• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনপ্ৰিয় অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ চুক্তি বাতিল কৰিলে বৰদৈচিলা থিয়েটাৰ কৰ্তৃপক্ষই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 21, 2019 7:08 pm
index

শুকুৰবাৰে সংবাদমেলত অভিনেত্ৰী প্ৰাঞ্জনা দত্ত। ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯-২০ বৰ্ষৰ বাবে চুক্তিবদ্ধ হোৱা ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ চুক্তি বাতিল কৰিলে বৰদৈচিলা থিয়েটাৰ কৰ্তৃপক্ষই। বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলামে অভিনেত্ৰীগৰাকীৰ সৈতে চুক্তি বাতিল কৰে।

এই সন্দৰ্ভত অভিনেত্ৰী প্ৰাঞ্জনা দত্তই শুকুৰবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত এক সংবাদ মেল সম্বোধন কৰি কান্দোনত ভাগি পৰে। তেওঁ কয়,”মোৰ এই সংবাদ মেল ভ্ৰাম্যমাণ থিয়েটাৰৰ বিৰুদ্ধে নহয়, ভ্ৰাম্যমাণ থিয়েটাৰৰ সপক্ষেহে মোৰ এই সংবাদমেল।”

Apply Now

তদুপৰি, বিগত সাত বছৰৰ বিৰতিৰ পাছত যোৱা বর্ষৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰত পুনৰ আত্মপ্ৰকাশ কৰিছিল বুলি সংবাদমেলত তেওঁ জনায়।

সেই অনুসৰি যোৱা বর্ষৰ হেঙুল থিয়েটাৰত থকাৰ পাছত ২০১৯-২০ নাট্যবর্ষৰ বাবে আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী বৰদৈচিলা থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছিল অভিনেত্ৰীগৰাকী।

কিছুদিনৰ পূৰ্বে থিয়েটাৰখনৰ এইবর্ষৰ দুখন নাটকৰ ফটো, ভিডিঅ’ ইতিমধ্যে শ্বুট কৰা হৈছিল বুলি তেওঁ সংবাদমেলত জনায়।

“তাৰে এখন নাটকৰ ভিডিঅ আৰু ফটো শ্বুট কৰোতে মোৰ কোনো আপত্তি নাছিল।কাৰণ মই ফটো আৰু ভিডিঅ’ শ্বুট কৰোতে বুজি পাইছিলোঁ নাটক খনৰ চৰিত্ৰতো কেনেকুৱা হ’ব। কিন্তু অন্যখন নাটকৰ ফটো আৰু ভিডিঅ’ শ্বুট কৰোতে মোৰ অলপ আপত্তি আছিল। কাৰণ মই সেই নাটক খনৰ বাবে ফটো আৰু ভিডিঅ শ্বুট কৰোতে বুজি পোৱা নাছিলোঁ নাটকখনৰ চৰিত্ৰতো কি হ’ব,’’-দত্তই ঘটনাৰ সৱিশেষ দাঙি ধৰি কয়।

তেওঁ লগতে কয়, ‘’কিন্তু ভিডিঅ’ আৰু ফটো শ্বুট কৰোতে এটা কথা অনুমান কৰিছিলোঁ যে নাটকখনৰ চৰিত্ৰতো পূৰ্বৰ বছৰ হেঙুল থিয়েটাৰত কৰি অহা এখন নাটকৰ সৈতে কিছু মিল থকা। তাৰ পাছতে নাটকখনৰ চৰিত্ৰতো বুজি উঠা বাবে পৰিচালকক নাটকখনৰ স্ক্ৰিপ্ট বিচৰা হ’ল।কিন্তু পৰিচালকে নাট্যকাৰক নোসোধাকৈ স্ক্ৰিপ্ট দিব নোৱাৰো বুলি জনালে। লগতে জনালে যে পূৰ্বতে ভ্ৰাম্যমাণত স্ক্ৰিপ্ট কোনেও বিচৰা নাই। প্ৰথম ময়েই হেনো বিচাৰিছোঁ।”

ইপিনে, অভিনেত্ৰী প্ৰাঞ্জনা দত্তই সংবাদমেলত জনায়, “পূৰ্বতে ভ্ৰাম্যমাণ থিয়েটাৰত ভৱেশ বৰুৱা আৰু হেমন্ত দত্তই স্ক্ৰিপ্ট পঢ়ি চাবলৈ দিছিল। তাৰ বাবে মই স্ক্ৰিপ্ট পঢ়ি নোচোৱাকৈ বিশেষকৈ মই মোৰ নিজৰ চৰিত্ৰতো বুজি নুঠাকৈ ফটো আৰু গানৰ শ্বুট কৰাৰ বাবে আগ্ৰহী নাছিলোঁ। কাৰণ মই এটা কথা জানো চৰিত্ৰতো সততা আৰ দৃঢ়তাৰে কৰিব লাগিব।দর্শক সকলে মোৰ অভিনয় চাবৰ বাবে আহিব। মই মোৰ চৰিত্ৰতো ফুটাই তুলিব লাগিব।সেই বাবে মই বুজি নোপোৱা চৰিত্ৰটোৰ স্ক্ৰিপ্টখন বিচাৰিছিলোঁ।”

