• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সংসদৰ গুৰুত্বপূৰ্ণ বিতৰ্কৰ পৰা আঁতৰি শিলচৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰধান মন্ত্ৰী : গৌৰৱ গগৈ

আজি সংসদত কাশ্মীৰত ৰাষ্ট্ৰপতিৰ শাসন আৰু ৰাফেল বিমান ক্ৰয়ৰ আলোচনা চলি আছিল : গৌৰৱ গগৈ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , January 4, 2019 11:09 pm

2 min read

Gourav Gogoi

সংবাদমেল দি গৌৰৱ গগৈ। ৪ জানুৱাৰিত ৰাজীৱ ভৱনত।

499
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে লোকসভাৰ শীতকালীন অধিৱেশনত দুটাকৈ গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হৈছিল। অথচ তাৰ পৰা নিজকে আঁতৰাই ৰাখি প্ৰধান মন্ত্ৰী মোদীয়ে বৰাক উপত্যকাৰ শিলচৰৰ নিৰ্বাচনী প্ৰচাৰসভাত অংশ লোৱা বুলি অভিযোগ তুলিছে সাংসদ গৌৰৱ গগৈয়ে।

গৌৰৱ গগৈয়ে জানিবলৈ দিয়ে যে শীতকালীন অধিৱেশন চলি থকা সংসদৰ মজিয়াত কালি কাশ্মীৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা আৰু ৰাফেল বিমান কেলেংকাৰি –এই বিষয় দুটা আলোচনা চলি আছিল। দেশখনৰ দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সংসদত আলোচনা-বিতৰ্ক হৈছিল। আলোচনাৰ সময়ত দেশৰ মুৰব্বী হিচাপে প্ৰধান মন্ত্ৰীগৰাকী উপস্থিত থাকি তাৰ উত্তৰ দিব লাগিছিল বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰে।

“যোৱাকালি কাশ্মীৰত যি ৰাষ্ট্ৰপতিৰ শাসন চলিল আৰু দেশজুৰি বিতৰ্ক হোৱা ৰাফেল বিমানৰ কেলেংকাৰিৰ সন্দৰ্ভত আলোচনা হৈ আছিল। তাৰ উত্তৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিব লাগিছিল।” আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছে আয়োজন কৰা এখন সংবাদমেলত সাংসদজনে কয়। ইয়াৰ বাবে মোদীৰ চৰকাৰখনক দায়িত্ববোধহীন আখ্যা দিয়ে গগৈয়ে।

“তেওঁ আন যিকোনো এটা দিনত শিলচৰৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব পাৰিলেহেঁতেন”, সাংসদ গগৈয়ে কয়।

আনহাতে বিজেপিক মিছা কথাৰ ভঁৰাল বুলিও কয় গৌৰৱ গগৈয়ে। “যোৱা নিৰ্বাচনৰ সময়তে বৰাকলৈ গৈ তেওঁলোকে মহা চড়ক কৰি দিম বুলি কৈছিল, কিন্তু ক’ত মহা চড়ক হ’ল।”

“মেইক ইন ইণ্ডিয়াৰ কথা কয়। আজি কাছাৰ কাগজ কল, নগাওঁ কাগজকল বন্ধ হৈ পৰিছে। কাগজ কল দুটাৰ বাবে তেওঁলোকৰ একো নীতি নাই। বাৰম্বাৰ টোপ দি থাকে পেকেজ আহিব, পেকেজ আহিব বুলি। তেওঁলোকে পেকেজতে থাকিব। তেওঁলোকৰ পেকেজ হ’ল মিছা কথাৰ পেকেজ। পেকেট অব লাইজ (মিছা কথা ভঁৰাল)।” মোদীক কটাক্ষ কৰি কয় গগৈয়ে।

“আজি তেওঁলোকে অসম চুক্তিৰ ৬ নং দফাৰ বাবে কিমিটীৰ কথা কৈছে, সেইটোও এটা মিছা কথা, নাগৰিকত্ব সংশোধনী বিধেয়কৰ জেপিচিৰ কথাটোও মিছা কথা।” গগৈৰ দাবী।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ বছৰৰ পৰা কেৱল উন্নয়ন হ’ব হ’ব কৈ আহিছে, কিন্তু পেকেজ কাৰ্য্যকৰী কৰাৰ সময়টো এতিয়ালৈকে অহা নাই বুলিও গগৈয়ে কয়।

“বৰাকৰ মানুহ আৰু ব্ৰহ্মপুত্ৰৰ মানুহে গম পাই গৈছে মোদীৰ মিছা প্ৰতিশ্ৰুতিৰ কথা।” গৌৰৱ গগৈয়ে কয়।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd