• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2026 8:03 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত ভয়ংকৰ বানপানীৰ পৰিস্থিতিয়ে হাজাৰ হাজাৰ পৰিয়ালক বিপৰ্যস্ত কৰি তোলাৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকা লৈ ৰাজনৈতিক মহলত নতুনকৈ বিতৰ্কৰ সৃষ্টি হৈছে। বিশেষকৈ উজনি অসমৰ কেইবাখনো জিলাত বানৰ তাণ্ডৱে জনজীৱন স্তব্ধ কৰি দিয়াৰ পিছতো প্ৰধানমন্ত্ৰীয়ে ব্যক্তিগতভাৱে ৰাজ্যখন ভ্ৰমণ নকৰাত বিভিন্ন মহলৰ পৰা প্ৰশ্ন উত্থাপন হৈছে।

বিগত কেইসপ্তাহ ধৰি অসমৰ বিস্তীৰ্ণ অঞ্চলত বানৰ ফলত বাসগৃহ, কৃষিভূমি, পথ-দলং, শিক্ষানুষ্ঠান আৰু চৰকাৰী সম্পত্তিৰ ব্যাপক ক্ষতি হৈছে। বহু পৰিয়াল এতিয়াও আশ্ৰয় শিবিৰত দিন কটাই আছে। এনে পৰিস্থিতিত কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যখনৰ কাষত থিয় হোৱাৰ প্ৰয়োজন আছিল বুলি বহু লোকে মত প্ৰকাশ কৰিছে। সমালোচকসকলৰ মতে, নিৰ্বাচনী প্ৰচাৰৰ সময়ত অসমক বিশেষ গুৰুত্ব দিয়া দেখা গ’ল যদিও সংকটৰ সময়ত সেই একেই সক্ৰিয়তা দেখা নগ’ল।

Apply Now

প্ৰধানমন্ত্ৰীয়ে বানপীড়িত অঞ্চলৰ পৰিস্থিতিৰ মূল্যায়নৰ বাবে কেন্দ্ৰীয় প্ৰতিনিধি বা দল পঠিয়াইছে যদিও, ৰাজ্যৰ একাংশ নাগৰিক আৰু বিৰোধী মহলে যুক্তি আগবঢ়াইছে যে এনে ভয়াবহ দুৰ্যোগৰ সময়ত প্ৰধানমন্ত্ৰীৰ নিজে উপস্থিত থাকিলে বানাক্ৰান্তসকলৰ মনোবল বৃদ্ধি পালেহেঁতেন। তেওঁলোকৰ মতে, কেৱল চৰকাৰী প্ৰতিনিধি প্ৰেৰণ কৰাতেই দায়িত্ব শেষ নহয়; দেশৰ শীৰ্ষ নেতৃত্বই দুৰ্যোগপীড়িত লোকৰ সৈতে প্রত্যক্ষভাৱে সাক্ষাৎ কৰাটোও সমান গুৰুত্বপূৰ্ণ।

অসমত চলি থকা এই পৰিস্থিতিৰ মাজতে ৰাজ্যিক NSUI-য়ে শুকুৰবাৰে গুৱাহাটীৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৱে গণেশগুৰি, খানাপাৰা আৰু খ্ৰীষ্টানবস্তি অঞ্চলৰ ফুট অভাৰব্ৰীজত বেনাৰ লগাই সাব্যস্ত কৰে। তেওঁলোকৰ এই কাৰ্যসূচীৰ মূল লক্ষ্য আছিল বানপানীৰ সময়ত প্ৰধানমন্ত্ৰীৰ অনুপস্থিতিৰ বিৰুদ্ধে ৰাজহুৱাভাৱে অসন্তোষ প্ৰকাশ কৰা।

