বিশ্বৰ চালক বিহীন ৰে’ল চলোৱা দেশসমূহৰ ইলাইট গ্ৰুপত অনতৰ্ভূক্ত হ’ল ভাৰত।
আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ প্ৰথম খন চালক বিহীন ৰে’ল দেশৰ নামত উচৰ্গা কৰে।
আজি নতুন দিল্লীৰ মেজেণ্টা অঞ্চলত মোডীয়ে দিল্লী মেট্ৰ’ৰ প্ৰথম খন চালক বিহীন ৰে’ল আনুষ্ঠানিক ভাবে মুকলি কৰে।
চালক বিহীন ৰে’ল মুকলি কৰি মোদীয়ে কয় যে দেশে এতিয়া প্ৰযুক্তিৰ শীৰ্ষ বিন্দু চুমিবলৈ সক্ষম হৈছে।
তেওঁ কয় যে কিছু বছৰ আগলৈকে প্ৰযুক্তিৰ উন্নয়নত বিশেষ কোনো গুৰুত্ব আৰোপ কৰা হোৱা নাছিল।
কিন্তু এতিয়াৰ চৰকাৰে প্ৰযুক্তিৰ ব্যৱহাৰ কৰি দেশবাসীৰ জীৱন অধিক আৰামদায়ক কৰি তোলাৰ বিষয়ত গুৰুত্ব দিছে।
তেওঁ লগতে কয় যে দিল্লীৰ দৰে দেশৰ বিভিন্ন প্ৰান্তত মেট্ৰ’ৰে’ল চলোৱাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।
চালক বিহীন ৰে’লৰ লগতে দিল্লী মেট্ৰ’ত শেহতীয়াকৈ এনচিএমপি কাৰ্ড প্ৰচলন কৰা হৈছে।
এই কাৰ্ডেৰে ৰে’ল-বাছৰ ভাড়াও দিব পাৰি আৰু এটিএম কাৰ্ডৰ দৰে ইয়াৰে টকাও তুলিব পাৰি।
দেশত মেট্ৰ’ ৰে’ল সেৱা প্ৰৱৰ্তন কৰাৰ বিষয়ত প্পয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে যোগাই যোৱা অৱদানকো মোদীয়ে শ্ৰদ্ধাৰে সোঁৱৰে।





