ৰাজ্যত দিনক দিনে বৃদ্ধি হ’বলৈ ধৰিছে নাৰী নিৰ্যাতনৰ ঘটনা ৷
এনে সময়তে পুনৰ মাটিয়াত সংঘটিত হৈছে জঘন্য ধৰ্ষণৰ ঘটনা ৷
এজন লোকৰ কামনাৰ বলি হ’ল এগৰাকী নাবালিকা ৷
আৰক্ষীৰ জালত ধৰ্ষণকাৰী ইছমাইল হুছেইন ৷
প্ৰথমে মোবাইলত ভিডিঅ দেখুওৱাৰ চলেৰে ফুচুলাই অশ্লীল ভিডিঅ’ দেখুৱাই কণমানি জনীক ধৰ্ষণ কৰে লোকজনে ৷
সেই সময়তে ধৰ্ষিতা নাবালিকা গৰাকীৰ মাতৃয়ে ঘৰত উপস্থিত হৈ স্বচক্ষে সকলো প্ৰত্যক্ষ কৰে৷
লগে লগে মাটিয়া আৰক্ষীক খবৰ দিয়ে আৰু এক গোচৰো ৰুজু কৰে ৷
ঘটনা সন্দৰ্ভত মাটিয়া আৰক্ষীয়ে ইতিমধ্যে ধৰ্ষণকাৰী লম্পট ইছমাইল হুছেইন (৪৭)ক কৰায়ত্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
ইফালে ধৰ্ষণকাৰীয়ে যাতে উচিত শাস্তি পায় আৰু লগতে লম্পটটোৰ ফাঁচীৰো দাবী কৰে ভুক্তভোগী পৰিয়ালটোৱে ৷