প্ৰতিবাদত ব্যৱহাৰ কৰা এখন বেনাৰত লিখা আছিল যে অসমৰ বানপানীৰ সংকটৰ সময়ত প্ৰধানমন্ত্ৰী “সন্ধানহীন” হৈ আছে আৰু যদি কোনোবাই তেওঁৰ সন্ধান পায় তেন্তে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। আন এখন বেনাৰত ইংৰাজীত লিখা হৈছিল, “The 56 inch image is missing where courage is needed most for Assam.” সংগঠনটোৱে ইয়াৰ জৰিয়তে কঠিন সময়ত নেতৃত্বৰ উপস্থিতি আৰু সাহসিক ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ চেষ্টা কৰে।

আন এখন বেনাৰত “For Modi A for Assam , A for Avoidance ” বুলি লিখি সংগঠনটোৱে প্ৰধানমন্ত্ৰীৰ পূৰ্বৰ “A for Assam” মন্তব্যক লক্ষ্য কৰি ৰাজনৈতিক কটাক্ষ কৰে। NSUI-ৰ মতে, নিৰ্বাচনৰ সময়ত অসমক লৈ উচ্চাৰিত প্ৰতিশ্ৰুতি আৰু বক্তব্যসমূহ দুৰ্যোগৰ সময়ত বাস্তৱ পদক্ষেপত প্ৰতিফলিত হোৱা দেখা নাযায়।

সংগঠনটোৱে লগতে অভিযোগ কৰে যে বানৰ ফলত বিপুল ক্ষয়ক্ষতি সংঘটিত হোৱাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে অসমৰ বাবে কোনো বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰা নাই। তেওঁলোকৰ দাবী, এনে বৃহৎ দুৰ্যোগৰ সময়ত ৰাজ্যখনৰ পুনৰ্নিৰ্মাণ, কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী আৰু গৃহহীন পৰিয়ালসমূহৰ পুনৰ্বাসনৰ বাবে কেন্দ্ৰৰ পৰা অধিক সক্ৰিয় সহায়ৰ প্ৰয়োজন।

উল্লেখযোগ্য যে, অসমৰ বান সমস্যা নতুন নহয়। প্ৰায় প্ৰতিবছৰেই ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহৰ বাঢ়নিৰ ফলত লাখ লাখ লোক ক্ষতিগ্ৰস্ত হয়। জলবায়ু পৰিৱৰ্তন, অতিবৃষ্টি, নদীৰ গৰাখহনীয়া আৰু জলব্যৱস্থাপনা সম্পৰ্কীয় দীৰ্ঘদিনীয়া সমস্যাই এই সংকটক অধিক জটিল কৰি তুলিছে। বিশেষজ্ঞসকলে বহুদিন ধৰি কেৱল তাৎক্ষণিক সাহায্যৰ পৰিৱৰ্তে স্থায়ী বান নিয়ন্ত্ৰণ ব্যৱস্থা, নদী ব্যৱস্থাপনা আৰু দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।

এই পৰিপ্ৰেক্ষিতত NSUI-য়ে দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি পুনৰ প্ৰশ্ন উত্থাপন কৰি কয় যে অসমৰ দৰে পুনৰাবৃত্তিমূলক দুৰ্যোগৰ সন্মুখীন হোৱা ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় নেতৃত্বই অধিক সংবেদনশীল আৰু সক্ৰিয় ভূমিকা পালন কৰা উচিত। সংগঠনটোৰ মতে, কেৱল সহানুভূতিৰ বাৰ্তা প্ৰেৰণ কৰাতকৈ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন, ক্ষয়ক্ষতিৰ প্ৰত্যক্ষ মূল্যায়ন আৰু বিশেষ সহায় পেকেজ ঘোষণা কৰাটোৱেই ৰাজ্যবাসীৰ প্ৰত্যাশা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

August 7, 2026 8:03 pm
কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

August 7, 2026 7:47 pm
বিজেপি প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীৰ অবৈধ প্ৰেম, ন্যায় বিচাৰি ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীক গোচৰ ভুক্তভোগী পত্নীৰ

বিজেপি প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীৰ অবৈধ প্ৰেম, ন্যায় বিচাৰি ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীক গোচৰ ভুক্তভোগী পত্নীৰ

August 7, 2026 6:22 pm
বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

August 7, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

August 7, 2026 8:03 pm
কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

August 7, 2026 7:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd