• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰঝাৰ বিমান বন্দৰৰ পিছত মোদীয়ে ব্যক্তিগতখণ্ডক দিবলৈ ওলাইছে অসমৰ কেইবাখনো তৈলক্ষেত্ৰ

অষ্টলক্ষ্মী উত্তৰ-পূবৰ ৰাজহুৱা সম্পদ কাঢ়ি ব্যক্তিগত খণ্ডক গতোৱাৰ ষড়যন্ত্ৰ মোদী চৰকাৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 19, 2018 11:34 am

2 min read

OIL Tender

অইলে জাৰি কৰা টেণ্ডাৰ

1.3k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবক অষ্টলক্ষ্মী বুলি ভবা মোদী চৰকাৰে অসমৰ সম্পদবিলাকৰ এটাৰ পিছত আন এটা ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ কৌশল অব্যাহত ৰাখিছে। অলপতে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো ব্যক্তিগত খণ্ডক গতাই দিয়াটো নিশ্চিত কৰাৰ পিছত এইবাৰ অসমৰ তৈলক্ষেত্ৰসমূহ গতাই দিবলৈ ওলাইছে।

জানিব পৰামতে, কেন্দ্ৰৰ মোদী চৰকাৰে ইতিমধ্যে অসমৰ ৭খন তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে। আৰু এই ক্ষেত্ৰত অসমৰ জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে শাসন বিচৰা বিজেপি চৰকাৰখনে মৌন সন্মতি আগ বঢ়াইছে।

মন কৰিব লগীয়া যে কেন্দ্ৰৰ বিজেপি চৰকাৰখনে ইতিপূৰ্বে অইল ইণ্ডিয়া লিমিটেডৰ দুখনকৈ তৈলক্ষেত্ৰ ব্যক্তিগতখণ্ডক গতাই থৈছে। কিন্তু এতিয়া পুনৰ অইল ইণ্ডিয়াৰ অধীনত থকা আন ৬খন তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অইল ইণ্ডিয়া লিমিটেডৰ অধীনত থকা এই ৭খন তৈলক্ষেত্ৰ হ’ল- মৰাণ-ডিব্ৰুগড় সম্প্ৰসাৰণৰ হালধিবাৰী, মাধকালী, মৰাণ সম্প্ৰসাৰণৰ দক্ষিণ ৰাজগড়, উমাতৰা আৰু বাঘজান তৈলক্ষেত্ৰৰ দিচৈজান।

ইতিপূৰ্বে ইয়াৰ বাবে নিবিদা আহ্বান কৰা হৈ গৈছে। নিবিদা দাখিলৰ অন্তিম সময়সীমা ২০১৯ চনৰ ১৮ জানুৱাৰি।

আনহাতে এই ৫খন তৈল ক্ষেত্ৰৰ উপৰি অইল ইণ্ডিয়া লিমিটেডেও সুকীয়াকৈ ইয়াৰ অধীনৰ ২খন তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতোৱাৰ আন এটা ষড়যন্ত্ৰৰ কথা পোহৰলৈ আহিছে। ৰাজহুৱা খণ্ডৰ কোম্পানিটোৱে ইয়াৰ নিবিদা নং CDG9977L19 –ৰ যোগে যোৰাজান আৰু টেঙাখান ইষ্টাৰ্ন এছেট তৈলক্ষেত্ৰ দুখন অধিক উৎপাদনৰ অজুহাতত ব্যক্তিগত খণ্ডক দিবলৈ বিচাৰিছে। ইতিপূৰ্বে ইয়াৰ বাবে নিবিদা আহ্বান কৰা হৈছে।

ইণ্ডিয়ান অইল ৱৰ্কাৰ্ছ য়ুনিয়নৰ প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰ আৰু অইল ইণ্ডিয়াৰ এনে অসমবিৰোধী তথা ৰাজহুৱা খণ্ডৰ প্ৰতিকূল সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অইলৰ অন্যতম শ্ৰমিক সংগঠন ইণ্ডিয়ান অইল ৱৰ্কাৰ্ছ য়ুনিয়ন চমুকৈ আই অ’ ডব্লিউ।

ব্যক্তিগত খণ্ডৰ হাতত তৈলক্ষেত্ৰ গতাই দিলে ইয়াৰ কৰ্মচাৰীসকলে সন্মুখীন হ’ব পৰা জটিল পৰিস্থিতিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে সংগঠনটোৱে। কেন্দ্ৰীয় চৰকাৰ আৰু অইলৰ এই ষড়যন্ত্ৰক সংগঠনটোৱে তীব্ৰ ভাষাৰে ধিক্কাৰ দিয়াৰ লগতে ইয়াৰ বিৰুদ্ধে এক বৃহৎ গণ আন্দোলনৰ সিদ্ধান্ত লৈছে।

অইল শ্ৰমিক য়ুনিয়নৰ সভাপতি ৰাজীৱ দিহিঙীয়া আৰু ভাৰপ্ৰাপ্ত সম্পাদক ভাস্কৰজ্যোতি বড়োই তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ দিয়া ন’হব বুলি সকীয়াই দিয়ে। এই সংকটৰ সময়ত অইল ইণ্ডিয়া লিমিটেডৰ সকলো শ্ৰমিক সংগঠনকে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনাইছে নেতা দুজনে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd