষী প্ৰকল্প হাতত লোৱা হৈছে ৷

বংকোৱালৰ পৰা অহা এই মথাউৰিয়ে জাপৰিপথাৰ হৈ বৰজুৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথত লাগিবগৈ ৷ যাৰ বাবে জাপৰি পথাৰ, ডিফলু পথাৰৰ যাতায়ত উন্নত হোৱাৰ উপৰি চোৰাংচিকাৰ নিয়ন্ত্ৰনত কাজিৰঙাৰ কৰ্তৃপক্ষকো উপকৃত কৰিব ৷

Recent News

WhatsApp আহিছে নতুন ফিচাৰঃ হোৱাটছএপ অনলাইন হৈ থাকিলেও আনে নাপাব গম

WhatsApp আহিছে নতুন ফিচাৰঃ হোৱাটছএপ অনলাইন হৈ থাকিলেও আনে নাপাব গম

এতিয়া অসমত বানপানীৰ পৰিবেশ; বানপানীৰ সময়ত লবলগীয়া সজাগতামূলক কথাবোৰ আপুনি জানেনে?

এতিয়া অসমত বানপানীৰ পৰিবেশ; বানপানীৰ সময়ত লবলগীয়া সজাগতামূলক কথাবোৰ আপুনি জানেনে?

COVID19-1-750x375

BA.2.75 নতুন ৰূপত কোভিড! দেশৰ ১০ খন ৰাজ্যত কোভিডৰ অমিক্ৰন প্ৰজাতিৰ নতুন উপ-প্ৰজাতি চিনাক্ত

Hiren Gohain

গণতন্ত্ৰৰ জয়যাত্ৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd