আমেৰিকাৰ মিচিচিপি ৰাজ্যত সংঘটিত এক হৃদয়বিদাৰক ঘটনাই সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২৪ বছৰীয়া এজন যুৱকে নিজ পৰিয়ালৰ সদস্য আৰু শিশুসহ মুঠ ছজন লোকক গুলীয়াই নিৰ্মমভাৱে হত্যা কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্ত ডাৰিকা এম. মূৰে শুকুৰবাৰে নিশা তিনিটা ভিন্ন স্থানত এই হত্যাকাণ্ড সংঘটিত কৰে। নিহতসকলৰ ভিতৰত আছে অভিযুক্তৰ নিজ পিতৃ, ভাতৃ, ককাক, এটি সাত বছৰীয়া শিশু আৰু গীৰ্জাৰ এজন পাষ্টৰ তথা তেওঁৰ ভাতৃ।
আৰক্ষীৰ তথ্য অনুসৰি, মূৰে প্ৰথমে জেকচন চহৰৰ পৰা প্ৰায় ১২৫ মাইল উত্তৰ-পূবত অৱস্থিত এটা গ্ৰাম্য অঞ্চলত নিজ পিতৃ ৬৭ বছৰীয়া গ্লেন মূৰ, ভাতৃ ৩৩ বছৰীয়া কুইণ্টন মূৰ আৰু ককাক ৫৫ বছৰীয়া উইলি এড গিন্সক গুলীয়াই হত্যা কৰে।
ইয়াৰ পিছত তেওঁ ভাতৃৰ এখন ট্ৰাক চুৰি কৰি কেইমাইলমান দূৰত্বত থকা এজন আত্মীয়ৰ বাসগৃহলৈ যায়। তাত তেওঁ জোৰকৈ প্ৰৱেশ কৰি যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰ লগতে এটি সাত বছৰীয়া শিশুক গুলীয়াই হত্যা কৰে। প্ৰত্যক্ষদৰ্শীৰ মতে, অভিযুক্তই আন এটি শিশুৰ মূৰত বন্দুক থৈ গুলীচালনা কৰিবলৈ চেষ্টা কৰিছিল যদিও বন্দুকটো নচলাৰ বাবে শিশুটি কথমপি ৰক্ষা পৰে।
উন্মত্ত মূৰে ইয়াৰ পিছতে নিকটৱৰ্তী ‘এপষ্টোলিক চাৰ্চ অৱ দ্য লৰ্ড জিছুছ’ নামৰ গীৰ্জা এখনৰ বাসগৃহত প্ৰৱেশ কৰি ৰেভাৰেণ্ড বেৰী ব্ৰেডলি আৰু তেওঁৰ ভাতৃ চেমুৱেল ব্ৰেডলিক গুলীয়াই হত্যা কৰে। তাৰ পৰা তেওঁলোকৰ এখন বাহন লৈ তেওঁ পলায়ন কৰে।
ক্লে কাউণ্টীৰ শ্বেৰিফ এডি স্কটে শনিবাৰে এখন সংবাদমেলত কয় যে “এয়া অতি দুৰ্ভাগ্যজনক যে এজন পৰিয়ালৰ সদস্যই নিজৰ পৰিয়ালৰ লোককেই হত্যা কৰিলে। এটা সাত বছৰীয়া শিশুক হত্যা কৰিবলৈ মানুহৰ মনত কেনে বিকৃত মানসিকতা থাকিব পাৰে, সেয়া কল্পনাতীত। এই জঘন্য কাৰ্যৰ আঁৰৰ কাৰণ জানিবলৈ আমি তদন্ত অব্যাহত ৰাখিছোঁ।”
আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ হাতত এটা ৰাইফল আৰু এটা হেণ্ডগান আছিল বুলি জানিব পৰা গৈছে। এই অস্ত্ৰসমূহ তেওঁ ক’ৰ পৰা সংগ্ৰহ কৰিছিল, সেই সন্দৰ্ভত তদন্ত চলি আছে। এই ভয়ংকৰ ঘটনাই পুনৰবাৰ আমেৰিকাত বৃদ্ধি পোৱা বন্দুক হিংসাৰ গুৰুত্বপূৰ্ণ সমস্যাটোক পোহৰলৈ আনিছে।