আনহাতে, তাৰ পাছত দুটা দিন ফটো শ্বুট আৰু ভিডিঅ শ্বুট বন্ধ আছিল বুলি সদৰী কৰি প্ৰাঞ্জনা দত্তই কয়,”যোৱা ১২জুনত নাট্যগোষ্ঠীৰ পৰা মোক যোগাযোগ কৰি ভেলালৈ মাতি পঠালে। তাত যোৱা পাছত মোক স্ক্ৰিপ্টটো পঢ়ি চাবলৈ দিলে।”

তাৎপৰ্যপূৰ্ণ ভাৱে চৰিত্ৰতো পঢ়ি তেওঁ জানিবলৈ দিলে যে পূৰ্বৰ বর্ষত তেওঁ হেঙুল থিয়েটাৰত কৰি অহা এখন নাটকৰ সৈতে বৰদৈচিলা থিয়েটাৰত এইবর্ষত তেওঁ কৰিব লগা নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ মহীয়সী নাটকখনৰ ৯০% সাদৃশ্য আছে।

অৱশ্যে হেঙুলত তেওঁ অভিনয় কৰা নাটকখনৰ নাম প্ৰকাশ কৰাৰ পৰা বিৰত থাকে যদিও এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে নাটকখনৰ নামটো আছিল “মীৰাবাই”।

আনহাতে, উক্ত নাটকৰ সৈতে সাদৃশ্য থকা বুলি অভিনেত্ৰীগৰাকীয়ে দাবী কৰাত তেওঁক সাদৃশ্য বিচাৰি উলিয়াবলৈ বৰদৈচিলা কৰ্তৃপক্ষই কয়।

“মোক সাদৃশ্য থকা চৰিত্ৰসমূহ উলিয়াই দিবলৈ ক’লে। সেই কথা মানি মই তাতে প্ৰায় ২৯টাকৈ সংলাপৰ সাদৃশ্য উলিয়াই দিলো। তাৰ পাছত প্ৰদীপ দাস নামৰ এগৰাকী নাট্যগোষ্ঠীৰ লগত জড়িত থকা ব্যক্তিক সাদৃশ্য সমূহ দেখোৱাত তেওঁ মোৰ সৈতে একমত হ’ল। তাৰ পৰৱৰ্তী সময়ত প্ৰদীপ দাসে মিল থকা সংলাপ সমূহ নাট্যকাৰক দেখুৱাবৰ বাবে লৈ গ’ল,”-সংবাদমেলত অভিনেত্ৰীগৰাকীয়ে কয়।

ইয়াৰ দুদিনৰ পাছত বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলামে অভিনেত্ৰী প্ৰাঞ্জনা দত্তক কোনো কাৰণতে নাটক সলনি নহয় বুলি ফোনযোগে জনোৱাৰ উপৰিও দত্তই কি সিদ্ধান্ত লয় জনাব লাগে বুলি তেওঁক কয়।

ফোনটো পোৱাৰ পাছত অভিনেত্ৰী গৰাকীয়ে প্ৰয়োজক নজৰুল ইছলামৰ পৰা দুদিন সময় বিচাৰিলে। কিন্তু অভিনেত্ৰী গৰাকীয়ে সন্তানৰ স্বাস্থ্য সংক্রান্তীয় কাৰণত উক্ত দুদিন তেওঁৰ সিদ্ধান্ত জনাব নোৱাৰাত তিনিদিনৰ পাছত প্ৰয়োজকে নাট্যগোষ্ঠীৰ পৰা দুজন প্ৰতিনিধি অভিনেত্ৰী গৰাকীৰ ঘৰলৈ পঠিয়ায়। তাৰ পাছতে প্ৰতিনিধি দুজনে বৰদৈচিলাৰ নাট্যগোষ্ঠীৰ সৈতে থকা তেওঁৰ চুক্তি বাতিল হৈছে বুলি দত্তক জনায়।

সেই খবৰ পোৱাৰ লগে লগে অভিনেত্ৰী প্ৰাঞ্জনা দত্তই প্ৰযোজক ইছলামলৈ ফোন কৰাত তেওঁ কয়, “তুমি যথেষ্ট সময় ল’লা। ফটো শ্বুট আৰু ভিডিঅ’ ৰেকৰ্ডিঙৰ কাম কৰাৰ বাবে আমাৰ পলম হৈছে। তাৰ বাবে তোমাৰ লগত চুক্তি বাতিল কৰা হৈছে।‘’

প্রয়োজক গৰাকীৰ পৰা এনে উত্তৰ পোৱাৰ পাছত অভিনেত্ৰী গৰাকীয়ে প্ৰযোজকগৰাকীৰ পৰা জানিব বিচাৰে যে আনুষ্ঠানিকভাৱে কৰা চুক্তি এখন এনেদৰে ভংগ হ’ব পাৰে নেকি? তেতিয়া প্ৰযোজক নজৰুল ইছলামে কয়,”আজি কালি এনেদৰেই ভংগ হয় চুক্তি”।

সংবাদমেলত অভিনেত্ৰী প্ৰাঞ্জনা দত্তই দর্শকসকলক উদ্দেশ্যি কয়, “মই বৰদৈচিলা থিয়েটাৰত থাকিম বুলি জানি যি সকলে ২০১৯-২০বর্ষৰ বাবে ইতিমধ্যে বুকিং কৰিছে সেই সকলে মোক ক্ষমা কৰি দিব। এই বর্ষত মই বৰদৈচিলাৰ সৈতে নাই।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd