DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত জুই জ্বলাই বৰাকৰ হিন্দু বাঙালীক মোদীৰ নিৰ্বাচনী টোপ : ৰিপুণ বৰা

বৰাকৰ জ্বলন্ত সমস্যা, কাছাৰ কাগজ কলৰ দৰে সমস্যাৰ বিষয়ে একো ন'কলে মোদীয়ে : পৱন সিং ঘাটোৱাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 4, 2019 7:50 pm
Ripun Bora

ৰাজীৱ ভৱনত সংবাদমেল দি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। ৪ জানুৱাৰিত।

276
VIEWS
Share on FacebookShare on Twitter

আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে শিলচৰলৈ অহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ শীঘ্ৰেই গৃহীত হ’ব বুলি কোৱাৰ পিছত সংবাদমেল দি তীব্ৰ প্ৰতিক্ৰিয়া কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মোদীয়ে অসমত জুই জ্বলাই বৰাকৰ হিন্দু বাঙালীক মোদীৰ নিৰ্বাচনী টোপ দিয়া বুলি অভিযোগ কৰে।

“মোদীয়ে অসমত জুই জ্বলাবলৈ আহিল আৰু নিৰ্বাচনী টোপ দিলে হিন্দু বাংলাদেশী সকলক। ললিপপ খুৱালে তেওঁলোকক। ভোটবেংকৰ স্বাৰ্থতে এইবোৰ কথা কৈছে মোদীয়ে।” ৰিপুণ বৰাই কয়।

“বিধেয়ক গৃহীত হ’বলৈ বহু সময়ৰ প্ৰয়োজন। গতিকে ‘শীঘ্ৰেই বিলখন গৃহীত তথা অনুমোদন দিব’ বুলি কোৱাটো টোপ। সঁচা অৰ্থত জেপিচিয়ে ৭ জানুৱাৰিত সংসদত প্ৰতিবেদন দাখিল কৰিবহে। ইপিনে ৮ জানুৱাৰিত লোকসভাৰ অধিৱেশন শেষ হ’ব। কেনেকৈ এদিনতে বিলখনত অনুমোদন জনাব?” সভাপতি বৰাৰ প্ৰশ্ন।

আনহাতে মোদীয়ে ভাষণত অসমৰ কোনো ধৰণৰ উন্নয়নৰ কথা ন’কলে বুলি অভিযোগ কৰে ৰিপুণ বৰাই। কাছাৰ কাগজ কলৰ বিষয়েও একো ন’ কলে ভাষণত। কাগজ কলৰ কৰ্মচাৰীয়ে দৰমহাৰ বাবে আন্দোলন কৰিব লগীয়া হৈছে। “অসমত ইমান দাবী উঠি থকা সত্ত্বেও ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগও উত্থাপন নকৰিলে।” সভাপতি বৰাই সংবাদমেলত লগতে কয়।

“মুঠতে অসমৰ মূল ইচ্ছ্যু এটায়ো মোদীৰ ভাষণত স্থান নাপালে। পুনৰ মিছা কথাৰে প্ৰতিশ্ৰুতি দিহে গ’ ল মোদীয়ে।”

‘উদ্যোগ নীতিও বন্ধ কৰি দিলে’ বুলি কৈ তেওঁ মোদীক প্ৰশ্ন কৰে, “অসমৰ উন্নয়ন কিদৰে কৰিব?”

তাৰোপৰি ৰিপুণ বৰাই কয়, “মোদীয়ে আগৰটো নিৰ্বাচনৰ আগে আগে বৰাকতে ‘ডিটেইনশ্যন কেম্প ভাঙি দিম’ বুলি কৈছিল। কিন্তু নিৰ্বাচনৰ পাছত বিদেশী বুলি বহু লোকক তাত ভৰাই হাৰাশাস্তি কৰিলে।”

উল্লেখযোগ্য যে আজি মোদীৰ ভাষণৰ প্ৰত্যুত্তৰ দিবলৈ ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলখনত ৰিপুন বৰাৰ উপৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু সাংসদ গৌৰৱ গগৈও উপস্থিত আছিল।

সংবাদমেলত পৱন সিং ঘাটোৱাৰে কয়, বৰাকৰ জ্বলন্ত সমস্যাৰ বিষয়ে একোৱেই ন’কলে। তৈলক্ষেত্ৰ আৰু কাছাৰ কাগজ কলৰ দৰে সমস্যাৰ কথা নুলিয়ালেই।

বিধায়ক ৰকিবুল হুছেইনে কয়, এপিনে নাগৰিকত্ব বিলৰ দ্বাৰা বিদেশীক সংস্থাপন দিব, আনপিনে অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰী কৰিব, য’ত অসমীয়াৰ সাংবিধানিক সুৰক্ষা কৱচ দিব বিচাৰিছে। দুয়োটা স্ববিৰোধ কথা। তেওঁলোকে নিজে নাজানে কি কৰিব বিচাৰিছে। তেওঁলোকে ভয় খাইছে গতিকে তেওঁলোক এতিয়া কনফিউজড।”

Recent News

HS Result 2022

উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত শিৱসাগৰৰ সাফল্য: ৰাজ্যৰ ভিতৰত স্থান লাভ তিনিগৰাকীৰ

HS result-2022: কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা; শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান

HS result-2022: কলা শাখাত ৫ম স্থানত শুৱালকুছিৰ মধুস্মিতা; শিৱসাগৰৰ শলগুৰিৰ দেৱীস্তুতিৰ দশম স্থান

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd