• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মিছা কথাৰে ভৰপূৰ মোদীৰ স্বাধীনতা দিৱসৰ ভাষণ : ৰিপুন বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 17, 2018 8:41 pm
119
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ১৫ আগষ্টত লালকিল্লাত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীক সম্বোদ্ধি দিয়া ভাষণত মিছা কথাৰে আভুৱা ভাঁৰিলে বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

এই সংক্ৰান্তত বৃহস্পতিবাৰে তেওঁ সংবাদমাধ্যমৰ আগত কয়, ‘বিজেপি চৰকাৰে প্ৰণয়ন কৰা স্বচ্ছ ভাৰত অভিযানৰ ফলত ৩ লাখ শিশুৰ প্ৰাণ ৰক্ষা পৰা বুলি বিশ্ব সাস্থ্য সংস্থাই প্ৰতিবেদন প্ৰকাশ কৰা বুলি মোদীয়ে কোৱা কথাটো সত্য নহয়।’ বৰঞ্চ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত এই কথাহে কোৱা হৈছে যে যদি ‘২০১৯ চনৰ অক্টোবৰ মাহলৈকে স্বচ্ছ ভাৰত অভিযান ১০০ শতাংশ সাৰ্থক কৰিব পাৰে তেতিয়াহে ৩ লাখ শিশুক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিব যাব।’

তদুপৰি ১৩ কোটি জনতাক মুদ্ৰা ঋণ দিয়া হোৱা বুলি মোদীয়ে ভাষণত কৰা দাবী সম্পূৰ্ণ সত্য নহয় বুলি উল্লেখ কৰি বৰাই কয়, ‘ইণ্ডিয়া টুডেই মুদ্ৰা ঋণৰ ওপৰত কৰা আৰ চি আইৰ তথ্যত প্ৰকাশ পোৱা অনুসৰি ১৩ কোটি জনতাক প্ৰদান কৰা মুদ্ৰা ঋনৰ ৯৩ শতাংশ লোকে ৫০ হাজাৰ টকাৰ তলত ঋণ পাইছে।’

এনেধৰণেই প্ৰধান মন্ত্ৰী মোদীয়ে স্বাধীনতা দিৱসৰ দৰে পবিত্ৰ দিনত মিছা কথা কৈ দেশবাসীক বিপথে পৰিচালিত কৰিছে বুলিও কয় ৰিপুন বৰাই।

তেওঁ আৰু কয়, ‘কংগ্ৰেছ চৰকাৰৰ দিনত আটাইতকৈ কম বৈদ্যুতিকৰণ হৈছিল বুলি মোদীয়ে কোৱা কথাটো সম্পূৰ্ণ মিছা। কংগ্ৰেছৰ দিনত প্ৰত্যেক বছৰে ১২ হাজাৰৰো অধিক গাওঁ বৈদ্যুতিকৰণ হৈছিল, তাৰ বিপৰীতে বিজেপি চৰকাৰৰ চাৰে চাৰিবছৰীয়া শাসনকালত বছৰে ৪৬০০ গাঁওহে বৈদ্যুতিকৰণ হৈছে।’

আনহাতে, প্ৰধান মন্ত্ৰীগৰাকীৰ ভাষণে দেশবাসীক নিৰাশ কৰা বুলি মন্তৱ্য কৰি ৰিপুন বৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘চীনে ডোকলামত যি উত্তেজনাৰ সৃষ্টি কৰিছে অথবা পাকিস্তানে জন্মু-কাশ্মীৰত যি ভাবুকি আনিছে, সেই কথা মোদীয়ে সাহসেৰে ভাষণৰ মাজত এবাৰলৈও ন’কলে।’

তদুপৰি ‘বিমুদ্ৰাকৰণে পেলোৱা প্ৰভাব সম্পৰ্কেও তেওঁ একো নকলে, কাৰণ জলজল-পট পটকৈ ওলাই পৰিছে যে বিমুদ্ৰাকৰণে দেশৰ অৰ্থনীতি কেনেকৈ ধ্বংশ কৰিছে।’- বৰাই কয়।

তদুপৰি দেশৰ অৰ্থনীতি যে সাংঘাটিকভাৱে অৱনমিত হৈছে যাৰ ফলত প্ৰথমবাৰৰ বাবে ভাৰতীয় টকাৰ মূল্য আমেৰিকান ডলাৰৰ তুলনাত আটাইতকৈ সৰ্বনিম্ন হৈছে বুলি উল্লেখ কৰি বৰাই কয় যে এই কথা প্ৰধান মন্ত্ৰীয়ে তেওঁৰ ভাষণত উল্লেখ নকৰি পলায়নবাদী মনোভাব গ্ৰহণ কৰিছে।

আনহাতে, মোদীৰ ভাষণত দেশত সংঘটিত হোৱা ১৫৬ টা দলবদ্ধ হত্যাকাণ্ডৰ কথাই স্থান নোপোৱাত ক্ষোভ প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয়, ‘মোদীয়ে ভাষণৰ মাজত এই প্ৰসংগ উল্লেখ কৰাৰ লগতে নিয়ন্ত্ৰণ কৰাৰ আশ্বাস দিব বুলি দেশবাসীয়ে আশা কৰিছিল।’ কিন্তু ‘বহুতো আৰ এছ এছৰ লোক দলবদ্ধ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ বাবেই মোদীয়ে দলবদ্ধ হত্যাকাণ্ডৰ প্ৰসংগ ভাষণত উত্থাপন নকৰিলে।’ বুলি তেওঁ কয়।

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd