• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘তৃতীয় কাৰ্যকাল সমাপ্ত হোৱাৰ পূৰ্বেই ভংগ হ’ব পাৰে মোদী চৰকাৰ’; ৰাহুল গান্ধীৰ পূৰ্বানুমানত অস্বস্তিত বিজেপি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2024 1:13 pm
198
VIEWS
Share on FacebookShare on Twitter

ৰাহুল গান্ধীৰ এক সাক্ষাৎকাৰে জোকাৰণি তুলিছে দেশৰ ৰাজনীতিত। লগতে কঁপনি তুলিছে শাসকীয় বিজেপিৰ অন্তৰ্ভাগত। উল্লেখ্য যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ৰাহুল গান্ধীয়ে এক সংবাদ পত্ৰত সাক্ষাৎকাৰ দিয়ে। উক্ত সাক্ষাৎকাৰতত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ তৃতীয়খন চৰকাৰখন চলি থাকিবলৈ যথেষ্ট সংগ্ৰাম কৰিব লাগিব বুলি ভৱিষ্যদ্বাণী কৰে।

ভাৰতীয় ৰাজনৈতিক পৰিবেশত ৰাজনৈতিক কৌশলৰ পৰিৱৰ্তন হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব বুলি দাবী কৰিছে বিৰোধী নেতা ৰাহুল গান্ধীয়ে।

২০১৪ চনত মোদীয়ে ক্ষমতা দখল কৰাৰ পাছত প্ৰথমবাৰৰ বাবে শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছে। ফাইনেন্সিয়েল টাইমছক দিয়া প্ৰথম সাক্ষাৎকাৰত গান্ধীয়ে কয়, ‘ভাৰতীয় ৰাজনীতিত পৰিৱৰ্তন ঘটিছে।

যোৱা সপ্তাহত মোদীয়ে শপত গ্ৰহণ কৰি জৱাহৰলাল নেহৰুৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। কিন্তু ভাৰতীয় ৰাজনৈতিক বিশ্লেষকসকলে তেওঁৰ মিত্ৰজোঁটৰ স্থিতিশীলতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আনকি মোদীৰ তৃতীয়খন চৰকাৰ যোৱা এটা দশকৰ ভিতৰত আটাইতকৈ দুৰ্বল চৰকাৰ হ’ব বুলিও কোৱা হৈছে। কাৰণ বিজেপিয়ে ক্ষমতাত তিষ্ঠি থাকিবলৈ সৰু সৰু মিত্ৰ দলৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হৈছে।

উল্লেখ্য য়ে, নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতৃত্বত বিৰোধী INDIA মিত্ৰজোঁটে পূৰ্বানুমানতকৈ বহু ভাল প্ৰদৰ্শন কৰে। ৰাহুল গান্ধীয়ে দাবী কৰে যে মোদীৰ শিবিৰৰ ভিতৰত বৃহৎ অসন্তুষ্টিৰ সৃষ্টি হৈছে আৰু তেওঁৰ শিবিৰত আমাৰ সৈতে যোগাযোগত থকা লোক আছে।

বিজেপিয়ে নিৰ্বাচনী প্রচাৰত ঘৃণাৰ বীজ সিঁচি দিছিল আৰু তাক লৈ বিজেপিৰ সহযোগী দলসমূহে সন্তুষ্ট নহয়৷ দেশৰ জনতাৰ দৰেই অনেক ৰাজনৈতিক দলেই বিভেদ আৰু ঘৃণাৰ ৰাজনীতি পচন্দ নকৰে। দেশৰ জনতায়ো বিজেপিৰ বিভেদকামী আৰু ঘৃণাৰ ৰাজনীতি প্রত্যাখ্যান কৰিছে। সেয়া নিৰ্বাচনী ফলাফলতে প্রকট হৈছে বুলিও দাবী কৰে ৰাহুল গান্ধীয়ে। সেয়ে বিজেপিৰ মিত্ৰ দলসমূহক লগত লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰ বৰ্তাই ৰখাটো কঠিন হ’ব বুলি ভৱিষ্যদ্ববাণী কৰিছে ৰাহুল গান্ধীয়ে।অৱশ্যে ৰাহুল গান্ধীৰ এই ভৱিষ্যদ্ববাণী কিমান শুদ্ধ হয় সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ’ব।

Recent News

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

আহমেদাবাদত বিমান দুৰ্ঘটনাৰ পাছত এয়াৰ ইণ্ডিয়াৰ তিনি বিষয়াক অপসাৰণৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd