জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে দেশৰ এখনকৈ বিশ্ববিদ্যালয়লৈ যাব কেন্দ্ৰীয় চৰকাৰৰ কোনো এজন মন্ত্ৰী। ‘ৱান ডে, ৱান ইউনিভাৰ্চিটি’ নামেৰে এই নতুন কাৰ্যসূচী আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। এই কাৰ্যসূচীৰ জৰিয়তে মন্ত্ৰীসকলে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে বৈঠক কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সৈতেও পোনপটীয়াকৈ মত বিনিময় কৰিব।
ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যা, দাবী আৰু পৰামৰ্শ শুনাৰ ওপৰতো গুৰুত্ব দিয়া হ’ব। বিশ্ববিদ্যালয় ভ্ৰমণৰ পিছত মন্ত্ৰীসকলে প্ৰস্তুত কৰা প্ৰতিবেদনৰ ভিত্তিত শিক্ষামন্ত্ৰালয়ে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। চৰকাৰৰ লক্ষ্য হৈছে দেশৰ যুৱ সমাজৰ সৈতে অধিক ঘনিষ্ঠভাৱে যোগাযোগ স্থাপন কৰা।
চৰকাৰী সূত্ৰৰ মতে, বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশী আৰু ক্ৰীড়া তথা যুৱ কল্যাণ মন্ত্ৰী মনসুখ মান্ডাভিয়াক এই কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত আন কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে সমন্বয় কৰাৰ দায়িত্ব দিয়া হৈছে।
দিল্লীৰ যন্তৰ মন্তৰসহ দেশৰ বিভিন্ন স্থানত ককৰোচ জনতা পাৰ্টিৰ আহ্বানত যুৱ আৰু ছাত্ৰ সমাজৰ বৃহৎ অংশৰ অংশগ্ৰহণে চৰকাৰক চিন্তিত কৰি তুলিছে বুলি চৰকাৰী সূত্ৰই জনাইছে। এই পৰিস্থিতিত জেন-জি আৰু দেশৰ যুৱ সমাজৰ সৈতে চৰকাৰৰ যোগাযোগ অধিক শক্তিশালী কৰাৰ বিভিন্ন উপায় সন্দৰ্ভত আলোচনা চলি আছিল। তাৰেই অংশ হিচাপে ‘ৱান ডে, ৱান ইউনিভাৰ্চিটি’ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
দেশত বৰ্তমান বিশ্ববিদ্যালয় আৰু সমমানৰ উচ্চশিক্ষা প্ৰতিষ্ঠানৰ সংখ্যা প্ৰায় ১,৩০০খন। ইয়াৰ ভিতৰত ৫৭খন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু ৫২২খন ৰাজ্যিক বিশ্ববিদ্যালয় আছে। মোদী চৰকাৰৰ পৰিকল্পনা অনুসৰি, বিশ্ববিদ্যালয়কে ধৰি এই প্ৰায় ১,৩০০খন উচ্চশিক্ষা প্ৰতিষ্ঠানৰ মাজৰ কোনো এখনলৈ প্ৰতিদিনে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ এজন যাব আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিব।





