ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ৰাজ্যত ল’কডাউন চলি থকা কাৰণে চাহবাগিচা সমূহৰ কাম-কাজ বন্ধ হৈ আছিল।
লকডাউনৰ মাজতে বিভিন্ন জিলাত প্ৰশাসনৰ অনুমতি মৰ্মে চাহ বাগিচা সমূহৰ কিছু কাম-কাজ আৰম্ভ হৈছে।
যোৰহাট জিলাতো জিলা প্রশাসনৰ নিৰ্দেশনা অনুসৰি চাহ বাগিচাৰ কাম আৰম্ভ হৈছে।
যোৰহাটৰ মৰিয়নী বিধানসভা সমষ্টিতো ক্ষুদ্ৰ আৰু কোম্পানীৰ চাহ বাগিচা সমূহত প্ৰশাসনে বান্ধি দিয়া নীতি-নিৰ্দেশনা পালন কৰি চাহ পাত তোলাৰ পৰা আৰম্ভ কৰি সকলো কাম আৰম্ভ হৈছে।
চাহ বাগিচা সমূহত কাম-কাজ আৰম্ভ হোৱাৰ পাছতে চাহ শ্ৰমিক সকলক বাগিচাই বাগিচাই গৈ ক’ৰ’না ভাইৰাচৰ ভয়াবহতা সম্পৰ্কে সজাগ কৰা কামত ব্যস্ত হৈ পৰিচে বিধায়ক ৰূপজ্যোতি কুৰ্মী।
চাহ বাগিচা সমূহ ভ্ৰমণ কৰি বিধায়ক কুৰ্মীয়ে চাহ শ্ৰমিক সকলক সজাগ কৰাৰ লগতে শ্ৰমিক সকলক প্ৰয়োজনীয় মাস্ককে ধৰি অন্যান্য সামগ্ৰী সমূহ যোগান ধৰিছে নে নাই সেই সম্পৰ্কে পৰিস্থিতিৰ বুজ লৈছে।
কুৰ্মীয়ে মৰিয়নী বিধানসভা সমষ্টিৰ চৈকতা, খেৰুকটিয়া, সোণোৱাল, হাতীজুৰি, দিহিঙীয়াপাৰা, হেমলাই আদি চাহ বাগিচা ভ্ৰমণ কৰি শ্ৰমিক সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে সামাজিক দূৰত্ব মানি চলি কেনেদৰে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস কৰিব পৰা যায় সেই সম্পৰ্কে সজাগ কৰে।





