• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নামে-বেনামে আপত্তি দাখিলেৰে সংখ্যালঘুৰ নাম এন আৰ চিৰ পৰা বাদ পেলোৱাৰ ষড়যন্ত্ৰ চলিছে : নুৰুল হুদা

অনিৰ্বান পাঠক by অনিৰ্বান পাঠক
May 7, 2019 6:03 pm
07-05-19 Guwahati- MLA Nurul Huda press conference (1)

বিধায়ক নুৰুল হুদা। ফটো : য়ু বি

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী-আপত্তি সমূহৰ শুনানি গ্ৰহণ হৈ থকাৰ সময়ত একাংশ ‘ভূৱা আপত্তি’ দাখিল হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ‘ভূৱা আপত্তি’ৰে প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি থকাৰো অভিযোগ বৰ্তমান চৰ্চিত হৈ আছে।

মঙলবাৰে এই সন্দৰ্ভত সৰৱ হয় ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা। দিচপুৰৰ বিধায়ক আৱাসত এখন সংবাদমেল অনুষ্ঠিত কৰি বিধায়ক হুদাই এন আৰ চিৰ দ্বিতীয় খচৰাত নাম অন্তৰ্ভূক্ত হোৱা ভাৰতীয় নাগৰিকৰ বিৰুদ্ধে নামে-বেনামে আপত্তি দাখিল কৰি হাৰাশাস্তি দিয়া বুলি মন্তব্য কৰে। লগতে আপত্তি দাখিল কৰা অধিকাংশ লোকেই এতিয়া পলাই থকা বুলিও মন্তব্য কৰে।

Apply Now

বিধায়ক গৰাকীয়ে ধৰ্মীয় তথা ভাষিক সংখ্যালঘু প্ৰকৃত ভাৰতীয় লোকৰ বিৰুদ্ধে এটা ৰাতিৰ ভিতৰত নামে-বেনামে লাখ লাখ আপত্তি দাখিল হোৱাৰ প্ৰসংগ উত্থাপন কৰি এয়া এক ভয়ংকৰ ষড়যন্ত্ৰ আছিল বুলি মন্তব্য কৰে। লগতে আপত্তি দাখিল কৰা সকলৰ বেছিভাগেই শুনানিত উপস্থিত নথকা বুলি উল্লেখ কৰি তেওঁলোকক পলাই ফুৰা বুলি অভিহিত কৰে।

‘’আপত্তি দাখিল কৰা লোক যদি সোশৰীৰে শুনানিত উপস্থিত থাকিব নোৱাৰে তেনে লোকৰ আপত্তিৰ ভিত্তিত শুনানি অনুষ্ঠিত কৰা হৈছে কিয়? কোনোবাই আপত্তি দিলে বুলিয়েই পৰীক্ষা নিৰীক্ষা নকৰাকৈ এজন ভাৰতীয় লোকক হাৰাশাস্তি কৰিব সেয়া সংবিধান পৰিপন্থী। আক্ৰোশমূলকভাৱে ধৰ্মীয় তথা ভাষিক সংখ্যালঘুসকলৰ নাম এন আৰ চিৰ পৰা বাদ পেলোৱাৰ বাবে এয়া এক ষড়যন্ত্ৰ।‘‘

হুদাই এই ষড়যন্ত্ৰত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক গৰাকীৰো সহযোগ থকা বুলি অভিযোগ কৰে।

তেওঁ লগতে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা প্ৰাক্ স্বাধীনতা কালৰ অসমৰ প্ৰধান মন্ত্ৰী চাৰ চৈয়দ চাদুল্লাৰ সময়ৰ বিধায়ক ওচমানি সদাগৰৰ পুত্ৰ আব্দুল হাইৰ লগতে তেওঁৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে কোনো অপৰিচিত লোকে আপত্তি দাখিল কৰা বিষয়টোও উত্থাপন কৰে।

উল্লেখ্য যে, ইয়াৰ আগতে আমছুৱে কোকৰাঝাৰ জিলাত দাখিল হোৱা একাংশ ভূৱা আপত্তিৰ তথ্য ফাদিল কৰিছিল। কোকৰাঝাৰৰ দুজন ব্যক্তিয়ে এবছুৰ একাংশ স্থানীয় কৰ্মীয়ে জোৰ জৱৰদস্তি তেওঁলোকৰ চহী লৈ জিলাখনৰ একাংশ ব্যক্তিৰ বিৰুদ্ধে আপত্তি দাখিল কৰা বুলি শপতনামা দাখিল কৰাৰ কথা আমছুৱে সদৰী কৰিছিল।

ইয়াৰ পৰৱৰ্তী সময়ত সোমবাৰে অসম ৰাজ্যিক জমিয়ত উলেমায়ো নামে-বেনামে এন আৰ চিৰ আপত্তি দাখিল হোৱাৰ কথা এক সংবাদমেলযোগে অভিযোগ আনিছিল।

ইপিনে, দাবী-আপত্তিৰ নিষ্পত্তিৰ বাবে শুনানি কেন্দ্ৰ সমুহ বহু দূৰৈত হোৱাকলৈও অসন্তুষ্টি প্ৰকাশ কৰে বিধায়ক নুৰুল হুদাই। ইয়াৰ ফলত সাধাৰণ লোকৰ যথেষ্ট শ্ৰম, অৰ্থ আৰু সময় ব্যয় কৰিবলগীয়া হোৱা বিষয়টোও তেওঁ উত্থাপন কৰে। লগতে নিজৰ অঞ্চলৰ এন আৰ চি সেৱা কেন্দ্ৰতে শুনানিৰ সুবিধা প্ৰদানৰো দাবী জনায়।

অনিৰ্বান পাঠক

অনিৰ্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd